প্ৰয়াগৰাজ,৯মাৰ্চঃদেশৰ সৰ্ববৃহৎ হিন্দুৰ উৎসৱ মহাকুম্ভত খাদী কাপোৰৰ বিক্ৰীয়ে অভিলেখ সৃষ্টি কৰাৰ বাতৰি আহিছে। শেহতীয়াকৈ খাদী আৰু গ্ৰামোদ্যোগ আয়োগৰ অধ্যক্ষই সদৰি কৰিছে যে, প্ৰয়াগৰাজত অনুষ্ঠিত হোৱা মহাকুম্ভত খাদী কাপোৰ বিক্ৰী হৈছে প্ৰায় ১২.০২কোটি টকা।চলিত বৰ্ষৰ ১৪জানুৱাৰীৰ পৰা ২৭ফেব্ৰুৱাৰীলৈ মহাকুম্ভত খাদী কাপোৰৰ এই বিক্ৰী এক ঐতিহাসিক বিক্ৰী বুলি উল্লেখ কৰে খাদী আৰু গ্ৰামোদ্যোগ আয়োগ অধ্যক্ষ মনোজ কুমাৰে। তেওঁ লগতে কয় যে প্ৰদৰ্শনীখনত ৯৮টা খাদী ষ্টল আৰু ৫৪টা গাঁও উদ্যোগৰ ষ্টল প্ৰদৰ্শন কৰা হৈছিল।য’ত সামূহিকভাৱে খাদীৰ ৯.৭৬ কোটি আৰু গাঁও উদ্যোগৰ সামগ্ৰীৰ ২.২৬ কোটি টকাৰ বিক্ৰী হৈছে। কেভিআইচিৰ অধ্যক্ষ কুমাৰে আলোকপাত কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মিঠা বিপ্লৱ’ গাঁৱে-ভূঞে বিয়পাই দিয়াৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি মৌপালকসকলক মৌপালকসকলক মৌপালকৰ কলনী আৰু মৌমাখিৰ বাকচ বিতৰণৰ বাবে ‘মৌ অভিযান’ আৰম্ভ কৰা হৈছে।শিপিনীসকলক সম্বোধন কৰি অধ্যক্ষ কেভিআইচিয়ে স্মৰণ কৰে যে ২০১৬ চনত গুজৰাটৰ বানাস্কান্তৰ দীছাৰ পৰা পিএম মোদীয়ে ‘শ্বেত বিপ্লৱ’ৰ সমান্তৰালভাৱে ‘মধুৰ বিপ্লৱ’ৰ আহ্বান জনাইছিল।