ডিব্ৰুগড় বিশ্ববিদ্যালয়ত নাহৰ গ্ৰন্থ মহোৎসৱ
সু-সভ্য জাতি হিচাপে গঢ়িবলৈ হ’লে গ্ৰন্থই আমাৰ একমাত্ৰ আশ্ৰয়ঃ অনুৰাধা শৰ্মা পূজাৰী
চাইন অন ডেস্ক:
‘এটা সু-সভ্য জাতি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ হ’লে কিতাপেই আমাৰ একমাত্ৰ আশ্ৰয়। গ্ৰন্থই সেই অনামী পোহৰ দিয়ে যি পোহৰ টিভি, মোবাইল বা আন কোনো ডিজিটেল মাধ্যমত পোৱা নাযায়।’ এই গুৰুত্বপূৰ্ণ মন্তব্য বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছু গোট আৰু স্নাতকোত্তৰ মহলাৰ ছাত্ৰ একতা সভাৰ যৌথ উদ্যোগত মঙ্গলবাৰৰ পৰা অনুষ্ঠিত ‘নাহৰ গ্ৰন্থ উৎসৱ-২০২৬’ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিকগৰাকীয়ে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ‘নাহৰৰ নিৰিবিলি ছাঁ’ক সোঁৱৰণ কৰি আবেগিক হৈ পৰা সাহিত্যিকগৰাকীয়ে লগতে কয় যে, নাহৰ কেৱল এজোপা গছৰ নাম নহয়, ই এই বিশ্ববিদ্যালয়ৰ এক প্ৰতীক আৰু ঐতিহ্য। তেওঁৰ কালজয়ী সৃষ্টি ‘নাহৰৰ নিৰিবিলী ছাঁ’ৰ স্মৃতি ৰোমন্থন কৰি তেওঁ আয়োজক সমিতিয়ে এই উৎসৱৰ নাম ‘নাহৰ’ ৰখাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। বৰ্তমানৰ সামাজিক পৰিৱেশ আৰু পৰিৱৰ্তিত জীৱনশৈলীৰ ওপৰত আলোকপাত কৰি পূজাৰীয়ে কয় যে এতিয়া আমাৰ সমাজত মানসিকতাৰ এক নেতিবাচক পৰিৱৰ্তন আহিছে। এসময়ত আমাৰ ঘৰবোৰত একোটা কিতাপৰ আলমাৰিয়ে আভিজাত্যৰ পৰিচয় দিছিল, কিন্তু এতিয়া কিতাপতকৈ গেৰেজৰ দামী গাড়ীখনতহে মানুহে গৌৰৱ অনুভৱ কৰে। আধুনিক প্ৰযুক্তি আৰু ম’বাইলে তথ্য দিলেও মানুহৰ মগজুটোক ভাৰসাম্যহীন কৰি তুলিছে বুলি মন্তব্য কৰি তেওঁ কয় যে ডিজিটেল মাধ্যমে সৃষ্টি কৰা কোলাহল আৰু হতাশাই মানুহক অকলশৰীয়া কৰি খঙাল কৰি তুলিছে। ইয়াৰ বিপৰীতে গ্ৰন্থই মানুহক পৰম শান্তি দিয়ে। তেওঁ উইলহেম কনৰাড ৰণ্টজেনৰ এক্স-ৰে আৱিষ্কাৰৰ উদাহৰণ দি কয় যে যিদৰে সকলো অন্ধকাৰৰ মাজতো এটা অনামী পোহৰ থাকে, ঠিক তেনেদৰে জীৱনৰ যিকোনো জটিল সময়ত কিতাপেই হৈছে সঠিক পথ দেখুওৱা অনামী পোহৰ। মাতৃভাষাৰ গুৰুত্বৰ কথা দোহাৰি তেওঁ কয় যে সন্তানে যি মাধ্যমতে নপঢ়ক কিয়, ঘৰত মাতৃভাষা শিকোৱাটো অতি প্ৰয়োজনীয়। নিজৰ ভাষাটোক মৰ্যাদাহীন কৰি আমি নিজেই ভাষাটোক এলাগী কৰিছোঁ বুলিও তেওঁ আক্ষেপ প্ৰকাশ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ে আয়োজন কৰা এই গ্ৰন্থমেলাক অসমৰ বাকী বিশ্ববিদ্যালয়সমূহৰ বাবে এক আদৰ্শ বুলি অভিহিত কৰি তেওঁ প্ৰতিটো বিভাগতে মাহত অন্ততঃ এদিন গ্ৰন্থ আলোচনাৰ বাবে সময় দিবলৈ আহ্বান জনায়। নৱপ্ৰজন্মক জন্মদিনত কিতাপ উপহাৰ দিয়াৰ পৰম্পৰা ওভতাই অনাৰ লগতে ম’বাইলৰ নিচা ত্যাগ কৰি কিতাপৰ নিচাত বুৰ যাবলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ দিয়ে। জীৱনৰ প্ৰশ্নবোৰৰ উত্তৰ দিব পৰা আটাইতকৈ বিশ্বাসী সংগী হৈছে কিতাপ বুলি কৈ তেওঁ ভাষণৰ শেষত ‘নাহৰ গ্ৰন্থ উৎসৱ’ৰ সফলতা কামনা কৰে। উদ্বোধনী সভাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰাধ্যাপক ড° জিতেন হাজৰিকা উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে ভাৰতবৰ্ষক ২০৩৫ চনৰ ভিতৰত জ্ঞানৰ শক্তিৰে বিশ্বৰ এক সৰ্বশক্তিমান ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ যি লক্ষ্য ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ত লোৱা হৈছে, সেই লক্ষ্যত উপনীত হ’বলৈ হ’লে গ্ৰন্থ আৰু শিল্পকলাৰ চৰ্চা অপৰিহাৰ্য। গ্ৰন্থ আৰু শিল্পত গুৰুত্ব নিদিলে ভাৰতবৰ্ষই কেতিয়াও জ্ঞানৰ উচ্চ শিখৰত আৰোহণ কৰিব নোৱাৰে। ভাষণ প্ৰসংগত উপাচাৰ্যগৰাকীয়ে বৰ্তমানৰ সময়ত গ্ৰন্থ অধ্যয়নৰ প্ৰয়োজনীয়তা আৰু আধুনিক প্ৰযুক্তিৰ প্ৰভাৱৰ বিষয়ে এক তাত্ত্বিক বিশ্লেষণ দাঙি ধৰে। শেহতীয়া এক সমীক্ষাৰ তথ্য উল্লেখ কৰি ড° হাজৰিকাই গভীৰ উদ্বেগ প্ৰকাশ কৰে যে নৱম শ্ৰেণীলৈকে অধ্যয়নৰত প্ৰায় ৯৫ শতাংশতকৈও অধিক ছাত্ৰ-ছাত্ৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰে। তাতোকৈ দুৰ্ভাগ্যজনক কথাটো হ’ল যে ইয়াৰে মাত্ৰ ৪ শতাংশৰ বাদে বাকীসকলে কেৱল মনোৰঞ্জনৰ বাবেহে ডিজিটেল মাধ্যম ব্যৱহাৰ কৰে। তেওঁ স্পষ্টকৈ কয় যে এখন গ্ৰন্থ বাৰে বাৰে পঢ়াৰ যি মাদকতা, সেয়া কোনো কালেই ডিজিটেল মাধ্যমত পোৱা সম্ভৱ নহয়। গ্ৰন্থ পঢ়াৰ নিচাৰে জীৱন জীয়াই থকাটোৱেই এগৰাকী ব্যক্তিৰ বাবে আটাইতকৈ ডাঙৰ কথা বুলি তেওঁ অভিহিত কৰে। বৰ্তমানৰ চৰ্চিত বিষয় কৃত্ৰিম বুদ্ধিমত্তাৰ সন্দৰ্ভত মন্তব্য কৰি তেওঁ সোঁৱৰাই দিয়ে যে কৃত্ৰিম বুদ্ধিমত্তা কেতিয়াও সিদ্ধান্ত গ্ৰহণকাৰী হ’ব নোৱাৰে, ই কেৱল সিদ্ধান্ত গ্ৰহণত সহায়কাৰীহে হ’ব পাৰে। মানৱীয় মেধা আৰু গ্ৰন্থইহে প্ৰকৃত সিদ্ধান্তৰ পথ দেখুৱাব। ভাষণৰ মাজতে উপাচাৰ্যগৰাকীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কেণ্টিন এখনৰ বৰ্তমানলৈকে কোনো নিৰ্দিষ্ট নাম নথকাত সেইখনৰ নাম ‘নাহৰৰ নিৰিবিলী ছাঁ’ ৰাখিবলৈ তেওঁ প্ৰস্তাৱ আগবঢ়াই। বিশ্ববিদ্যালয়ৰ চৌহদত ইতিমধ্যে এশজোপা নাহৰৰ পুলি ৰোপণ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ প্ৰতিবছৰে এনে বৌদ্ধিক যাত্ৰা অব্যাহত ৰখাৰো পোষকতা কৰে। আনহাতে, সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সভাপতি তথা ‘অসম আদিত্য’ৰ সম্পাদক মনজিৎ বৰাই কয় যে বৰ্তমান সময়ত নতুন প্ৰজন্মৰ মাজত গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ হ্ৰাস পোৱাক লৈ সৰ্বত্ৰে চিন্তা প্ৰকাশ পাইছে। এনে এক সন্ধিক্ষণত নতুন প্ৰজন্মক কিতাপ পঢ়া
বা সাহিত্য চৰ্চাৰ প্ৰতি আকৰ্ষিত কৰাৰ বাবে ‘নাহৰ গ্ৰন্থ উৎসৱ-২০২৬ৰ জৰিয়তে যি প্ৰয়াস কৰা হৈছে, সেয়া অত্যন্ত আশাব্যঞ্জক। তেওঁ কয় যে যদিহে এটা জাতিৰ ভাষা আৰু সংস্কৃতি শক্তিশালী হয়, তেতিয়াহে জাতিটো শক্তিশালী হ’ব আৰু এই ভাষাটোক আমি গ্ৰন্থ চৰ্চাৰ জৰিয়তেহে আগুৱাই লৈ যাব পাৰিম। গ্ৰন্থৰ মাদকতাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰি জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে কয় যে কিতাপ পঢ়াৰ যি অনন্য আনন্দ, সেয়া কোনো কালেই বৈদ্যুতিন মাধ্যম বা ম’বাইলত পোৱা নাযায়। অসমীয়া সাহিত্য বা বিশ্বৰ যিকোনো ভাষা-সাহিত্যক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সংবাদ-পত্ৰৰ ভূমিকা অপৰিসীম বুলি উল্লেখ কৰি তেওঁ এসময়ত ‘বাঁহী’ বা ‘ৰামধেনু’ৰ দৰে আলোচনাই একোটা যুগক প্ৰতিষ্ঠা কৰিছিল বুলি ব্যক্ত কৰে। কিন্তু বৰ্তমান সময়ত মানুহৰ মাজত আলোচনী বা বাতৰিকাকত পঢ়াৰ প্ৰৱণতা উদ্বেগজনকভাৱে হ্ৰাস পাইছে। পূৰ্বৰ দৰে বাছ আস্থানসমূহত হকাৰৰ সেই ব্যস্ততা বা যাত্ৰীৰ হাতত থকা বাতৰিকাকত-আলোচনীৰ দৃশ্য এতিয়া বিৰল হৈ পৰিছে। উত্তৰপুৰুষক কিতাপৰ প্ৰতি কেনেকৈ আকৰ্ষিত কৰিব পাৰি, সেই সন্দৰ্ভত উজনি অসমৰ বৌদ্ধিক প্ৰাণকেন্দ্ৰস্বৰূপ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ চিন্তাবিদসকলক পুংখানুপুংখভাৱে চিন্তা কৰিবলৈ তেওঁ আহ্বান জনায়। সমাজত গ্ৰন্থ প্ৰতি বিমুখ হোৱাৰ এক কৰুণ ছবি দাঙি ধৰি তেওঁ কয় যে বৰ্তমান বহু ক্ষেত্ৰত দেখা যায় যে ঘৰৰ পঢ়ুৱৈ ব্যক্তিগৰাকীৰ মৃত্যুৰ পাছত পৰিয়ালৰ লোকে বাতৰিকাকত বা আলোচনীখন ক্ৰয় কৰা বন্ধ কৰি দিবলৈ আগ্ৰহ প্ৰকাশ কৰে। এই পৰিৱেশটোৰ সৈতে মোকাবিলা কৰাটো বৰ্তমান সময়ৰ ডাঙৰ প্ৰত্যাহ্বান। আমাৰ গ্ৰন্থসমূহৰ মাদকতা কমিছে নেকি বা নতুন প্ৰজন্মই আচলতে কেনেকুৱা কিতাপ বিচাৰিছে, সেই বিষয়টো লেখকসকলে গভীৰভাৱে অনুধাৱন কৰাৰ প্ৰয়োজন আছে। কেৱল লেখকেই নহয়, পঢ়ুৱৈসকলেও ভাল কিতাপ এখন প্ৰকাশ পালে তাক সমাজৰ মাজলৈ লৈ যোৱাত সক্ৰিয় ভূমিকা ল’ব লাগিব বুলি সম্পাদক মনজিৎ বৰাই ভাষণ প্ৰসংগত ব্যক্ত কৰে।ইফালে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোনোৱালে ভাষণ প্ৰসংগত এই গ্ৰন্থ উৎসৱৰ সফল সমাপ্তি কামনা কৰে। তেওঁ কয় যে এই গ্ৰন্থ উৎসৱত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰকাশকগোষ্ঠীয়ে অংশগ্ৰহণ কৰিছে আৰু ত্ৰিশখনতকৈও অধিক গ্ৰন্থ বিপণী স্থাপন কৰা হৈছে। ছাত্ৰ-ছাত্ৰীৰ মাজত বৌদ্ধিক চৰ্চা বৃদ্ধিৰ লক্ষ্যৰে এই উৎসৱৰ দিনকেইটাত বিদ্যালয় আৰু
মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হৈছে। নৱপ্ৰজন্মৰ ব্যাপক সমাগমেৰে গ্ৰন্থ উৎসৱখনি সাফল্যমণ্ডিত হৈ উঠিব বুলি পঞ্জীয়কগৰাকীয়ে আশা প্ৰকাশ কৰে। নাহৰ গ্ৰন্থ উৎসৱ আয়োজক সমিতিৰ মুখ্য সম্পাদক তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিতুপন চাংমায়ে আঁত ধৰা এই উদ্বোধনী অনুষ্ঠানৰ সামৰণি পৰে নাহৰ গ্ৰন্থ উৎসৱ-২০২৬ৰ আয়োজক সমিতি সভাপতি তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভেষজ বিজ্ঞান বিভাগৰ অধ্যাপক ড° দীপক চেতিয়াৰ শলাগৰ শৰাইৰে। ইফালে, আজি পুৱা সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলন কৰে ডিব্রুগড় বিশ্ববিদ্যালয় ‘আছু’ গোটৰ ভাৰপ্রাপ্ত সভাপতি পাপলু গগৈয়ে, ডিব্রুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ পতাকা উত্তোলন কৰে ডিব্রুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সভাপতি আশিষ ভূসণ গগৈয়ে আৰু ‘নাহৰ গ্ৰন্থ উৎসৱ” আয়োজক সমিতিৰ পতাকা উত্তোলন কৰে আয়োজক সমিতিৰ সভাপতি ড° দীপক চেতিয়াই। তাৰ পাছতে ডিব্রুগড় বিশ্ববিদ্যালয় ‘আছু’ গোটৰ ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক প্রান্তৰ বৰদলৈ আৰু ডিব্রুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্র একতা সভাৰ সাধাৰণ সম্পাদক মাধুয্য বৰাই শ্বহীদ তর্পণ কৰে। পৰৱৰ্তী সময়ত ২০২৫ আৰু ২০২৬ বৰ্ষত অসমৰ সংস্কৃতি জগতৰ পৰা হেৰাই যোৱা প্রয়াত শিল্পীসকলৰ স্মৃতিত বন্তি প্রজ্বলন কৰে আয়োজক সমিতিৰ কার্যকৰী সভাপতি তথা বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড° সত্যকাম বৰঠাকুৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিশ্ববিদ্যালয়ৰ শীৰ্ষ গীত পৰিৱেশন কৰাৰ পাছতে বন্তি প্ৰজ্বলনেৰে নাহৰ গ্ৰন্থ উৎসৱ-২০২৬ উদ্বোধন কৰে উদ্বোধক বিশিষ্ট সাহিত্যিক অনুৰাধা শর্মা পূজাৰী, মুখ্য অতিথি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য, প্ৰধ্যাপক ড° জিতেন হাজৰিকা, বিশিষ্ট অতিথি ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড° পৰমানন্দ সোণোৱাল, আমন্ত্রিত অতিথি ‘অসম আদিত্য’ৰ সম্পাদক মনজিৎ বৰাই। বিয়লি গ্ৰন্থমেলাৰ বাকৰিত ‘নতুন প্রজন্ম আৰু কিতাপ’ শীৰ্ষক বিষয়ৰ এখন আলোচনা-চক্ৰ অনুষ্ঠিত হয়। ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° কৌস্তুভ ডেকাই আঁত ধৰা এই আলোচনা-চক্ৰত যোৰহাট ভিনটেজ হাউচৰ প্ৰতিষ্ঠাপক অভনিৱেশ শৰ্মা আৰু পদপথৰ গ্ৰন্থাগাৰৰ বিষয়ত বহুবছৰ ধৰি কাম কৰি অভিজ্ঞতাসম্পন্ন অনিন্দিতা গগৈ আলোচক হিচাপে উপস্থিত থাকে। য’ত বহুকেইজন গণ্য-মান্য ব্যক্তি তথা শতাধিক বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ উপস্থিতিত কিতাপ আৰু সামাজিক মাধ্যমে নৱ-প্ৰজন্মক গ্ৰন্থ অধ্যয়নত পেলোৱা প্ৰভাৱৰ কথা আলোচনা কৰা হয়। অনুষ্ঠানত বিশিষ্ট ঔপন্যাসিক তথা গল্পকাৰ জুৰী বৰা বৰগোহাঞি উপস্থিত থাকি এই আলোচনা-চক্ৰই শিক্ষাৰ্থীসকলৰ মাজত এক যোগাত্মক প্ৰভাৱ পেলাব বুলি ব্যক্ত কৰে। সন্ধিয়ালৈ সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক বুলবুল দত্তই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ ড° ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰই বহুকেইটা অনুষ্ঠান পৰিৱেশন কৰি গ্ৰন্থমেলাৰ বাকৰি আলোড়িত কৰি তোলে। উল্লেখ্য যে, উদ্বোধনী সভাত চিমী কোঁৱৰৰ গ্ৰন্থ ‘উপেক্ষিতা’ বিশিষ্ট সাহিত্যিক অনুৰাধা শর্মা পূজাৰীৰ লগতে গণ্য-মান্য ব্যক্তিসকলে উন্মোচন কৰে।