...

নগাঁৱৰ বৰক’লাত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ চন্দন সিঙৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

Spread the love

নগাঁৱৰ বৰক’লাত ঐতিহাসিক অসম আন্দোলনৰ শ্বহীদ চন্দন সিঙৰ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,

ঐতিহাসিক অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ নগাঁও জিলাৰ বৰক’লাৰ শ্বহীদ চন্দন সিঙৰ মৃত্যু দিৱসটি শনিবাৰে বৰক’লাত উদযাপন কৰা হয়। এই উপলক্ষে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে শ্বহীদ জনাৰ বাসগৃহৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানৰ লগতে শ্বহীদজনাৰ স্মৃতিচাৰণ কৰা হয়। বিদ্যালয়ৰ প্ৰাংগণত থকা শ্বহীদৰ শ্ৰদ্ধাঞ্জলী ক্ষেত্ৰত শ্বহীদ চন্দন সিং,কৰম সিং আৰু বলিন্দ্ৰ মজুমদাৰৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনৰ লগতে পুস্পাঞ্জলী অৰ্পণ কৰে প্ৰাক্তন আছু নেতা দেৱাংগ ভূষণ দাসে,শ্বহীদ কৰম সিঙৰ স্মৃতি সৌধত বন্তি প্ৰজ্বলন কৰে দক্ষিণপাট গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি ঘন দাসে,শ্বহীদ বলিন্দ্ৰ মজুমদাৰৰ প্ৰতিমূৰ্তিৰ সৌধত শ্ৰদ্ধাঞ্জলী আৰু বন্তি প্ৰজ্বলন কৰে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভানেত্ৰী তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষয়িত্ৰী মঞ্জুৰাণী লস্কৰে৷ বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক ভদ্ৰকান্ত ডেকাই আঁত ধৰা অনুষ্ঠানটিত প্ৰাক্তন আছু নেতা দেৱাংগ ভূষণ দাসে কয় যে অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনত শ্বহীদ চন্দন সিঙৰ দৰে অসমৰ বহু ব্যক্তিয়ে প্ৰাণ আহুতি দিয়াৰ লগতে চিৰদিনৰ বাবে বহুলোক ঘূণীয়া হ’ল৷ এই ঘটনাৰাজিয়ে শ্বহীদৰ ত্যাগক সদায় জনমানসত জীয়াই থাকিব ৷ তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলে জানিবলৈ অসমৰ পাঠ্যপুথিত অসম আন্দোলনৰ সকলো কথা সন্নিৱিষ্ট কৰিবলৈ চৰকাৰলৈ আহ্বান জনায় ৷ অসম চৰকাৰৰ স্বহীদ স্মৃতি ক্ষেত্ৰত শ্বহীদ চন্দন সিং আৰু শ্বহীদ বলিন্দ মজুমদাৰৰ নাম লিপিবদ্ধ কৰিবলৈও আহবান জনায়। বিশিষ্ট অতিথিৰ ভাষণত লেখক-সাংবাদিক দেৱজিৎ হাজৰিকাই কয় যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত ঐতিহাসিক অসম আন্দোলনৰ ফলশ্ৰুতিত অসম চুক্তি স্বাক্ষৰিত হ’ল। কিন্তু অসমৰ বিদেশী সমস্যা সমস্যা হৈয়ে ৰ’ল। শ্বহীদৰ পৰিয়ালৰ লগতে অসম আন্দোলনকাৰীসকলক আজিও চিনি নোপোৱাতো উদ্বেগৰ বিষয় । অনুষ্ঠানত দক্ষিণপাট গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী ঘন দাস আৰু জ্ঞানী জচবীৰ সিঙে শ্বহীদ চন্দন সিঙৰ স্মৃতিচাৰণ কৰি ভাষণ প্ৰদান কৰে। ইয়াৰ পিছতে শ্বহীদ চন্দন সিঙৰ বাসগৃহত থকা প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয় । উক্ত অনুষ্ঠানত জ্ঞানী জচবীৰ সিঙে শিখ ধৰ্মৰ ৰীতি-নীতিৰে শ্ৰদ্ধাঞ্জলী অনুষ্ঠান শুভাৰম্ভ কৰাৰ অনুষ্ঠানত প্ৰাক্তন আছু নেতা দেবাঙ্গ ভূষণ দাস,নাট্যকাৰ বিৰেণ নাথ,শিশু সাহিত্যিক উত্তম সিং, সমাজকৰ্মী মোহিনী মোহন লস্কৰ,জ্ঞানী হৰভজন সিং,অৰবিন্দ সিং,হৰবন সিং,তেজা সিং,অমৰজীত কৌৰ,অৰ্জুন সিং,বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ ব্ৰজেন বৰা, শিক্ষক চন্দ্ৰ মোহন শৰ্মা,সৰলা কৌৰ, গোলাপ কৌৰ,নিৰু কৌৰ,হৰপিত কৌৰ,বিনিতা কৌৰ,সংগীতা কৌৰ, কুলবিন্দ কৌৰ,শ্বহীদ বলিন্দ মজুমদাৰৰ পত্নী তৰুলতা মজুমদাৰকে ধৰি বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীবৃন্দৰ লগতে ছাত্র-ছাত্ৰীসকলো উপস্থিত থাকে। উল্লেখযোগ্য যে ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীত বৰক’লাৰ পাহুৱাল ডেকা চন্দন সিঙক নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাজৰিত কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে আন্দোলনৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে নৃশংসতাৰে হত্যা কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *