বটদ্ৰৱা থানলৈ ৰাহত হস্পিতাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ থান চৌহদৰ স্বচ্চতাৰ বাবে ডাষ্টবিন প্ৰদান
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ ৰাহত হস্পিটাল এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ তৰফৰ পৰা থান চৌহদৰ স্বচ্চতাৰ বাবে ডাষ্টবিন প্ৰদান কৰা হয়। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সভাপতি তথা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক লাচিত বৰদলৈৰ হাতত ৯টা ডাষ্টবিন প্ৰদান কৰা হয়। বটদ্ৰৱা থানৰ মূল উৎসৱ দৌলযাত্ৰা মহোৎসৱৰ প্ৰাকক্ষণত ৰাহত হস্পিটালৰ সঞ্চালক ডাঃ ৰিয়াজ উদ্দিন আহমেদ,পৰিচালন সঞ্চালক ডাঃ মঞ্জুল ইছলাম,প্ৰৱন্ধক অনিৰ্বাণ ফুকনকে আদি কৰি কেইবাগৰাকী কৰ্মকতা উপস্থিত হৈ ডাষ্টবিনসমূহ প্ৰদান কৰাৰ লগতে প্ৰতি ১-২মাহৰ মূৰে মূৰে বটদ্ৰৱা থানৰ লগত জড়িত ভকত-বৈষ্ণৱসকলক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ উপৰিও চিকিৎসালয়ত ভৰ্তি হৈ চিকিৎসাধীন হ’বলগীয়া হ’লে বিশেষ ৰেহাই মূল্যত চিকিৎসা প্ৰদান কৰাৰ কথা ঘোষণা কৰে। বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়া, সদস্যসকলৰ উপস্থিতিত ৰাহত হাস্পতালৰ সঞ্চালক,পৰিচালন সঞ্চালক প্ৰমুখ্যে কৰ্মকৰ্তাসকলক ফুলাম গামোছাৰে সম্ভাষণ জনোৱা হয়। অনুষ্ঠানত ডাঃ ৰিয়াজ উদ্দিন আহমেদ আৰু ডাঃ মঞ্জুল ইছলামে নগাঁও জিলাৰ অগ্ৰণী চিকিৎসা প্ৰতিষ্ঠান ৰাহত হস্পিটাল এণ্ড ৰিচাৰ্ছ চেন্টাৰক ব্যৱসায়িক প্ৰতিষ্ঠান হিচাপে সীমাবদ্ধ নাৰাখি এটি কল্যাণকামী অনুষ্ঠান হিচাপে গঢ়া হৈছে,যাতে মানুহৰ সুস্থ জীৱন-যাপন আৰু সমাজৰ ক্ৰমাগত উন্নতি কল্পে এক সুস্থ পৰিবেশ গঢ়াত উল্লেখনীয় অৰিহণা যোগাব পাৰে বুলি বক্তব্য ৰাখে। এই উদ্দেশ্যকেই সৰোগত কৰি ৰাহত হস্পিটাল এণ্ড ৰিচাৰ্ছ চেন্টাৰে পূৰ্ণ আন্তৰিকতা আৰু গৌৰৱেৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ বিভিন্ন সামাজিক-সাংস্কৃতিক কাৰ্য্য-কলাপত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰা হ’ব বুলি প্ৰকাশ কৰে ।