...

ডিব্ৰুগড়ত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয়ভাৱে আয়োজিত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ত্ৰিৰংগ পতাকা উত্তোলন মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

Spread the love

ডিব্ৰুগড়ত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয়ভাৱে আয়োজিত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীত ত্ৰিৰংগ পতাকা উত্তোলন মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

 

অসমে বিকাশ আৰু অস্তিত্ব ৰক্ষাৰ সমান্তৰালভাৱে যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰাৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছেঃ মুখ্যমন্ত্ৰী
এক-ডেৰ দশক পূৰ্বৰ অসমৰ সময় এতিয়া সলনি হৈছেঃ মুখ্যমন্ত্রী

চাইন অন ডেস্ক: :

ভাৰতবৰ্ষৰ গণৰাজ্য দিৱস উপলক্ষে অসম চৰকাৰে দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড়ত কেন্দ্রীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি পতাকা উত্তোলন কৰাৰ লগতে ৰাজ্যবাসীৰ উদ্দেশ্যি ভাষণ প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই জাতিৰ পিতা মহাত্মা গান্ধীৰ লগতে যিসকল মহান ভাৰতীয়ৰ ত্যাগৰ ফলত ভাৰতবৰ্ষই গণৰাজ্যৰ পৰিচয় লাভ কৰিলে তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তেওঁ ভাৰতৰত্ন ড° বি আৰ আম্বেদকাৰৰ লগতে সংবিধানৰ প্ৰণেতাসকলক শ্ৰদ্ধাৰে স্মৰণ কৰে। মুখ্যমন্ত্ৰী ড° শৰ্মাই ২০২৬ বৰ্ষৰ পদ্মশ্রী সম্মানেৰে সম্মানীত অসমৰ পাঁচগৰাকীকৈ সুযোগ্য সন্তান ক্রমে- প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী সদ্য প্রয়াত কবীন্দ্ৰ পুৰকায়স্থ, বিশিষ্ট সত্ৰীয়া শিল্প হৰিচৰণ শ‍ইকীয়া, এড়ি আৰু ৰেচম বিশেষজ্ঞ যোগেশ দেউৰী, প্ৰসিদ্ধ ভাস্কৰ্য্য শিল্পী আৰু কলা নিদের্শক নুৰুদ্দিন আহমেদ আৰু প্ৰসিদ্ধ লোক শিল্পী পখিলা লেকথেপীৰ পদ্ম সম্মান প্রাপ্তিয়ে অসমবাসীক গৌৰৱাম্বিত কৰিছে বুলি উল্লেখ কৰে। ড° শৰ্মাই প্রয়াত কবীন্দ্ৰ পুৰকায়স্থৰ পৰিয়ালবৰ্গৰ লগতে আন পদ্ম সম্মান প্রাপকসকলক অভিনন্দন জ্ঞাপন কৰে।
ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই ভাৰতৰ সংবিধান ৰচনাৰ ঐতিহাসিক পটভূমিৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত লোকমান্য বাল গংগাধৰ তিলক, মতিলাল নেহৰুৰ লগতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী লোকপ্ৰিয় গোপীনাথ
বৰদলৈয়ে লোৱা ভূমিকাৰ আলোকপাত কৰে। বাবা চাহেব আম্বেদকাৰক ভাৰতীয় সংবিধানৰ মূল ৰূপকাৰ বুলি উল্লেখ কৰি তেওঁ কয় যে জৱাহৰলাল নেহৰুৰ প্ৰাৰম্ভিক আপত্তি সত্ত্বেও জাতিৰ পিতা মহাত্মা গান্ধীৰ আস্থাত বাবা চাহেব আম্বেদকাৰে সংবিধানৰ খচৰা সমিতিৰ নেতৃত্ব লাভ কৰিছিল আৰু সংবিধান প্ৰণয়নৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ প্ৰচেষ্টাত দেশৰ সংবিধানখন ৰচনা হৈছিল।
মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে সংবিধানখন হৈছে ভাৰতীয় গণতন্ত্ৰৰ আত্মা। সংবিধানখনে আমাক যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ আধাৰ দিছে আৰু বিকেন্দ্ৰীকৃত শাসন ব্যৱস্থাৰ জৰিয়তে সকলো অঞ্চলৰ সমবিকাশৰ বাবে কাম কৰি যাবলৈ নীতি-নিদের্শনা দিছে। তেওঁ কয় যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সংবিধানে স্থাপন কৰা বিধিৰ শপত লৈ অটল, অবিচল, অগ্রগামী গতিৰে অসমখন বিকাশৰ অনিৰুদ্ধ গতিৰে আগবঢ়াই নিবলৈ সংকল্প লৈছে। আজিৰ পৰা এক ডেৰ দশক পূৰ্বে স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসৰ দিনবোৰ কার্ফিউ আৰু বয়কট দিন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এতিয়া সময় সলনি হৈছে আৰু ৰাজ্যবাসীয়ে স্বতঃস্ফূর্তভাৱে এনে দিৱসবোৰত অংশ ল’বলৈ ওলাই আহিছে। ভাষণত মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্যৰ লগতে উজনি অসমৰ এই পৰিৱৰ্তিত যাত্ৰাত নতুন গতি দি অহা ৩০ জানুৱাৰীত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে প্রায় ৩০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া ৰাজ্যৰ দ্বিতীয়টো বিধানসভা চৌহদৰ শিলান্যাস কৰিব । যাৰ ফলত আহিবলগীয়া দিনবোৰত ডিব্ৰুগড়ৰ ভূমিৰ পৰা ৰাজ্যৰ ভাগ্য আৰু ভৱিষ্যতৰ সৈতে জড়িত বিষয়ত বিতর্ক আৰু আলোচনাৰ জৰিয়তে নতুন সিদ্ধান্ত লৈ ৰূপান্তৰৰ পথেৰে অসম আগুৱাই যাব। ড° শৰ্মাই লগতে উল্লেখ কৰে যে ডিব্ৰুগড়ত গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ এক ‘চার্কিট বেঞ্চ’ স্থাপনৰ বাবে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ জনোৱা হৈছে।
মুখ্যমন্ত্ৰীয়ে কয় যে ডিব্ৰুগড়ৰ পৰা অসমৰ প্ৰশাসনিক আৰু যোগাযোগৰ আন্তঃগাঁথনিৰ ভেটি প্রতিষ্ঠা হৈছিল। তদুপৰি অসমৰ ঔদ্যোগিক বিকাশৰো আৰম্ভণি ঘটিছিল ডিব্ৰুগড়ৰ পৰা। যি সামগ্ৰিকভাৱে অসমৰ বিকাশত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাইছিল। কিন্তু পূৰ্বৰ বিৰোধী দলৰ চৰকাৰৰ অমনোযোগিতা, অৱহেলা আৰু অপশাসনৰ বাবে ৰাজ্যৰ ঔদ্যোগিক বিকাশ স্থবিৰ হৈছিল, যাৰ ফলত অর্থনৈতিক দিশত গুৰুতৰ সমস্যাই দেখা দিছিল। তেওঁ কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰ্শন, আদৰ্শ আৰু অৰ্থনৈতিক দূৰদৃষ্টিৰে আজি অসমখন আগুৱাই গৈছে আৰু ফলত ৰাজ্যখনে অর্থনৈতিক পুনৰ জাগৰণৰ নতুন অধ্যায় মুকলি কৰিবলৈ সক্ষম হৈছে। তেওঁ কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ তথ্য অনুসৰি যোৱা পাঁচ বছৰত অসমৰ অৰ্থনীতিয়ে ভাৰতৰ সৰ্বাধিক দ্ৰুতগতিত বৃদ্ধি পোৱা ৰাজ্যিক অর্থনীতি হিচাপে আত্মপ্রকাশ কৰিছে। তদুপৰি মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনো দ্ৰুতগতিত বৃদ্ধি হৈ এটা দশকৰো কম সময়ৰ ভিতৰত ৰাজ্যখনৰ অৰ্থনীতিৰ আকাৰ প্ৰায় তিনিগুণলৈ বৃদ্ধি পাইছে। তেওঁ লগতে কয় যে যোৱা বছৰ ফেব্ৰুৱাৰী মাহত ৰাজ্যত আয়োজিত এডভান্টেজ আছাম ২.০ শীৰ্ষক আন্তঃগাঁথনি আৰু বিনিয়োগ সম্মিলনত অসমে প্রায় পাঁচ লাখ কোটিৰো অধিক টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ কৰিছিল আৰু ইতিমধ্যে প্রায় তিনিলাখ কোটি টকাৰ প্ৰকল্প কাৰ্যকৰী হোৱাৰ পথত আগবাঢ়িছে। এনে এখন উজ্জীৱিত অসমৰ প্ৰতিনিধি হিচাপে যোৱা ২০ ৰ পৰা ২২ জানুৱাৰীলৈ ছুইজাৰলেণ্ডৰ ডাভোছত দেশক প্ৰতিনিধিত্ব কৰি ২০২৬ বৰ্ষৰ বৰ্ল্ড ইকনমিক ফ’ৰামৰ বাৰ্ষিক বৈঠকত তেওঁ উপস্থিত থকাৰ কথা ব্যক্ত কৰি কয় যে এই বৈঠকৰ জৰিয়তে অসমে প্রায় ডেৰ লাখ কোটি টকা নতুন বিনিয়োগৰ প্ৰতিশ্ৰুতি লাভ
কৰিছে।
অসমৰ বিকাশৰ সৈতে কেৱল আন্তঃগাঁথনি নিৰ্মাণৰ কথা জড়িত নাই বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ সৈতে অসমৰ পৰিচয়ো গভীৰভাৱে জড়িত হৈ আছে। পূৰ্ববংগীয় লোকসকলৰ অনুপ্ৰৱেশে অসমৰ জনগাঁথনিত ব্যাপক প্রভাৱ পেলাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০২৭ চনত হ’বলগীয়া লোকগণনাৰ সৈতে ২০১১ চনৰ লোকগণনা তুলনা কৰিলে ৰাজ্যত পূর্ববংগীয় লোকৰ সংখ্যা ৪০ শতাংশলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। আজি ৰাজ্যৰ ১২ খন জিলা হিন্দু লোক সংখ্যালঘুত পৰিণত হৈছে। অসমৰ ৬৩.৮৮ লাখ বিঘা ভূমি অচিনাকী লোকৰ বেদখলত পৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে পূৰ্বৰ কোনো চৰকাৰে এই বেদখল উচ্ছেদৰ বাবে প্রয়োজনীয় পদক্ষেপ গ্রহণ নকৰিলে। কিন্তু ২০২১ চনৰ পৰা ৰাজ্য চৰকাৰে ছিপাঝাৰৰ গৰুখুঁটি, বুঢ়াচাপৰি বণ্যপ্রাণী অভয়াৰণ্য, লামডিং, পবা, পাইকান, ৰেংমা, দৈয়াং আৰু দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলকে ধৰি বিভিন্ন বেদখলকৃত ভূমিত উচ্ছেদ অভিযান চলাই ডেৰ লাখ বিঘাতকৈ অধিক ভূমি বেদখলমুক্ত কৰিছে। এনেদৰে বটদ্ৰৱাৰ বেদখলমুক্ত ভূমিত ৰাজ্য চৰকাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছে বুলি তেওঁ কয়। ৰাজ্যৰ পৰা অনুপ্ৰৱেশকাৰী বহিষ্কাৰৰ বাবে ১৯৫০ চনতে প্ৰণয়ন কৰা বিদেশী বহিষ্কাৰ কৰা ‘প্ৰব্ৰজন (অসমৰ পৰা বহিস্কৰণ) আইন, ১৯৫০’ খনক উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ ন্যায্যতা প্ৰদান কৰাৰ পিছৰে পৰা ৰাজ্য চৰকাৰে সক্ৰিয়তাৰে ইয়াক কাৰ্যকৰী কৰিছে। বিদেশীক অসমৰ সীমাৰ বাহিৰ কৰি খেদিওৱাৰ ক্ষেত্ৰত জিলা আয়ুক্তসকলক ৰাজ্য চৰকাৰে অভাৱনীয় ক্ষমতা প্ৰদান কৰিছে বুলিও তেওঁ কয় । অসম আন্দোলন বিদেশী অনুপ্ৰৱেশকাৰীৰ পৰা অসমখন মুক্ত কৰি ৰাজ্যৰ স্বাভিমান, ভাষা-কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্য সুৰক্ষিত কৰাৰ মহান সংগ্রাম আছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে এই আন্দোলনত আত্মবলিদান দিয়া ৮৬০ গৰাকী ছহিদ স্মৃতি চিৰযুগমীয়া কৰিবলৈ অসম চৰকাৰে গুৱাহাটীৰ পশ্চিম বৰা গাঁৱৰ ডেশ বিঘা ভূমিত ছহিদ স্মাৰক ক্ষেত্ৰ নিৰ্মাণ কৰিলে। আনহাতে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই স্মাৰক ক্ষেত্ৰত উপস্থিত হৈ ছহিদৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰি তেওঁলোকক ৰাষ্ট্ৰীয় মর্যাদা দিলে। তেওঁ কয় যে ৰাজ্যৰ ভূমিহীন খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ সুনিশ্চিত কৰাৰ দিশত অসম চৰকাৰে বলিষ্ঠতাৰে পদক্ষেপ লৈ প্ৰায় ৪.১৫ লাখ বিঘা ভূমি বন্দবস্তি দিবলৈ সক্ষম হৈছে।
ৰাজ্য চৰকাৰে বহুকেইটা সুদূৰপ্ৰসাৰী পদক্ষেপৰ ৰূপায়ণ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে বাল্য বিবাহ ৰোধৰ পিছত এতিয়া বহু বিবাহ ৰোধৰ উদ্দেশ্যে অসম বিধানসভাত এখন ঐতিহাসিক আইন প্রণয়ন কৰিবলৈ সক্ষম হৈছে। বিকাশৰ সৈতে জাতীয় অস্তিত্ব আৰু কলা-সংস্কৃতি গভীৰভাৱে জড়িত হৈ আছে বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ যৌথ সহযোগিতাৰ ফলস্বৰূপে চৰাইদেউৰ মৈদামে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰাৰ উপৰি অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে । তদুপৰি এনচিইআৰটিৰ পাঠ্যক্ৰমত মহাবীৰ লাচিতৰ পাঠ অন্তর্ভুক্ত হ’ল তথা যোৰহাটৰ হোলোঙাপাৰত ১২৫ ফুট উচ্চতাৰ লাচিতৰ প্ৰতিমূৰ্তিও স্থাপন কৰা হ’ল। ইয়াৰ লগতে বাপতিসাহোন বিহু, চাহ জনজাতিৰ প্ৰতীক ঝুমইৰ আৰু বড়ো সংস্কৃতিৰ অপূৰ্ব নিদর্শন বাগুৰুমবাক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ ৰাজ্য চৰকাৰ সক্ষম হ’ল। যোৱা পাঁচ বছৰত ৰাজ্য চৰকাৰে গঁড়ৰ চোৰাংচিকাৰ সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ সক্ষম হ’ল বুলিও তেওঁ মন্তব্য
কৰে। ঔদ্যোগিক ক্ষেত্ৰত অসমৰ চমকপ্ৰদ উত্থান হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে নুমলীগড়ত দেশৰ প্ৰথমটো বায়’ ইথানল প্লান্ট মুকলি হোৱাৰ উপৰি নামৰূপত ১০ হাজাৰ কোটিৰো অধিক টকা ব্যয়েৰে সাৰ কাৰখানাৰ চতুৰ্থটো গোট নিৰ্মাণৰ শিলান্যাস কৰা হৈছে। ছেমিকণ্ডাক্টৰৰ ক্ষেত্ৰত জাগীৰোডত স্থাপন কৰা উদ্যোগটোৰ পৰা ছমাহমানৰ পিছতে চিপ উৎপাদন হ’ব আৰু অসম চিপ ৰপ্তানিৰ কেন্দ্ৰলৈ ৰূপান্তৰিত হ’ব । পথ যোগাযোগ ক্ষেত্ৰত যুগান্তকাৰী পৰিৱৰ্তন হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ২০১৬ চনৰ পিছত ধলা- শদিয়া দলং, বগীবিল দলং, শৰাইঘাটৰ নতুন দলং আৰু কলিয়াভোমোৰাৰ নতুন দলঙৰ মুকলি হোৱাৰ উপৰি বৰ্তমান আন চাৰিখন দলং ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা হৈছে। তেওঁ লগতে কয় যে শীঘ্ৰে ব্ৰহ্মপুত্ৰৰ তলেৰে নুমলীগড়-গহপুৰ সংযোগী সুৰংগ পথ নিৰ্মাণৰ বাবেও কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাব। তদুপৰি কাজিৰঙাত ৩৫ কিলোমিটাৰ দীঘল এলিভেটেড কৰিডৰৰ ইতিমধ্যে শিলান্যাস কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে কয় যে প্রায় দুবছৰৰ ভিতৰত এই এলিভেটেড কৰিডৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ’ব আৰু ইয়াৰ ফলত ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজৰ দুৰত্ব এক ঘণ্টা হ্রাস পাব। তেওঁ লগতে ডিব্ৰুগড় আৰু গুৱাহাটীৰ মাজত তথা গুৱাহাটী আৰু শিলিগুৰিৰ মাজত এক্সপ্ৰেছ কৰিডৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথাও ব্যক্ত কৰে। ড° শৰ্মাই কয় যে ডিব্ৰুগড়- গুৱাহাটী এক্সপ্ৰেছ কৰ্ডিৰ নিৰ্মাণ হ’লে দুয়োখন ঠাইৰ মাজৰ দুৰত্ব প্ৰায় চাৰি ঘণ্টালৈকে হ্ৰাস পাব। তেওঁ কয় যে নির্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে আৰু মৰাণত ৰাষ্ট্ৰীয় ঘাইপথত জৰুৰীকালীন অৱতৰণৰ যি ব্যৱস্থা নিৰ্মাণ কৰা হৈছে তাত বিমানেৰে অৱতৰণ কৰিবলৈ প্ৰধানমন্ত্রীক নিমন্ত্রণ জনোৱা হৈছে। প্ৰতিখন জিলাতে চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণৰ সপোন দেখা আগশাৰীৰ ৰাজ্য হিচাপে অসমে বিকাশ আৰু অস্তিত্ব ৰক্ষাৰ সমান্তৰালভাৱে যুৱ প্ৰজন্মৰ আশা-আকাংক্ষা বাস্তৱায়িত কৰাৰ দিশত নিৰন্তৰ প্ৰয়াস অব্যাহত ৰাখিছে বুলি তেওঁ কয়। নিৰ্বাচনৰ সময়ত ৰাজ্যত ১ লাখ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই প্রতিশ্রুতি অতিক্ৰম কৰি অসম চৰকাৰে সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰ ভিত্তিত ১.৫৬ লাখৰো অধিক যুৱক-যুৱতীক নিযুক্তি প্ৰদান কৰিলে তথা ফেব্ৰুৱাৰী মাহৰ ভিতৰত আৰু কেইবা হাজাৰো নিযুক্তি প্ৰদান কৰা হ’ব। যুৱচামৰ উদ্যমিতা বিকাশৰ বাবে ৰূপায়ণ কৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানে উদ্যমিতাক নতুন গতি দিছে বুলি মন্তব্য কৰি তেওঁ কয় যে অহা ফেব্ৰুৱাৰী মাহত ১ লাখ যুৱ উদ্যমীক বেংকৰ ঋণ নোহোৱাকৈ ২ ৰ পৰা ৫ লাখ টকালৈকে আর্থিক সাহায্য আগবঢ়োৱা হ’ব। অসমত ষ্টার্টআপ ক্ষেত্ৰখন অধিক সবল কৰিবলৈ ৰাজ্যৰ অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত ষ্টার্টআপ ইনকিউবেশ্যন চেণ্টাৰ নিৰ্মাণৰ লক্ষ্য লৈছে বুলিও তেওঁ কয়।
চাহ উদ্যোগটোৱে অসমক অনন্য পৰিচয় দিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে চাহ জনজাতি আৰু আদিবাসী সমাজৰ সৰ্বাংগীণ বিকাশৰ বাবে অসম চৰকাৰে ধাৰাবাহিকভাৱে পদক্ষেপ গ্রহণ কৰি আহিছে। অসমৰ চাহ শ্রমিক সমাজৰ স্বাৰ্থত এক ঐতিহাসিক সংস্কাৰমুখী পদক্ষেপ লৈ ৰাজ্য চৰকাৰে চাহ বাগানৰ লেবাৰ লাইনত বসবাস কৰা চাহ শ্রমিক পৰিয়ালসমূহক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে আগবাঢ়িছে বুলি তেওঁ কয়। চাহ জনজাতি আৰু আদিবাসী সমাজৰ বাবে লোৱা বিভিন্ন পদক্ষেপ কথা উল্লেখ কৰি ড° শৰ্মাই কয় যে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদত কৰা সংৰক্ষণৰ ফলত জনগোষ্ঠীটোৰ প্ৰায় ১ হাজাৰ যুৱক- যুৱতীয়ে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে ৰাজ্য চৰকাৰৰ
নিৰন্তৰ বিকাশমুখী পদক্ষেপ জৰিয়তে প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজৰ অধিকাৰ লাভ কৰাৰ লগতে অসমখন স্থায়ী শাস্তিৰ ৰাজ্যত পৰিণত হৈছে। বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সৈতে স্বাক্ষৰিত শান্তিচুক্তিসমূহে শান্তিৰ এনে বাতাবৰণ গঢ়ি তুলিছে বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে অসমৰ ছটা জনগোষ্ঠীয়ে দীর্ঘদিনে অনুসূচিত জনজাতিৰ অধিকাৰ লাভৰ বাবে যি সংগ্রাম চলাই আহিছে তাৰ ইতিবাচক সমাধানৰ পথ ৰাজ্য চৰকাৰে প্ৰশস্ত কৰিলে। তদুপৰি অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দিশতো সফলতাৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে।
গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই ডিব্ৰুগড় থানা চাৰিআলি স্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ উপৰি খনিকৰ খেলপথাৰত অস্থায়ীভাৱে স্থাপন কৰা ছহিদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰি দেশৰ মুক্তি সংগ্ৰামৰ ছহিদসকলৰ লগতে দেশৰ স্বাধীনতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
নিৰন্তৰ বিকাশমুখী পদক্ষেপ জৰিয়তে প্ৰতিটো জাতি-জনগোষ্ঠীয়ে নিজৰ অধিকাৰ লাভ কৰাৰ লগতে অসমখন স্থায়ী শাস্তিৰ ৰাজ্যত পৰিণত হৈছে। বিভিন্ন উগ্ৰপন্থী সংগঠনৰ সৈতে স্বাক্ষৰিত শান্তিচুক্তিসমূহে শান্তিৰ এনে বাতাবৰণ গঢ়ি তুলিছে বুলি উল্লেখ কৰি ড° শৰ্মাই কয় যে অসমৰ ছটা জনগোষ্ঠীয়ে দীর্ঘদিনে অনুসূচিত জনজাতিৰ অধিকাৰ লাভৰ বাবে যি সংগ্রাম চলাই আহিছে তাৰ ইতিবাচক সমাধানৰ পথ ৰাজ্য চৰকাৰে প্ৰশস্ত কৰিলে। তদুপৰি অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণৰ দিশতো সফলতাৰে ৰাজ্য চৰকাৰ আগবাঢ়িছে।
গণৰাজ্য দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্রী ড° শৰ্মাই ডিব্ৰুগড় থানা চাৰিআলি স্থিত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি জাতিৰ পিতাগৰাকীলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ উপৰি খনিকৰ খেলপথাৰত অস্থায়ীভাৱে স্থাপন কৰা ছহিদ বেদীত পুষ্পাঞ্জলি অৰ্পণ কৰি দেশৰ মুক্তি সংগ্ৰামৰ ছহিদসকলৰ লগতে দেশৰ স্বাধীনতা আৰু অখণ্ডতা ৰক্ষাৰ বাবে জীৱন উৎসৰ্গা কৰা বীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *