...

শতাধিক চাহ শ্ৰমিকৰ পথ দুৰ্ঘটনাত মৃত্যু!

Spread the love

শতাধিক চাহ শ্ৰমিকৰ পথ দুৰ্ঘটনাত মৃত্যু!

বিগত দুটা বৰ্ষত ডিব্ৰুগড় জিলাত সংঘটিত

*চাইন অন ডেস্ক:*

সমগ্ৰ দেশ জুৰি উদ্‌যাপিত হৈ থকা ‘পথ সুৰক্ষা মাহ’ৰ অন্তৰ্গত ডিব্ৰুগড় জিলাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ অৰ্থে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে মঙলবাৰে লেপেটকটাত এক পথ সুৰক্ষা সজাগতা সভাৰ আয়োজন কৰা হয়৷ ডিব্ৰুগড় জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু ‘এবিটা’ৰ ডিব্ৰুগড় চাৰ্কোল, এ ছি এম এছৰ ডিব্ৰুগড় শাখা, আটছাৰ ডিব্ৰুগড় জিলা সমিতি আৰু লেপেটকটা চাহ বাগিচাৰ যৌথ সহযোগত লেপেটকটা চাহ বাগিচাৰ কলঘৰ প্ৰাংগণত আয়োজিত তথা বাগিচাখনৰ ডেৰ শতাধিক শ্ৰমিক-কৰ্মচাৰীৰ উপস্থিতিত অনুষ্ঠিত উক্ত সজাগতা সভাৰ আদৰণি ভাষণ প্ৰদান কৰে চাহ বাগিচাখনৰ মেনেজাৰ ৰজত দাসে৷ সভাত বক্তব্য আগবঢ়াই ‘এবিটা’ৰ ডিব্ৰুগড় চাৰ্কোলৰ সম্পাদক মাধূৰ্য বৰুৱাই জিলা পথ সুৰক্ষা সমিতিৰ স’তে আলোচনা কৰি জিলাখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰীয়া চাহ বাগিচাসমূহত দিনকদিনে বৃদ্ধি পাই অহা পথ দুৰ্ঘটনা হ্ৰাস কৰিবৰ বাবে এনে সভা ধাৰাবাহিকভাৱে প্ৰশাসনৰ সহযোগত ‘এবিটা’ই আয়োজন কৰাত সহযোগিতা কৰি যাব বুলি মন্তব্য কৰে৷ সভাত ডিব্ৰুগড় জিলাৰ যান-বাহন আৰক্ষী পৰিদৰ্শক গৌৰৱজ্যোতি চুতীয়াই তথ্যসহকাৰে পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ কাৰণসমূহ ব্যাখ্যা কৰি এইক্ষেত্ৰত সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিগৰাকী লোকৰ দায়িত্ব সম্পৰ্কে সাৰুৱা বক্তব্য আগবঢ়ায়৷ সভাত ডিব্ৰুগড় জিলা পৰিৱহণ বিষয়া কাৰ্যালয়ৰ এনফ’ৰ্চমেণ্ট পৰিদৰ্শক নৰেন বৰঠাকুৰ, যান-বাহন পৰিদৰ্শক পৰূপজ্যোতি গগৈ, উদ্দীপ্ত হাজৰিকাই আগবঢ়োৱা বক্তব্যত পথ দুৰ্ঘটনা হ্ৰাস কৰাত ‘পঞ্চসূত্ৰ’ মানি চলাৰ কথা উল্লেখ কৰি পথ সুৰক্ষা সম্পৰ্কীয় ভালেমান গুৰুত্বপূৰ্ণ দিশৰ কথা আলোকপাত কৰে৷

প্ৰসংগক্ৰমে পৰূপজ্যোতি গগৈয়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত গ্ৰহণ কৰিবলগা ভূমিকা আৰু ‘গুড চমৰিটান’ আৰু দুৰ্ঘটনাত পতিতসকলৰ চিকিৎসাৰ বাবে চৰকাৰে আগবঢ়োৱা ডেৰ লাখ টকাৰ কেছলেছ আঁচনিৰ সম্পৰ্কতো ব্যাখ্যা আগবঢ়ায়৷ সমগ্ৰ সভাখনিৰ আঁতধৰি জিলা পথ সুৰক্ষা সমিতিৰ সদস্য, পথ সুৰক্ষা কৰ্মী তথা জ্যেষ্ঠ সাংবাদিক ৰতন হাজৰিকাই প্ৰজেক্টৰৰ জড়িয়তে পথ সুৰক্ষাৰ সম্পৰ্কীয় ভালেসংখ্যক ভিডিঅ’ প্ৰদৰ্শন কৰি বিভিন্ন উদাহৰণেৰে কয় যে নিজকে পথ দুৰ্ঘটনাৰ পৰা আঁতৰত ৰাখিবলৈ সজাগতাৰ বাদে বিকল্প নাই৷ বিগত ২০২৪ আৰু ২০২৫ বৰ্ষত ডিব্ৰুগড় জিলাত বিভিন্ন থানাত পথ দুৰ্ঘটনা সম্পৰ্কীয় ৫৭ টা গোচৰ পঞ্জীভুক্ত হোৱাৰ বিপৰীতে বিভিন্ন স্থানত শতাধিক চাহ শ্ৰমিক লোকৰ মৃত্যু হৈছে৷ কেৱল বৰবৰুৱা আৰক্ষী থানাৰ অন্তৰ্গত মুঠ সাতটা পথ দুৰ্ঘটনা সংঘটিত হৈ সমসংখ্যক লোক [যাৰ বয়স ১৮-৩৪ বছৰৰ ভিতৰত]ৰ অকাল মৃত্যু হোৱাৰ কথাও তেওঁ বক্তব্যত উল্লেখ কৰে৷ তদুপৰি ২০২৫ বৰ্ষত দেশত ৰ লাখ ৮০ হেজাৰ লোক পথ দুৰ্ঘটনাত নিহত হোৱাৰ কথা উল্লেখ কৰি দুচকীয়া বাহনত হেলমেট নিপিন্ধাৰ বাবেই ১৮-৩৪ বছৰৰ বয়সৰ বিশেষকৈ নতুন প্ৰজন্মৰ ৩০ হেজাৰ লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে যিটো দেশৰ বাবে মানৱ সম্পদৰ অপচয় হোৱা বুলিও তেওঁ মন্তব্য কৰে৷ কেৱল চৰকাৰকে বাট নেচাই এইদিশত সকলোৱে মিলিজুলি কাম কৰাৰ বাবেও আহ্বান জনাই তেওঁ সামাজিক মাধ্যমকে ধৰি বিভিন্ন প্ৰচাৰ মাধ্যমত এনেধৰণৰ সজাগতাৰ দিশবোৰ প্ৰচাৰ কৰিলেহে পথ দুৰ্ঘটনা হ্ৰাস কৰিব পৰা যাব বুলি ভাষণত উল্লেখ কৰে৷ সভাত শ্ৰমিক সকলৰ হৈ তুলসী মাহিলী, পিংকি ঘাটোৱাৰে নিজৰ অভিমত ব্যক্ত কৰে। সভাত লেপেটকটা চাহ বাগিচাৰ ডেপুটি মেনেজাৰ দিবাকৰ বেন্নেট, বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজদীপ চহৰীয়াকে ধৰি বাগিচাখনৰ এচিএমএছৰ প্ৰাথমিক শাখাৰ বিষয়ববীয়া-কৰ্মচাৰীসকল আৰু জিলা পৰিৱহণ বিষয়াৰ কাৰ্যালয় আৰু লোকনিৰ্মাণ বিভাগৰ কৰ্মচাৰীও উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *