ডিব্ৰুগড় জালান আউটডৰ ষ্টেডিয়ামত চলি থকা অসম প্ৰিমিয়াৰ লীগ ক্লাব চেম্পিয়নশ্বিপৰ প্ৰথমখন ছেমিফাইনেলত ক্ৰিকেট ক্লাব অফ ডিব্ৰুগড়ৰ দলে (চিচিডি) ফ্ৰীডম ক্লাবক এক ইনিংছ আৰু ৩৬১ ৰাণৰ বিশাল ব্যৱধানত পৰাজিত কৰি ফাইনেলত উপনীত হয়। দুদিনীয়া খেলখনৰ প্ৰথমদিনা ফ্ৰীডম ক্লাবে প্রথম ইনিংছত সকলো উইকেট হেৰুৱাই মাত্ৰ ১৩১ ৰাণ সংগ্ৰহ কৰে। চি চি ডিৰ সুনীল লাচিতে ৬টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত, চি চি ডিয়ে
আজি তেওঁলোকৰ প্ৰথম ইনিংছত ৮ টা উইকেট হেৰুৱাই ৫৫০ ৰাণ কৰি ইনিংছ ঘোষণা কৰে। দলৰ তিনিজন বেটাৰে শতক অৰ্জন কৰে। দলৰ হৈ দুতিময় নাথে ১২৩ ৰাণ, এৰিক ৰয়ে ১০৪ আৰু অভিষেক বৰাই ১০৪ ৰাণ কৰে। অপেনাৰ ৰাজীৱ ডুবেয়ে ৮৭ ৰাণ আৰু সুনীল লাচিতে ৬২ ৰাণৰ অৱদান আগবঢ়াই। উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ জালান আউটডৰ ষ্টেডিয়ামত
এতিয়ালৈকে এইয়াই হৈছে এটা ইনিংছত কৰা সৰ্বাধিক স্ক’ৰ। ইয়াৰ পূৰ্বে ২০১৩ চনত জিলা ক্ৰীড়া সন্থাৰ “এ” ডিভিজন লীগত ডিব্ৰুগড় ক্ৰিকেট কোচিং চেণ্টাৰে এটা ইনিংছত ৫১৯ ৰাণ কৰি অভিলেখ গঢ়িছিল। অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত ডিব্ৰুগড় জালান আউটডৰ ষ্টেডিয়ামত চলিত ছিজনত এতিয়ালৈকে ১০ গৰাকী খেলুৱৈয়ে শতক অৰ্জন কৰিছে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.