অসম চৰকাৰক দুখনকৈ ম’বাইল ষ্ট্ৰ’ক ইউনিট প্ৰদান আই চি এম আৰৰ
*চাইন অন ডেস্ক:*
Indian Council of Medical Research চমুকৈ আই চি এম আৰে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত অসম চৰকাৰক দুখনকৈ ম’বাইল ষ্ট্ৰ’ক ইউনিট (এম এছ ইউ) প্ৰদান কৰে। সময়মতে আৰু ফলপ্ৰসূ জৰুৰীকালীন ষ্ট্ৰোক চিকিৎসা প্ৰদান কৰাৰ লক্ষ্যৰে কাৰ্যক্ষম হৈ থকা দুখন এই এম এছ ইউ ক্ৰমে অসম চিকিৎসা মহাবিদ্যালয় আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয় তথা হস্পিটেলত ২০১৯ বৰ্ষৰ পৰা আই চি এম আৰৰ পুঁজিৰে চলি থকা এক পাইলট প্ৰকল্পৰ অংশ আছিল । এই পাইলট প্ৰকল্প শেষ হোৱাৰ পিছতে ষ্ট্ৰোকৰ ভয়াৱহতা প্ৰতিহত কৰি নৱ- জীৱনৰ সঞ্চাৰ কৰাৰ উদ্দেশ্যে আই চি এম আৰে এই বিশেষভাৱে সজ্জিত এম্বুলেন্সসমূহ অসম চৰকাৰক গতাই দিয়ে । এই এম এছ ইউ সমূহত অন-ব’ৰ্ড চিটি স্ক্যানাৰ, পইণ্ট অৱ কেয়াৰ ডায়েগনষ্টিকছ, টেলিমেডিচিন সংযোগ আৰু প্ৰশিক্ষিত ষ্ট্ৰোক দল সংযুক্ত কৰা আছে যাৰ ফলত চিকিৎসালয়ত উপস্থিত হোৱাৰ পূৰ্বেই ষ্ট্ৰোকৰ আগতীয়াকৈ নিদান, দ্ৰুত সিদ্ধান্ত লোৱা আৰু থ্ৰম্ব’লাইছিছ আৰম্ভ কৰা সম্ভৱ হয় ।
এই অত্যাধুনিক ম’বাইল ষ্ট্ৰ’ক ইউনিটৰ ব্যৱহাৰে ষ্ট্ৰ’ক ত আক্ৰান্ত জনক জৰুৰীকালীন সেৱা প্ৰদান কৰি স্বাস্থ্যসেৱাক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিব । আজিৰ এই অনুষ্ঠানটোত নতুন
দিল্লীৰ আইচিএমআৰৰ সঞ্চালক ড০ ৰাজীৱ বাহল,আইচিএমআৰ মুখ্য কাৰ্যালয়ৰ এনচিডি বিভাগৰ মুৰব্বী ডাঃ আৰ এছ ধলিৱাল,ড° মীনাক্ষী শৰ্মা, বিজ্ঞানী জি, আইচিএমআৰ আৰ এম আৰ চিৰ সঞ্চালক ড০ সুমন কানুংগো,অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতি , ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰা,
ড° প্ৰশান্ত বৰা, বিজ্ঞানী এফ, আৰ এম আৰ চিৰ ড° বিনোদ শৰ্মা,এইচ অ’ ডি আৰু অধ্যাপক, স্নায়ু বিজ্ঞান বিভাগ, ডাঃ কমল ৰাজখোৱা, স্নায়ুবিজ্ঞান বিভাগৰ অধ্যাপক, ড° এল স্বস্তিচৰণ, ডিডিজি আৰু সঞ্চালক ইএমআৰ, MoHFW,
,ডাঃ দ্বিজেন দাস, সহযোগী অধ্যাপক তেজপুৰ চিকিৎসা মহাবিদ্যালয়, ডাঃ জেকব জোকে প্ৰমুখ্য কৰি অসম চৰকাৰৰ আন বিষয়া, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, ডিব্ৰুগড়ৰ বিষয়া – কৰ্মচাৰী উপস্থিত থাকে।