...

চুৰিকাণ্ডক কেন্দ্ৰ কৰি ভয়ানক মাৰপিট

Spread the love

চুৰিকাণ্ডক কেন্দ্ৰ কৰি ভয়ানক মাৰপিট

মহিলাসহ আহত চাৰি

নগৰবেৰা:

বৰপেটাৰ আলোপতি মাজৰচৰত আজি পুৱাৰ ভাগত এক ভয়ানক মাৰপিট সংঘটিত হয় ,মাৰপিটত মহিলা সহ চাৰিজনকৈ গুৰুতৰ ভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়।
পূৰ্বৰ এক চুৰিকাণ্ডক কেন্দ্ৰ কৰি সংঘটিত হয় এই মাৰপিট। গাঁৱখনৰ পৰ্বত আলী নামৰ এজনৰ ঘৰত এমাহ মান পূৰ্বে এক চুৰিকাণ্ড সংঘটিত হৈছিল।উক্ত চুৰিকাণ্ডত প্ৰতিবেশী কাজম আলীৰ পুত্ৰ জড়িত থকা বুলি পৰ্বত আলীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰে আৰু তাকে লৈ দুই পক্ষৰ মাজত প্ৰথমে বাক বিতণ্ডা আৰু পাছলৈ কাজম আলীৰ পৰিয়ালৰ লোকে পৰ্বত আলীৰ পৰিয়ালক চোকা অস্ত্ৰৰে আঘাত কৰে।এই ঘটনাত পৰ্বত আলীৰ পৰিয়ালৰ চাৰিজনকৈ লোক আহত হয়। আহত সকলক ততাতৈয়াকৈ নগৰবেৰা স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও আহত আছবাহাতুন খাতুন, আস্কৰ আলী, মোজাম্মেল হক আৰু মোকচেদ আলীক চিকিৎসকে সংকট জনক অৱস্থাত জিএমচিএইচ লৈ প্ৰেৰণ কৰে ।এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্য বিয়পালে।

Leave a Reply

Your email address will not be published. Required fields are marked *