...

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে কোনে চলাইছে অপপ্ৰচাৰ?

Spread the love

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে কোনে চলাইছে অপপ্ৰচাৰ?

নতুন দিল্লী, ১৯ জানুৱাৰীঃ

আমাৰ দৃষ্টিগোচৰ হৈছে যে- কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী লেটাৰহেড আৰু ভুৱা স্বাক্ষৰ থকা এখন চিঠি দুষ্কৃতিকাৰীয়ে কু-অভিপ্ৰায়েৰে প্ৰচাৰ কৰি আছে। এয়া উদ্দেশ্য প্ৰণোদিতভাৱে কৰা জালিয়াতি আৰু চৰকাৰী পৰিচয়ৰ অপব্যৱহাৰৰ সৈতে জড়িত এক গুৰুতৰ অপৰাধ। ইয়াৰ জৰিয়তে ন্যস্ত স্বাৰ্থজড়িত মহলে ভুল তথ্য বিয়পাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পদমৰ্যাদাক বদনাম কৰিবলৈ পাকে-প্ৰকাৰে প্ৰচেষ্টা চলাইছে। এই বিষয়ত ইতিমধ্যে এজাহাৰ দাখিল কৰা হৈছে, আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহক অগ্ৰাধিকাৰ ভিত্তিত গোচৰটোৰ তদন্ত আগবঢ়াই দায়ীসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনোৱা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ কাৰ্যালয়ে স্পষ্ট কৰি দিয়ে যে উক্ত চিঠিখন আৰু ইয়াৰ বিষয়বস্তু সম্পূৰ্ণ ভুৱা আৰু জনমানসত হেয় প্ৰতিপন্ন কৰাৰ উদ্দেশ্যৰে ৰচনা কৰা হৈছে। জনসাধাৰণ আৰু সংবাদ মাধ্যমক এনে প্ৰৱঞ্চনামূলক বিষয়ত ভোল নাযাবলৈ বা প্ৰচাৰ নকৰিবলৈ আৰু কেৱল চৰকাৰী উৎসৰ জৰিয়তেহে তথ্য পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *