নতুন দিল্লী,৭মার্চ: সংযুক্ত আৰব আমিৰ শ্বাহী চমুকৈ ইউ এ ইত পুনৰ দুজন ভাৰতীয়ক ফাঁচী দিয়া হৈছে। দুটা পৃথক হত্যাৰ গোচৰত মৃত্যুদণ্ডাজ্ঞা লাভ কৰা কেৰালাৰ মহম্মদ ৰিণাশ আৰাংগীলটু আৰু মুৰলীধৰণ পেৰুমথাট্টা ভালাপ্পিলৰ শাস্তি অলপতে কাৰ্যকৰী কৰা হয়। দেশখনৰ সর্বোচ্চ ন্যায়ালয়ে দুয়োগৰাকীৰ মৃত্যুদণ্ডাজ্ঞা বাহাল
ৰখাৰ পিচতে দুয়োকে ফাঁচী কাঠত ওলোমোৱা হয় বুলি যোৱা আঠাইশ ফেব্ৰুৱাৰীত ইউ এ ইৰ চৰকাৰে ভাৰতীয় দূতাবাসক অৱগত কৰে। উল্লেখনীয় যে যোৱা পোন্ধৰ ফেব্ৰুৱাৰীত আবুধাবিত এটি চাৰে চাৰিমহীয়া শিশুৰ হত্যাত জৰিত আছিল।