...

দহ লক্ষাধিক মুল্যৰ গাঞ্জা ধ্বংস আৰক্ষীৰ

Spread the love

 

দহ লক্ষাধিক মুল্যৰ গাঞ্জা ধ্বংস আৰক্ষীৰ

 

চাইন অন ডেস্ক:

বৰপেটা জিলাৰ আলোপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং বাঘমাৰা চৰত আৰক্ষীয়ে অবৈধ গাঞ্জা খেতিৰ বিৰুদ্ধে আকস্মিক এক অভিযান চলাই প্ৰায় ১০ লক্ষাধিক টকাৰ ভাং গছ কাটি পেট্ৰল ঢালি জ্বলাই দিয়ে।ৰাইজৰ অভিযোগৰ ভিত্তিত  আলোপতি চৰ আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত  ৰাইজৰ সহযোগত এটা বৃহৎ দলে আকস্মিক অভিযান চলাই গাঁৱখনৰ প্ৰায় ৪ টা পৰিয়ালৰ চোতালে চোতালে কৰা এই গাঞ্জা গছবোৰ এফালৰ পৰা কাটি পেট্ৰল ঢালি জ্বলাই দিয়ে।আৰক্ষীৰ এই অভিযানে অঞ্চলটোত অবৈধ গাঞ্জা খেতিয়কৰ মাজত তীব্ৰ ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে সচেতন ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *