ৰেজাউল কৰিম সৰকাৰক এআইইউডিএফে আঁকোৱালি ল’ব !
ধুবুৰীৰ এআইইউডিএফ বিধায়ক নজৰুল হ’কৰ মন্তব্য
*ধুবুৰী:*
আমছুৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ দলত যোগদান কৰাৰ ২৪ ঘন্টাৰ পিছতেই পদত্যাগ কৰা ৰেজাউল কৰিম সৰকাৰৰ বাবে এআইইউডিএফ দুৱাৰ-খিৰিকি খুলা আছে। এই ভাষ্য এআইইউডিএফৰ ধুবুৰীৰ বিধায়ক নজৰুল হ’কৰ। যোৱাকালি ধুবুৰীৰ হাওৰাৰপাৰত এক সাংগঠনিক সভাত অংশ লোৱাৰ পিছত উপস্থিত সাংবাদিকৰ সন্মুখত এই মন্তব্য কৰে। আনকি, সৰকাৰে এইআইইউডিএফত যোগদান কৰিব বুলি তেওঁত প্ৰতিশ্ৰুতি দিছিল যদিও ৰকিবুল হুছেইন আৰু কেইবাগৰাকী কংগ্ৰেছী নেতাই ফুচুলাই কংগ্ৰেছত যোগদান কৰোৱা বুলিও দাবী হ’কৰ। মিথ্যাচাৰৰ আশ্ৰয় লৈ ৰেজাউল কৰিম সৰকাৰক কংগ্ৰেছে অপমানিত আৰু অবহেলা কৰা বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে তেওঁ। আনকি, সৰকাৰৰ সৈতে হোৱা সাক্ষাৎ হোৱাৰ সময়ত সংখ্যালঘুৰ হকে কথা কোৱা বাবে শেৰমান আলী আৰু চিদ্দিক আহমেদ এগৰাকী নিলম্বিত আৰু আন গৰাকীয়ে মন্ত্ৰীত্ব হেৰুওৱা উদাহৰণ দি, কংগ্ৰেছত গলে সংখ্যালঘুৰ হকে কথা কব নোৱাৰিব বুলি সকীয়াই দিয়া বুলিও দাবী বিধায়ক হ’কৰ। লগতে, কংগ্ৰেছক তীব্ৰ সমালেচনা কৰি তেওঁ আৰু কয় যে, “তেওঁলোকৰ বাধা আছে, যদি সংখ্যালঘুৰ পক্ষত কথা কয় হিন্দু ভোট মাইনাচ হয়।
যি দলৰ সৎ সাহস নাই, ধৰ্মনিৰপেক্ষ বুলি কৈ থাকে, এই দলৰ কি অৱস্থা! আজি চেকুলাৰ বুলি কয়, ধৰ্মনিৰপেক্ষ বুলি কয়, আমি সকলো জাতিৰ কাৰণে কাম কৰোঁ।” লগতে নজৰুল হ’কৰ গৌৰব গগৈ লৈ প্ৰত্যাহ্বান, “গৌৰৱ গগৈক আহ্বান জনাইছিল – এই অমানবীয় উচ্ছেদক লৈ সংসদত বক্তব্য ৰাখক, মানুহখিনিৰ হৈ কথা কওক; ডিটেনচন কেম্পত ইছলাম ধৰ্মৰ লোক এতিয়াও আঢ়ৈ-তিনি লাখ আছে, তেখেতসকলক মুকলি কৰি আনক; ডি-ভোটাৰ ৰূপে যি ৭ লাখ মানুহ আবদ্ধ হৈ আছে, প্ৰকৃত ভাৰতীয় নাগৰিক – গৌৰৱ গগৈৰ সাহস আছে নেকি এইবোৰ বিষয় লৈ সংসদত কৈ মোকলাবলৈ!’ লগতে, বিধায়ক গৰাকীৰ মন্তব্য, “কংগ্ৰেছৰ অৱস্থা বেয়া। আমি ৰেজাউল কৰিম সৰকাৰক আহ্বান জনাইছোঁ, যদি তেখেত আমাৰ দললৈ আহে, আমি তেখেতক আঁকোৱালি ল’ম।