...

বিলাসীপাৰাত পুণৰ উচ্ছেদ অভিযান

Spread the love

 

বিলাসীপাৰাত পুণৰ উচ্ছেদ অভিযান

 

চাইন অন ডেস্ক:

বিলাসীপাৰাত পুণৰ চলিল উচ্ছেদ অভিযান। চৰুৱাবাখৰা, সন্তোষপুৰ আৰু চিৰাকুটাত চলিছে প্ৰশাসনৰ উচ্ছেদ অভিযান। ইয়াৰ পুৰ্বেও ৩৫০০ বিঘা ভুমিত বেদখল কৰি থকা লোকক উচ্ছেদ কৰিছিল। তাপ বিদ্যুৎ প্ৰকল্পৰ বাবেই প্ৰশাসনে উচ্ছেদ চলাইছিল। এইবাৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটাৰ উচ্ছেদিত অঞ্চলত থকা পট্টাভূমিত চলিল উচ্ছেদ অভিযান।ইতিমধ্যে APDCL ক হস্তান্তৰ কৰা ভূমিত থকা ৯০ টা পট্টাদাৰক প্ৰশাসনে জাৰী কৰিছিল জাননী। প্ৰশাসনে পট্টদাৰ সকলক ক্ষতিপুৰণ দিয়াৰ লগতে ভুমিও আবন্টন

কৰিছে।তৎসত্বেও উক্ত অঞ্চলৰ পৰা ভুমি এৰি নিদিয়া সকলৰ ঘৰ-বাৰি আজি উচ্ছেদ কৰা হব।
উচ্ছেদ অভিযানক লৈ চৰুৱাবাখৰা, সন্তোষপুৰত প্ৰশাসনৰ যুদ্ধংদেহী তৎপৰতা চলাইছে। প্ৰশাসনে উচ্ছেদস্থলীত সাংবাদিকক প্ৰৱেশ নিষিদ্ধ কৰি দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *