...

ডুবাইত আজি চেম্পিয়নছ ট্ৰফীৰ খিতাপ যুঁজৰ মেচ

Spread the love

ফেভাৰিট টীম ইণ্ডিয়াৰ সন্মুখত আত্মবিশ্বাসী নিউজিলেণ্ড

ডুবাই,৯মার্চঃ সুদীর্ঘ ১২ বছৰৰ পিছত আইচিচি চেম্পিয়নছ ট্ৰফীৰ খিতাপ পুনৰুদ্ধাৰ কৰাৰ বাবে সাজু হৈছে টীম ইণ্ডিয়া। চলিত চেম্পিয়নছ ট্রফীৰ আজি ডুবাইত হ’বলগীয়া খিতাপ যুঁজৰ মেচখনত টীম ইণ্ডিয়াৰ প্ৰতিদ্বন্দ্বী হ’ল নিউজিলেণ্ড।মেচখনত টীম ইণ্ডিয়াক ফেভাৰিট আখ্যা দিয়া হৈছে যদিও আত্মবিশ্বাসী নিউজিলেণ্ডে ভাৰতৰ সন্মুখত হেঙাৰ হিচাপে থিয় দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে। আইচিচিৰ নক আউট মেচত নিউজিলেণ্ডৰ বিপক্ষে টীম ইণ্ডিয়াৰ ফলাফল বিশেষ সুবিধাজনক নহয়। এতিয়ালৈকে দুয়োটা দলে আইচিচিৰ নক আউট মেচত চাৰিবাৰ মুখামুখি হৈছে আৰু ইয়াৰে তিনিবাৰ নিউজিলেণ্ডে জয়লাভ কৰাৰ বিপৰীতে ভাৰতে মাত্ৰ এবাৰহে জয়ৰ সোৱাদ লাভ কৰিছে। ২০০০ চনত চেম্পিয়নছ টুফীৰ ফাইনেলত নিউজিলেণ্ডে ভাৰতক পৰাস্ত কৰাৰ উপৰি ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ ছেমিফাইনেল আৰু বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলতো টীম ইণ্ডিয়াক পৰাস্ত কৰিছিল নিউজিলেণ্ডে।অৱশ্যে আজি ফাইনেল মেচখনত কিৱি বাহিনীৰ বিপক্ষে এক বিশেষ ৰণনীতিৰে নামিব ৰোহিত ব্রিগেডে। স্পিনাৰেৰে মেচখনত চাৰিগৰাকী স্পিনাৰেৰে অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে ভাৰতীয় দলটোৱে। কুলদীপ যাদব, বৰুণ চক্রবর্তী, অক্ষৰ পেটেল আৰু ৰবীন্দ্র জাদেজাই ভাৰতীয় দলটোৰ মূল একাদশত স্থান লাভ কৰাৰ অধিক সম্ভাবনা আছে।ইফালে পেচ বলিঙৰ দায়িত্বত থাকিব মহম্মদ ছামি আৰু অৰ্শদীপ সিং। প্রতিযোগিতাখনত অপৰাজেয় হৈ থকা টীম ইণ্ডিয়াই গ্রুপ পর্যায়ৰ মেচত নিউজিলেণ্ডক পৰাস্ত কৰিছিল।কাইলৈ খিতাপ যুঁজৰ মেচখনত বিজয় সাব্যস্ত কৰি প্রতিযোগিতাখনত অপৰাজেয় হৈ অভিযান সামৰাৰ লক্ষ্য লৈছে ভাৰতীয় দলটোৱে। ফাইনেল মেচখনত বৰুণ চক্ৰৱৰ্তী ভাৰতীয় দলটোৰ মূল অস্ত্ৰ হোৱাৰ পূর্ণ সম্ভাৱনা আছে। কাৰণ প্রতিযোগিতাখনৰ দুখন মেচত অংশ লৈ যাদুকৰী স্পিনেৰে বিপক্ষ দলৰ ত্ৰাসৰ কাৰণ হৈ পৰিছিল।উল্লেখ্য যে নিউজিলেন্ডে ২০০০ চনত চেম্পিয়নছ ট্রফীৰ খিতাপ জয় কৰাৰ বিপৰীতে টীম ইণ্ডিয়াই ২০০২ চনত শ্রীলংকাৰে যুটীয়াভাবে চেম্পিয়ন হোৱাৰ লগতে ২০১৩ চনতো প্রতিযোগিতাখনৰ খিতাপ জয় কৰিছিল।

খেলৰ সময়: দিনৰ ২.৩০ বজা।

Leave a Reply

Your email address will not be published. Required fields are marked *