কামৰূপৰ টুপামাৰী আৰক্ষী চকীৰ অধীনস্থ কড়িতলা বজাৰত বুধবাৰে কাহিলী পুৱাতে সংঘটিত হয় এক দোকান চুৰিকাণ্ড।বজাৰখনৰ আনছাৰুল হকৰ ৰন্ধন গেছৰ সা সামগ্ৰীৰ দোকানখনৰ তলা ভাঙি লুটি নিয়ে চোৰে।আনুমানিক ৬০/৭০ হাজাৰ টকাৰ সামগ্ৰী লুটি নিয়া বুলি জানিবলৈ দিয়ে দোকানৰ গৰাকীয়ে।ইফালে ওচৰৰে দোকান এখনৰ সন্মুখত থকা চিচি টিভি কেমেৰাত বন্দী হয় এই চুৰিকাণ্ডৰ সমগ্ৰ দৃশ্য। বন্দী হোৱা দৃশ্য মতে চাৰিচকীয়া বাহনেৰে দোকানৰ সামগ্ৰী লুটি পুনৰ বাহন খনেৰেই উধাও হয় চোৰ।বজাৰখনত মাজে-সময়ে সংঘটিত হোৱা চুৰিকাণ্ড ৰোধ কৰিবলৈ আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.