...

নগাঁৱৰ উৰিয়াগাঁৱত ৫১৬ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন

Spread the love

নগাঁৱৰ উৰিয়াগাঁৱত ৫১৬ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা: 

সদৌ অসম কোচ ৰাজবংশী সন্মিলনী নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু জিলা মহিলা সন্মিলনীৰ সহযোগত ৫১৬ সংখ্যক বিশ্ব মহাবীৰ চিলাৰায় দিৱস উদযাপন কৰা হয়। এই উপলক্ষে উৰিয়াগাঁও খেলপথাৰত পুৱা পৰিৱেশ নিকাকৰণ কাৰ্যসূচীৰ পাছতেই গছপুলি ৰোপণৰ শুভাৰম্ভ কৰে নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি মনোজ কুমাৰ শইকীয়াই । ইয়াৰ পাছতে পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি প্ৰভাত বৰাই আৰু শ্বহীদ তৰ্পণ কৰে ৰাজ্যিক সদস্য পৰাগধৰ বৰুৱাই। বিশ্ব মহাবীৰ চিলাৰায় আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে নগাঁও জিলা মহিলা সন্মিলনীৰ সভানেত্ৰী কল্পনা ডেকা, সম্পাদিকা অনামিকা ৰাজকুমাৰী, সন্মিলনীৰ ৰহা,হাতীচোং আঞ্চলিক সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ ডেকা, মাখন বৰাই। দুপৰীয়া নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি প্ৰভাত বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাখন উদ্বোধন কৰে কনচেপ্ট ছিনিয়ৰ চেকেণ্ডেৰী বিদ্যালয়ৰ অধ্যক্ষ দীপ কুমাৰ বৰাই। সভাত বিশিষ্ট অতিথি হিচাপে চামগুৰি সমষ্টিৰ বিধায়ক দিপ্লুৰঞ্জন শৰ্মা উপস্থিত থাকি ভাষণ প্ৰদান কৰি কয় যে ভাৰতবৰ্ষ বীৰ-বীৰাংগনাৰ দেশ। মহাবীৰ চিলাৰায় এগৰাকী মহাবীৰেই নাছিল। বীৰ মানে অকল যোদ্ধাই নহয়। বীৰ মানে চৰিত্ৰ বলৰ জৰিয়তে যিজন ব্যক্তিয়ে শতিকা জুৰি গোটেই জাতিটোক এক অমৃত সঞ্জীৱনী দি আহিছে। তেখেত হৈছে মহাবীৰ চিলাৰায়। গুৰুদুজনাৰ সৃষ্টিৰাজিৰ জৰিয়তে অসমবাসীয়ে বিশ্বৰ দৰবাৰত নিজকে যি চিনাকি দিব পাৰিছে। সেই গুৰুদুজনাৰ ৰচনাৰ ক্ষেত্ৰতো মহাৰাজ নৰনাৰায়ণ আৰু বীৰ চিলাৰায়ৰ ভূমিকা আছে। বিধায়ক শৰ্মাই ভাষণ প্ৰসংগত কয় যে মহাবীৰ চিলাৰায় এগৰাকী যোদ্ধাই নাছিল। তেওঁৰ অদম্য সাহস,দুৰ্দমনীয় বীৰত্ব আৰু যুগমীয়া স্বদেশপ্রেমে প্রতিটো প্রজন্মকে অনুপ্ৰেৰণা দি যাব বুলি মন্তব্য কৰে। সভাত আদৰণি সমিতিৰ সভাপতি অমূল্য চন্দ্ৰ বৰা আৰু নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে সীমান্ত বিভাগৰ গৱেষক বিষয়া জগন্নাথ জ্যোতি বৰাই। নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সাধাৰণ সম্পাদক জয়ন্ত হাজৰিকাই আঁত ধৰা সভাত নগাঁও জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলী হাজৰিকা,জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকা,সমাজকৰ্মী অনিৰ্বাণ গোস্বামী, মৃনাল হাজৰিকা,বিদ্যুৎ বৰা, খৰ্গেশ্বৰী বৰা,উদযাপন সমিতিৰ সম্পাদক ৰন্টু কুমাৰ ভুঞা প্ৰমুখ্যে বহু ব্যক্তি উপস্থিত আছিল। পৰিণীতা শইকীয়াৰ বৰাৰ বৰগীতেৰে আৰম্ভ হোৱা সভাত সত্ৰীয়া নৃত্য আৰু জনগোষ্ঠীয় নৃত্য প্ৰদৰ্শন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *