...

ডিব্ৰুগড়ক চিৰসেউজ কৰাৰ প্ৰচেষ্টা ৰাধেশ্যাম গোৱেংকাৰ পৰলোক

Spread the love

ডিব্ৰুগড়ক চিৰসেউজ কৰাৰ প্ৰচেষ্টা

 

ৰাধেশ্যাম গোৱেংকাৰ পৰলোক

সুমন দত্ত

ডিব্ৰুগড়ত গছ পুলি ৰোপণ কৰি সেউজীকৰণ কৰাৰ প্ৰচেষ্টা যিগৰাকী ব্যক্তিয়ে আৰম্ভণি কৰিছিল সেই ব্যক্তি গৰাকীয়েই আছিল ৰাধেশ্যাম গোৱেংকা ডাঙৰীয়া। একান্ত নিজস্ব প্ৰচেষ্টাৰে ডিব্ৰুগড় চহৰখনক সেউজীকৰণ কৰিবলৈ অন্তঃকৰণেৰে লাগি থকা ডিব্ৰুগড় জ্যোতিনগৰৰ ৰাধেশ্যাম গোৱেংকা ডাঙৰীয়াই ডিব্ৰুগড় জিলাৰ বৰবৰুৱাত জন্মগ্রহণ কৰিছিল। তেখেতে কানৈ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণৰ অন্তত চাহ খেতিৰ ব্যৱসায়ত নিজকে জড়িত কৰি পৰবৰ্তীসময়ত ব্যৱসায়ৰ সকলো কাম-কাজৰ পৰিচালনাৰ ভাৰ নিজ পুত্ৰৰ হাতত গতাই দি একাণপটীয়াভাবে নিজকে ব্যস্ত ৰাখিছিল ‘গ্রীণ ডিব্ৰুগড়’ৰ মিছনত। প্রথমাৱস্থাত জ্যোতিনগৰ, সেউজপুৰ, পল্টনবজাৰ, ডিব্ৰুজান আদি অঞ্চলত ৰাস্তাৰ কাষে কাষে কৃষ্ণচূড়াৰ গছ ৰুই আৰু তাৰ প্ৰতিপালন কৰি ডাঙৰ কৰাৰ অন্তত এই মিছন ডিব্ৰুগড় চহৰখনৰ অন্যান্য ক্ষেত্ৰলৈকো তেওঁ প্ৰসাৰিত কৰি তুলিছিল । ৰাধেশ্যাম গোৱেংকা ডাঙৰীয়া প্রকৃতিৰ প্ৰতি ইমানেই একাত্ম হৈ পৰিছিল যে ডিব্ৰুগড় চহৰক সেউজকৰণ কৰাৰ প্ৰচেষ্টাত প্রয়োজন হোৱা গছপুলিসমূহ তেওঁ নিজে পচাই পুলি উৎপাদন কৰাৰ লগতে সেই পুলি প্রয়োজন সাপেক্ষে অন্যসকলকো যোগান দিছিল । তদুপৰি নিজে ৰোৱা পুলিসমূহ জীৱজন্তুৰ পৰা ৰক্ষা কৰি এটা পৰ্যায়লৈ ডাঙৰ কৰিবলৈ তেওঁ নিজে সকলোধৰণৰ যতনো লৈছিল । আনকি নিজৰ খৰচতে তাৰ বেৰাও নিৰ্মাণ কৰি দিছিল ।

 

বিগত সময়ছোৱাত তেওঁৰ নিৰলস প্রচেষ্টাতে ইতিমধ্যে ডিব্রুজান আৰু জ্যোতিনগৰৰ সমূহ বাট-পথ কৃষ্ণচূড়া গছেৰে সেউজীয়া হৈ পৰিছে। এইগৰাকী প্রকৃতি প্রেমীয়ে নিজস্ব প্রচেষ্টাত কোনো দল, সংগঠন বা প্রশাসনৰো সহায় নোলোৱাকৈ সকলো কাম নিজেই নিজৰ খৰচত তদাৰক কৰি আহিছিল । পৰিৱেশ সংৰক্ষণ আৰু নগৰীয়া বহনক্ষমতাৰ বাবে জীৱন উছৰ্গা কৰা গোয়েংকা ডাঙৰীয়াই ডিব্ৰুগড়ত এক লাখৰো অধিক গছপুলি ৰোপণ কৰি দেখুৱাইছিল প্রকৃতিপ্ৰেমৰ নিদৰ্শন। তেওঁৰ কৰ্মৰাজিৰ বাবেই বিষান লাল আগৰৱালা মেম’ৰিয়েল এৱাৰ্ড, লায়ন্স শতাব্দী এৱাৰ্ড আদি বিভিন্ন বঁটাৰে সন্মানিত কৰা হয়। ডিব্ৰুগড়ৰ বৃক্ষপ্ৰেমী হিচাপে খ্যাত বিশিষ্ট প্রকৃতিপ্রেমী ৰাধেশ্যাম গোয়েংকাই কালি সামৰিলে জীৱন নাট। বৃক্ষমিত্ৰ নামেৰে পৃৰিচিত এইগৰাকী প্রকৃতিপ্রেমীয়ে মৃত্যুৰ সময়ত পত্নী, তিনি পুত্ৰ-বোৱাৰী, চাৰি নাতিসহ পৰিয়ালৰ লগতে অজস্ৰ গুণমুগ্ধক ইহসংসাৰত এৰি গৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *