...

গৌৰৱ গগৈৰ পাকিস্তান লিংক!

Spread the love

গৌৰৱ গগৈৰ পাকিস্তান লিংক!

 

ডিব্ৰুগড়ত দিলীপ শইকীয়াৰ নেতৃত্বত বিজেপিৰ উত্তাল প্ৰতিবাদ
চাইন অন ডেস্ক: 

গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ তথ্য ফাদিল হোৱাৰ পাছতে দেওবাৰৰ দিনা ডিব্ৰুগড়ত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে বিজেপিয়ে। ডিব্ৰুগড় পুৰণি হাইস্কুল খেলপথাৰৰ পৰা এক বিশাল প্ৰতিবাদী 
ৰে'লী বাহিৰ কৰে। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত প্ৰায় ৩০ হাজাৰ বিজেপি নেতা-কৰ্মীৰ উপস্থিতিত ৰূপায় কৰা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ
উত্তাল কৰি তোলে। প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ৰাজীৱ ভৱনলৈ আঙুলি টোৱাই প্ৰতিবাদ কৰে। মহানগৰখনৰ মানকটা পথেৰে গৈ এইছ এছ ৰোড হৈ 
ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা মানকটা পথেৰে পুনৰ আহি প্ৰতিবাদী কাৰ্যসূচী সমাপন কৰে। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে, কালি ৰাজ্যজুৰি 
পাকিস্তানী এজেন্ট গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। গৌৰৱ গগৈৰ ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপ, পাকিস্তানৰ পক্ষত লোৱা স্থিতি আৰু দেশৰ অখণ্ডতা-সাৰ্বভৌমত্বৰ প্ৰতি গৌৰৱ গগৈৰ 
কংগ্ৰেছ দলে গ্ৰহণ কৰা আপোচকামী নীতিৰ বিৰুদ্ধে লগতে এই ভয়ংকৰ তথ্য এছ আই টিৰ প্ৰতিবেদনত প্ৰকাশ পাইছে। এই ভয়ংকৰ তথ্য ফাদিল হোৱাৰ পাছত দেওবাৰৰ দিনা সমগ্ৰ অসমৰ ৰাইজে
 ৰাজপথলৈ ওলাই আহিছে। ৰাইজে গৌৰৱ গগৈক প্ৰশ্ন কৰিছে যে, ভাৰতত থাকি, ভাৰতৰ বায়ু-পানী সেৱন কৰি, ভাৰতৰ সংসদৰ সদস্য হৈ আপুনি কিয় পাকিস্তানৰ লগত মিত্ৰতা কৰিছে? 
আপুনি আপোনাৰ সহধৰ্মিনীকো পাকিস্তানত পে’ ৰুলত থাকিবলৈ অনুমতি প্ৰদান কৰাৰ প্ৰয়োজনীয়তা কি আছিল? পাকিস্তানৰ পৰা দৰমহা-সা-সুবিধা লোৱাৰ কাৰণে কিয় সহধৰ্মিনীক কিয় 
অনুমতি দিছিল? পাকিস্তান স্বাৰ্থত সংসদত গৌৰৱ গগৈয়ে কিয় প্ৰশ্ন কৰিছিল? অসমৰ ৰাইজে গৌৰৱ গগৈৰ পৰা জবাব বিচাৰিছে। গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু ভাৰত বিৰোধী কাৰ্যকলাপৰ
 বিৰুদ্ধে চিবিআই, এন আইৰ জৰিয়তে শক্তিশালী তদন্ত কৰিব লাগে। গৌৰৱ গগৈৰ বিৰুদ্ধে কঠোৰতম পদক্ষেপ গ্ৰহণ কৰিব লাগে। ভৱিষ্যতে যাতে কোনো ভাৰতীয় নাগৰিকে ৰাষ্ট্ৰদ্ৰোহৰ 
কাৰ্য সংঘটিত কৰিবলৈ আগবাঢ়িব নোৱাৰে। গৌৰৱ গগৈৰ সহধৰ্মিনী বিদেশী হয়। আমি মানি লৈছো। কিন্তু যি বিদেশীয়ে অসমক দুশ বছৰ শাসন কৰি পৰাধীনতাৰ শিকলিৰে বান্ধি ৰাখিছিল। সেই দেশখনৰ মহিলাক সহধৰ্মিনী কৰি অসমলৈ 
লৈ আহিছে। তাত আমাৰ আপত্তি নাই। কিন্তু নিজৰ সহধৰ্মিনীক কিয় ভাৰতীয় নাগৰিক কৰিব নোৱাৰিলে। ফুলকুমলীয়া দুই পুত্ৰ সন্তানক কিয় বিদেশী নাগৰিক হিচাপে অনুমতি প্ৰদান কৰিলে। অসম তথা দেশক বিশ্বাসঘাটকতা কৰাৰ দৰে 
দুই ফুলকুমলীয়া সন্তানকো গৌৰৱ গগৈয়ে বিশ্বাসঘাটকতা কৰিলে। আনহাতে মন্ত্ৰী প্ৰশান্ত ফুকনে সংসদত গৌৰৱ গগৈয়ে থাকি দেশৰ আভ্যন্তৰীণ নিৰাপত্তাত বিপদ মাতি আনিছে বুলি সমালোচনা কৰে। প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক 
সাধাৰণ সম্পাদক ঋতুপৰ্ণ বৰুৱা, বিধায়ক তৰংগ গগৈ, বিনোদ হাজৰিকা, চক্ৰধৰ গগৈৰ লগতে ভালেসংখ্যক জ্যেষ্ঠ বিজেপি নেতা উপস্থিত থাকে। ইফালে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত 
প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাষ্ট্ৰৰ বিৰুদ্ধে যি ব্যক্তিয়ে ষড়যন্ত্ৰমূলক কামত জড়িত হয়, সেই ব্যক্তিজন গৰিহনাযোগ্য। গৌৰৱ গগৈৰ বিৰুদ্ধে উঠা ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ অত্যন্ত নিন্দনীয়। এতিয়া গৌৰৱ গগৈয়ে
 নিৰ্দোষী বুলি প্ৰমাণ কৰক। কাৰণ ৰাষ্ট্ৰৰ বিৰুদ্ধে কাম কৰা কোনো শক্তিকে ভাৰত চৰকাৰে ক্ষমা নকৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *