...

*কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভাৰ প্ৰস্তুতি*

Spread the love

*কলিয়াবৰৰ মৌচন্দা পথাৰত প্ৰধানমন্ত্ৰীৰ বিশাল জনসভাৰ প্ৰস্তুতি*

#কাজিৰঙাত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে

মৌচন্দা পথাৰৰ পৰা ঋতু পৰ্ণ শৰ্মা,১৬ জানুৱাৰী :-

নগাঁও জিলাৰ কলিয়াবৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কলিয়াবৰ চিলাবন্ধা গাঁৱৰ মৌচন্দা পথাৰত অহা ১৮ জানুৱাৰী(ৰবিবাৰ)ত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সন্বোধন কৰিবলগীয়া বিশাল জনসভাখনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে ৷ জানিব পৰা মতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ বহুকেইটা উন্নয়নমূলক কামৰ শুভ উন্মোচন কৰাৰ লগতে কাজিৰঙাত প্ৰায় ৭ হাজাৰ কোটি টকাৰ ব্যয়সাপেক্ষে প্ৰায় ৩৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কলিয়াবৰৰ মৌচন্দা পথাৰত এখন বিশাল জনসভাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগমণক কেন্দ্ৰ কৰি বিশাল জনসভাখন সফল কৰি তুলিবলৈ বৰ্তমান ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ নেতা-কৰ্মীসকলে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে ৷ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিবলগীয়া জনসভাখনৰ প্ৰস্তুতিৰ সন্দৰ্ভত ইতিমধ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা মৌচন্দা পথাৰ পৰিদৰ্শন কৰিছে ৷ লগতে অসম চৰকাৰ মন্ত্ৰী পীযুষ হাজৰিকা,মন্ত্ৰী কেশৱ মহন্ত,বিজেপি ৰাষ্ট্ৰীয় সম্পাদক তথা কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,চামগুৰি সমষ্টিৰ বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সাধাৰণ

সম্পাদক দিপ্লুৰঞ্জন শৰ্মা,বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী,অসম গণ পৰিষদৰ নগাঁও জিলাৰ সভাপতি মণিমাধৱ মহন্ত, ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া,সাংগঠনিক সম্পাদক ৰবিন্দ্ৰ ৰাজু,আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিং,ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকলৰ লগতে প্ৰশাসনৰ বিষয়ববীয়াসকল উপস্থিত হৈ জনসভাখনৰ প্ৰস্তুতিৰ সন্দৰ্ভত বুজ লোৱা পৰিলক্ষিত হৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিব লগা উক্ত জনসভাখনত প্ৰায় ১ লাখ ৫০ হাজাৰ লোকৰ জনাসমাগম হ’ব বুলি উদ্যোক্তা সকলে আশা প্ৰকাশ কৰিছে ৷ উক্ত সভাখনৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বুলি জানিব পৰা গৈছে ৷ ১৮ জানুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ উপস্থিতিত কলিয়াবৰৰ মৌচন্দা পথাৰত অনুষ্ঠিত হ’ব লগা জনসভাখনত ৰাইজৰ উপস্থিতি কামনা কৰিছে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *