...

দুদিনীয়া কাৰ্যসূচীৰে আজি ডিব্ৰুগড়লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

Spread the love

দুদিনীয়া কাৰ্যসূচীৰে আজি ডিব্ৰুগড়লৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন

 

নিৰ্বাচনৰ পূৰ্বে ডিব্ৰুগড়ত প্ৰথমবাৰলৈ বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন

চাইন অন ডেস্ক:

দুদিনীয়া কাৰ্যসূচীৰে আজি ডিব্ৰুগড়ত উপস্থিত হ’ব বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। ডিব্ৰুগড় আৰু তিনিচুকীয়াত অনুষ্ঠিত হ’বলগীয়া কেইবাটাও সাংগঠনিক কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে উজনি অসম ভ্ৰমণলৈ আহিব নীতিন নবীন। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ ভ্ৰমণসূচী সন্দৰ্ভত সংবাদমেল অনুষ্ঠিত কৰে ৰাজ্যিক বিজেপিৰ সভাপতি দীলিপ শইকীয়াই। ডিব্ৰুগড় মানকটা পূজা ফিল্ডত অনুষ্ঠিত কৰা সংবাদমেলত দীলিপ শইকীয়াই জানিবলৈ দি কয় যে, দুদিনীয়া ভ্ৰমণসূচীৰে আজি ডিব্ৰুগড়ত উপস্থিত হ’ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন। নীতিন নবীনৰ এই ভ্ৰমণে বিজেপিৰ সাংগঠনিক আৰু ৰাজনৈতিক দিশত অত্যন্ত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। পোন প্ৰথমবাৰ ৰাষ্ট্ৰীয় সভাপতি দায়িত্ব পোৱাৰ পাছত অসমলৈ আহিব নীতিন নবীন। এই ভ্ৰমণৰ সময়ছোৱাত মন্ত্ৰী-বিধায়ক, সাংসদ, মণ্ডল, বুথ আদি পৰ্যায়ৰ কৰ্মীসকলৰ সৈতে মত-বিনিময় কৰিব নীতিন নবীনে। ২১ হাজাৰ পৃষ্ঠাপ্ৰমুখসকলক লৈ অনুষ্ঠিত হ’বলগীয়া পৃষ্ঠাপ্ৰমুখ সন্মিলনত মণ্ডল, জিলা, ৰাজ্যিক, বিভিন্ন মৰ্চাৰ কাৰ্যকৰ্তাসকলকে ধৰি প্ৰায় ২৩ হাজাৰ কাৰ্যকৰ্তাৰ উপস্থিত থাকিব। ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাষ্ট্ৰীয় উপ-সভাপতি তথা অসম বিধানসভা-২০২৬ৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্ত পাণ্ডা, ৰাজ্যিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যসভাৰ সাংসদ, লোকসভাৰ সাংসদ, মন্ত্ৰী আৰু বিধায়কসকল উপস্থিত থাকিব। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই লগতে কয় যে, নিৰ্বাচনৰ পূৰ্বে প্ৰথমখন পৃষ্ঠাপ্ৰমুখ সন্মিলন ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব। অৱশ্যে পৰৱৰ্তী সময়ত জিলা বা সমষ্টিভিত্তিত অনুষ্ঠিত হ’ব বিজেপিৰ পৃষ্ঠাপ্ৰমুখ সন্মিলন। সাংগঠনিক দৃষ্টিকোণেৰে পৃষ্ঠাপ্ৰমুখসকলক উৎসাহিত কৰা, বুথৰ তৃণমূল পৰ্যায়ত ৬০ গৰাকী ভোটাৰৰ সৈতে কিদৰে সম্পৰ্ক স্থাপন কৰিব, নিৰ্বাচনৰ দিনা ভোটাৰ শতাংশ কিদৰে বৃদ্ধি কৰিব পাৰিব সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে। ১.৪৫ বজাত ডিব্ৰুগড় বিমানবন্দৰত উপস্থিত হ’বলগীয়া নীতিন নবীনক বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দলে আঁদৰণি জনাব। খনিকৰ চাৰিআলিৰ পৰা বিশাল ৰে’লীৰে ডিব্ৰুগড় মানকটা খেলপথাৰলৈ আঁদৰি লৈ আনিব দলীয় কাৰ্যকৰ্তাসকলে। আনহাতে বিয়লি ৫ বজাত ডিব্ৰুগড় জিলা পুঁথিভড়ালত জিলাখনৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত নাগৰিকসকলৰ সৈতে প্ৰবুদ্ধ সন্মিলনত অংশ ল’ব। ২৬’ৰ নিৰ্বাচনক লৈ প্ৰকাশ কৰিবলগীয়া বিজেপিৰ সংকল্প পত্ৰৰ বাবে প্ৰবুদ্ধ নাগৰিকসকলৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা হ’ব। তদুপৰি কেন্দ্ৰীয় বাজেটে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক কিদৰে উপকৃত কৰিব সেই সম্পৰ্কে বক্তব্য প্ৰদান কৰিব। বিয়লিৰ ভাগত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, লক্ষীমপুৰ, মাজুলী, যোৰহাট, ধেমাজি বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে বৈঠক অনুষ্ঠিত হ’ব। ইয়াৰ উপৰি বিভিন্ন ব্যক্তিক সাক্ষাৎ কৰি সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰিব নীতিন নবীনে। আনহাতে ১৯ ফেব্ৰুৱাৰীত তিনিচুকীয়ালৈ ৰাওনা হ’ব নীতিন নবীন। পুৱাৰ ভাগত তিনিচুকীয়া জিলাৰ বাৰেকুৰী বৰনামঘৰত উপস্থিত হ’ব। বৰনামঘৰত সেৱা জনোৱাৰ লগতে কীৰ্তনতো কিছু সময়ৰ বাবে অংশগ্ৰহণ কৰিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিজনে। ইয়াৰ পাছতে গুইজানত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ মৈদামত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলী জনাব। এই কাৰ্যসূচী সামৰি পুনৰ উভতিব ডিব্ৰুগড়লৈ। মনোহাৰী চাহ বাগিচাত অনুষ্ঠিত হ’বলগীয়া ২৩১ নং বুথ সমিতিৰ সভাত অংশগ্ৰহণ কৰিব নীতিন নবীনে। উল্লেখ্য যে, সংবাদমেলত মন্ত্ৰী প্ৰশান্ত ফুকন, বিমল বৰা, ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, সম্পাদক পুলক গোহাঁই, লক্ষ্য কোঁৱৰ আদিয়ে উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *