ৰেছমা হাইদৰৰ দ্বি-মুকুট অর্জন
চাইন অন ডেক্স,ডিব্রুগড়,৯মার্চ: ডিব্ৰুগড় প্ৰেছ ক্লাবৰ স্বর্ণ জয়ন্তী উপলক্ষে ইনড’ৰ স্টেডিয়ামত আৰম্ভ হোৱা সদৌ অসম প্রাইজমানি মিডিয়া বেডমিন্টন প্রতিযোগিতাত বেছমা হাইদৰে দ্বি-মুকুট অর্জন কৰিছে। প্রতিযোগিতাখনৰ মহিলাৰ একক শাখাত এন ই লাইভৰ বেছমা হাইদবে এন ডি ২৪ৰ প্ৰিয়ংকা সেনাপতিক ১১-২, ১১-৬ গেমত পৰাস্ত কৰি চেম্পিয়ন হয়। আনহাতে মিক্সড ডাবলছত এন ই লাইভৰ বেছমা হাইদৰ আৰু নিউজ লাইভৰ স্বপ্নশ্রী গোস্বামীয়ে এন ডি ২৪ৰ প্রিয়ংকা সেনাপতি আৰু সন্তোষ যাদৱক ১১-৫, ১১-২ গেমত পৰাস্ত কৰি বিজয়ীৰ সন্মান অর্জন কৰে। পুৰুষৰ একক শাখাত নিউজ লাইভব স্বপ্নশ্রী গোস্বামী, এন ডি ২৪ৰ সন্তোষ যাদৱ, আকাশবাণী ডিব্ৰুগড়ব চাপান ডোৰেন্দ্র আৰু নাহৰকটীয়া প্ৰেছ গ্রীণ্ডৰ বিকিৰণ সোনোৱালে ছেমি ফাইনেলত প্রবেশ কৰিছে। পুরুষৰ দ্বৈত শাখাত নিউজ লাইভৰ স্বপ্নশ্রী গোস্বামী আৰু এন ডি ২৪ৰ সন্তোষ যাদৱ যুটি, চাবুৱা প্রেছ ক্লাবৰ ৰণদ্বীপ চুৰী আৰু এন ই লাইভৰ প্রণীব দাস যুটি, আকাশবাণী ডিব্ৰুগড়ৰ শান্তনু পাল চৌধুৰী আৰু চাপান ডোবেন্দ্র আৰু নাহৰকটীয়া প্ৰেছ গ্রীল্ডৰ বিকিৰণ সোনোৱাল আৰু দীপাংকৰ কটকীয়ে ছেমি ফাইনেলত প্রবেশ কবিছে। ডিব্রুগড় জিলাৰ নির্বাচনী বিষয়া প্রাঞ্জিল গগৈয়ে প্রতিযোগিতাখনি আনুষ্ঠানিকভারে উদ্বোধন কৰে। প্রেছ ক্লাবৰ সাধাৰণ সম্পাদক বিপুঞ্জয় দাসে উদ্দেশ্য ব্যাখ্যা কৰা উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড়ৰ মহকুমাধিপতি এম থাউচেন, ডিব্ৰুগড় পৌৰ নিগমব মেয়ৰ ডাঃ সৈকত পাত্র, উপ-মেয়ৰ উজ্জ্বল যুকন, ডিব্রুগড় জিলা ক্রীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া আদিয়ে শুভেচ্ছামূলক বক্তব্য আগবঢ়াই।