গৌৰৱ গগৈয়ে অসমৰ উন্নয়নৰ ৰাজনীতিৰ প্লা’ছ এতিয়াও বুজি পোৱা নাইঃ দিলীপ শইকীয়া
অখিল গগৈকো তীব্র সমালোচনা বিজেপিৰ ৰাজ্যিক সভাপতিৰ
১৮ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ৰ এক বিশাল জনসভাত অংশ গ্রহণ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন
চাইন অন ডেস্ক:
ডিব্ৰুগড়ত অহা ১৮ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব এক বিশাল জনসভা। য’ত উপস্থিত থাকিব ভাৰতীয় জনতা পাটিৰ ৰাষ্ট্ৰীয় সমিতিৰ সভাপতি মাননীয় নীতিন নবীন। সেই সম্পর্কে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি ডিব্রুগড়ত উপস্থিত হৈ মানকটা চাহ বাগিচাৰ খেলপথাত এখন পর্যালোচনা সভাত অংশ গ্রহণ কৰে। পর্যালোচনা সভাত অংশ গ্রহণ কৰি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই সকলো দিশ তন্ন তন্নকৈ পর্যালোচনা কৰে। পর্যালোচনাৰ অন্তত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত তেখেতে কংগ্ৰেছ তথা বিৰোধী দলৰ নেতা গৌৰৱ গগৈ আৰু অখিল গগৈক তীক্ষ্ণ ভাষাৰে সমালোচনা কৰে। সংবাদ মাধ্যমক সম্বোধন কৰি তেখেতে পুনৰ কয় যে, কালি দেশৰ যশস্বী প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শুভ উদ্ধোধন কৰা উত্তৰ-পূৱৰ এক মাত্র ইএল এফ (ELF) ব সন্দৰ্ভত কৰা মন্তব্য অত্যন্ত নেতৃবাচক বুলি মত প্রকাশ কৰে। লগতে সভাপতি গৰাকীয়ে সমালোচনা কৰি কয় যে, কংগ্ৰেছ দল আৰু বিৰোধী নেতাসকলৰ অসমৰ উন্নয়নৰ প্ৰতি অকমানো সংবেদশীলতা নাই আৰু তেওঁলোকে অসমৰ উন্নয়ন নিবিচাৰে সেই কথাটো কালি তেওঁলোকৰ বক্তব্যত প্রকাশ পাইছে। দেশৰ বিৰোধী দলৰ এজন উপ-দলপতি গৌৰৱ গগৈয়ে বিজেপিক সমালোচনা কৰিব পাৰে কিন্তু অসমৰ উন্নয়নকো সমালোচনা কৰিব পাৰে এইটো বৰ আচৰিত কথা। দেশব সুৰক্ষাৰ সম্পৰ্কীয় বিষয়বিলাকত তেওঁলোকে ৰাজনীতি কৰিব বিচাৰে। গতিকে গৌৰৱ গগৈ সঁচাকৈ অপৰিপক্ক নেতা। তেখেতে অসমৰ উন্নয়নৰ ৰাজনীতিৰ প্লাছ ধৰিব পৰা নাই। চীনে যেতিয়া অসম তথা উত্তৰ-পূর্বাঞ্চল আক্রমণ কৰিছিল তেতিয়া কংগ্ৰেছ
দলৰ প্রধানমন্ত্রী জবাহলাল নেহৰুয়ে অসম তথা উত্তৰ-পূর্বাঞ্চলক বাই বাই দিছিল আৰু তেওঁলোকৰ উত্তৰাধিকাৰীসকলেও অসমক ভাৰতবর্ষৰ অখণ্ডতা সার্বভৌমত্বৰ লগত কিমান শক্তিশালীৰ ভাবে যুক্তপূর্ণভাবে বলিষ্ঠ ৰূপত ৰাখিব পাৰে তাত সন্দেহৰ প্রশ্নবোধক আজিৰ নহয় বিগতৰ ৬০-৬২ চনৰ পৰাই আছে। এইধৰণৰ বক্তব্যই গৌৰৱ গগৈৰ অপৰিপক্কতাক সুচাইছে। ইএল এফ (ELF) ক
লৈ যদি তেওঁলোক প্রশ্ন কৰিছে তেন্তে দেশৰ সুৰক্ষাক লৈও প্রশ্ন কৰিছে। তেওঁলোকে হয়তু কোনোবা বিদেশী ৰাষ্ট্ৰৰ ওঁঠৰ ভাষা কৈ অসমখনক বা ভাৰতবৰ্ষক দুর্বল কৰিব বিচাৰিছে। কংগ্ৰেছৰ দিনতেই বহিঃবাষ্ট্রৰ আক্ৰমণৰ বলী হৈছে ভাৰত। বিৰোধী ঐক্যমঞ্চৰ সম্পর্কে তেখেতে কয় যে, বিৰোধীয়ে ঐক্যতাৰে খেলে নে অনক্যতাবে খেলে ভাৰতীয় জনতা পাটিৰ অবগত নহয়। তেওঁলোকৰ মাজত যদি মিত্রতাৰো নহয়, মিলাপ্রীতিও নহয় তেতিয়াও ভাৰতীয় জনতা পাটিৰ নেতৃত্বত এনডিএ ৰাইজৰ আশীবাদ নিশ্চয় পাব। অখিল গগৈয়ে ধৈয্যৰ
বান্ধ চিঙি গৈছে বুলি কোৱা বিষয়টোত তেওঁলোকৰ মাজত বুজাবুজিৰ অভাৱ থকাটো স্পষ্ট হৈ পৰিছে। বিৰোধীৰ পৰা ইতিবাচক বা গঠনমূলক সমালোচনা শুনাৰ বাবে আমি সদায় প্রস্তুত থাকো বুলি উল্লেখ কৰে। অগপৰ সৈতে থকা মিত্ৰতাৰ সম্পর্কে কয় যে, অগপৰ লগত আমাৰ বুজাবুজি আছে, সকলো ঠিকেই আছে বুলি সংবাদ মাধ্যক অৱগত কৰে। উক্ত পর্যালোচনা সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাটি, অসম প্রদেশৰ ৰাজিক প্ৰভাৰী হৰিশ দ্বিবেদী, ৰাজ্যিক সাধাৰণ সম্পাদক ঋতুপর্ণ বৰুৱা, সম্পাদক লক্ষ্য কোঁৱৰ ডাঙৰীয়া, জিলা সহপ্রভাৰী লক্ষীনাথ তাছা, জিলা সভাপতি দুলাল বৰা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্র ডাঙৰীয়া, উপ-মেয়ৰ উজ্জ্বল ফকন ডাঙৰীয়া, অ’বিচি মৰ্চাৰ ৰাজিক সভাপতি সুভাষ দত্ত ডাঙৰীয়া, এপিএলৰ অধ্যক্ষ বিকুল ডেকাকে ধৰি জিলাখনৰ সকলো স্তৰৰ দলীয় কার্যকর্তাসকলে অংশ গ্রহণ কৰে।