...

অখিল গগৈক নামনি অসমত তথা সংখ্যালঘু অঞ্চলত এখনো আসন এৰি দিব বুলি মই নাভাবোঁ – ৱাজেদ আলী চৌধুৰী

 

অখিল গগৈক নামনি অসমত তথা সংখ্যালঘু অঞ্চলত

 

এখনো আসন এৰি দিব বুলি মই নাভাবোঁ – ৱাজেদ আলী চৌধুৰী

 

*ধুবুৰী:*

” অখিল গগৈক নামনি অসমত তথা সংখ্যালঘু অঞ্চলত এখনো আসন এৰি দিব বুলি মই নাভাবোঁ।” যোৱাকালি ধুবুৰী ৰাজীৱ ভৱনত এক যোগদান কাৰ্যসূচীত অংশগ্রহণ কৰাৰ পিছত সাংবাদিকৰে হোৱা কথা-বতৰাত এই মন্তব্য কৰে দক্ষিণ শালমাৰাৰ বিধায়ক তথা জ্যেষ্ঠ

কংগ্ৰেছী নেতা ৱাজেদ আলী চৌধুৰীয়ে। ল’গতে চৌধুৰীৰ কটাক্ষ, “পাৰ্লিয়ামেন্ট প্ৰেকটিচৰ এটা নিয়ম নীতি আছে, তেওঁ এনেয়ে উঠে। তেওঁৰ জনপ্ৰিয়তা অৰ্জন কৰিবলৈ, ৰাইজে চাই আছে, অখিল গগৈ খুব ভাল ৰাইজৰ হৈ কথা পাতে। কিন্তু, আমিহে জানো। আমাৰ দলত নিয়ম আছে, কোন কেতিয়া উঠিব সেয়া লৈ পাৰ্টিৰ হুইপ থাকে; হুইপ মতে আমাৰ বিধায়ক সকল উঠি কথা কয়। কিন্তু, তেখেতৰ হুইপ নালাগে, ৱান মেন শ্ব’! তেওঁৰ যেতিয়া ইচ্ছা তেতিয়াই উঠে, সেইটো নিয়ম নহয়। সেই কাৰণে প্ৰতিবাৰে বিধানসভাৰ পৰা তেখেতক বহিস্কাৰ কৰা হয়।”

Leave a Reply

Your email address will not be published. Required fields are marked *