...

পত্নীক হত্যা কৰিলে স্বামীয়ে!

Spread the love

পত্নীক হত্যা কৰিলে স্বামীয়ে!

লোমহৰ্ষক হত্যাকাণ্ড তীব্ৰ চাঞ্চল্য

চাইন অন ডেস্ক:

গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত সিধাবাৰী গাঁৱত যোৱানিশা এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হয় ।স্বামীৰ হাতত প্ৰাণ গ’ল পত্নীৰ ,প্ৰেমবিবাহৰ কৰুণ পৰিণতি, হত্যাকাৰী স্বামীয়ে দিলে বিস্ফোৰক স্বীকাৰোক্তি। জানিব পৰা মতে সিধাবাৰী ২য় খণ্ডৰ বাসিন্দা আব্দুৰ ৰহমানে বহু বছৰ পূৰ্বে ইটা ভাটাত কাম কৰি থকাৰ সময়তে কমলা খাতুনৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলি বিবাহপাশত আৱদ্ধ হৈছিল। দীৰ্ঘদিন ধৰি সংসাৰ কৰি থকাৰ মাজতেই যোৱা নিশা চেহেৰীৰ সময়ত পৰিয়ালৰ লোকে কমলাক মাতিবলৈ গৈ তেওঁৰ মৃতদেহ প্ৰত্যক্ষ কৰাত হুলস্থূল লাগে।স্থানীয় লোকৰ আগত অভিযুক্ত আব্দুৰ ৰহমানে নিজ পত্নীক হত্যা কৰা বুলি স্বীকাৰোক্তিও দিয়ে যদিও হত্যাৰ কাৰণ ব্যক্ত কৰা নাই।হয়তো আৰক্ষীৰ তদন্তৰ অন্তত ফাদিল হ’ব এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য।

Leave a Reply

Your email address will not be published. Required fields are marked *