...

ডিব্ৰুগড়ত নর্থ ইষ্ট ভেটাৰ্ন মহিলা বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত

Spread the love

ডিব্ৰুগড়ত নর্থ ইষ্ট ভেটাৰ্ন মহিলা বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত

চাইন অন ডেস্ক:

ডিব্ৰুগড় ভেটাৰ্ণ মহিলা বেডমিণ্টন ৱিঙৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত ১৮ আৰু ১৯ জানুৱাৰীত অনুষ্ঠিত নৰ্থ ইষ্ট ভেটাৰ্ণ মহিলা ডাবলছ বেডমিণ্টন প্ৰতিযোগিতাৰ সফল সমাপন ঘটে। ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত এই প্ৰতিযোগিতাত ৪৮ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। উত্তৰ পূৰ্বাঞ্চলত পোন প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাৰ ৪৫ বছৰৰ উৰ্দ্ধৰ শাখাত অৰুণাচল প্ৰদেশৰ বনী য়াপো আৰু য়ানে কামছাৰৰ যুটিয়ে কাৰ্বি আংলঙৰ জেকুইলিন থেৰণপি যুটিক পৰাস্ত কৰি চেম্পিয়ন হয়। এই শাখাত মিজোৰামৰ কে. লালৱামপুলি আৰু পন্টি লালৰামটোলুংগী তথা ডিব্ৰুগড়ৰ ডলী ডেকা আৰু প্ৰজ্বলিতা বৰুৱা তৃতীয় হয়। ৪০ বছৰৰ উৰ্দ্ধৰ শাখাত মিজোৰামৰ লাড়ুহজুৱালি আৰু পন্টি লালৰামটোলুংগীয়ে অৰুণাচল প্ৰদেশৰ বনী য়াপো আৰু য়ানে কামচাৰক পৰাস্ত কৰি চেম্পিয়ন হয়। ৩৫ বছৰৰ উৰ্দ্ধৰ শাখাত মিজোৰামৰ লালডোহজুৱলি আৰু ভেনলালহৰিয়াতপুলি যুটিয়ে অৰুণাচল প্ৰদেশৰ বনী য়াপো আৰু য়ানে কামচাৰক পৰাস্ত কৰি চেম্পিয়ন হয়। ডিব্ৰুগড়ৰ ডলী ডেকা আৰু প্ৰজ্বলিতা বৰুৱা তথা কাৰ্বি আংলঙৰ এপ্ৰিল বায়েপি আৰু ৰত্না গিৰীচা তৃতীয় হয়। বঁটা বিতৰণী সভাত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ শৈকত পাত্ৰ, উপ মেয়ৰ উজ্বল ফুকন, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়া, কাৰ্য্যকৰী সভাপতি মানস জ্যোতি দত্ত, উপ সভাপতি ডাক্তৰ ভাস্কৰ গগৈ, বেডমিণ্টন সম্পাদক সুনীল গগৈ উপস্থিত থাকি বঁটা সমূহ প্ৰদান কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *