*এগৰাকী সমজিলা আয়ুক্ত শিল্পীকা কলিতাৰ মহানুভৱতা*
মৈৰাবাৰীৰ বৃদ্ধাশ্ৰমৰ আৱাসীৰ লগত মত-বিনিময়
নগাঁৱৰ পৰা ঋতু পর্ণ শৰ্মা
যিসময়ত জীৱনৰ আটাইতকৈ শেষৰ স্তৰ বৃদ্ধাৱস্থাত নিজ পিতৃ-মাতৃয়েই বহুতৰ বাবে হৈ পৰে এক বব নোৱাৰা বোজা,সেই বৃদ্ধাশ্ৰমৰ স্মৃতি ৰোমন্থন এগৰাকী সফল তথা সুদক্ষ প্ৰশাসনিক বিষয়া শিল্পীকা কলিতাৰ। বহু ব্যস্ততাৰ মাজতো সুৰুঙা উলিয়াই মৰিগাঁও জিলাৰ লাহৰীঘাট সমজিলাৰ আয়ুক্ত শিল্পীকা কলিতাই ৭৭সংখ্যক গণৰাজ্য দিৱসৰ দিনা মৈৰাবাৰীস্থিত বৃদ্ধাশ্ৰমৰ আৱাসীসকলৰ লগত মত-বিনিময় কৰে। লগতে বহু অসুবিধাৰ মাজতো আশ্ৰমখনৰ সুন্দৰ পৰিচৰ্যা দেখি সমাজসেৱক আজহাৰ উদ্দিন আহমেদৰ লগতে উক্ত বৃদ্ধাশ্ৰম কৰ্তৃপক্ষৰ শলাগ লয় । ইয়াৰ মাজতে তেওঁ আৱাসীসকলৰ মাজত বিভিন্ন ধৰণৰ ফলমূল আদিও বিতৰণ কৰে। বৃদ্ধা অৱস্থা যেন শিশু অৱস্থাৰ পুনৰাবৃত্তি। বৃদ্ধ লোকৰ চকুজুৰি চালেই অনুমান কৰিব পাৰি জীৱনৰ বিয়লি বেলাত স্মৃতিৰ পাত লুটিয়াই এৰি অহা দিনৰ স্মৃতিবোৰে বৃদ্ধ লোক এজনক কিমান কাতৰ কৰি তোলে। বেছি সংখ্যকেই হয়তো নিজৰ পৰিয়ালৰ পৰা অৱহেলিত হৈ বৃদ্ধাশ্ৰমত আশ্ৰয় ল’বলগীয়া হৈছে । সদায় বহু আশাৰে পৰিয়ালৰ কাৰোবাৰ মুখখন চাবলৈ বাট চাই থকা দৃশ্য অতি কষ্টকৰ। বৃদ্ধাশ্ৰমলৈ আহিলে আপুনিও মন কৰিব শুকান,কৰুণ আৰু কোঁচ খোৱা ছালৰ মুখনত কিমান গভীৰ আশা লৈ বৃদ্ধাশ্ৰমৰ বেঞ্চত বহি আলিবাটলৈ চকু আবদ্ধ কৰি ৰখা কৰুণ,হতাশাভৰা আৰু নিসংগতাৰ একোখন নিটোল তথা দৈনন্দিন চিত্ৰ। সমআয়ুক্ত শিল্পীকা কলিতাই সংবাদ মাধ্যমৰ জৰিয়তে পৰিয়ালৰ লগতে সকলোকে আহ্বান জনায়,আমাৰ প্ৰত্যেকৰে জীৱনত বয়োজ্যেষ্ঠ লোকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেখেতসকলৰ মনত কোনেও কষ্ট নিদিব। কলিতাই কয়,”আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে এই বৃদ্ধাশ্ৰমত মই উপস্থিত হৈছোঁ। আমাৰ অফিচৰ কিছু কৰ্মকৰ্তা আৰু কিছু পাব্লিকৰ সৈতে। ইয়ালৈ মই আগতেও আহিছিলোঁ এবাৰ শ্বহীদ দিৱস উপলক্ষে। সেইদিনাখন আহি মোৰ এনেকুৱা ভাব হৈছিল তেওঁলোকে হয়তো মোৰ কাৰণে ইমান দিনলৈকে ৰৈ আছিল। কাৰণ তেওঁলোকৰ চকুত যি অশ্ৰুবন্যা মই দেখা পাইছিলোঁ আৰু আজিও সেই আনন্দ আৰু অশ্ৰুবন্যা মই দেখিছোঁ ।”