...

দুধনৈত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভা

Spread the love

দুধনৈত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিশাল জনসভা

মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ

দুধনৈ সমষ্টিৰ ২৮হেজাৰ ৯৩ গৰাকী হিতাধিকাৰীক চেক বিতৰণ

*দুধনৈ:*

দুধনৈ মহাবিদ্যালয় খেলপথাৰত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক বিশাল সভা অনুষ্ঠিত হয় ৷ দুধনৈ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা মর্যাদাপূর্ণ অনুষ্ঠানত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত হিতাধিকাৰী সকলৰ মাজত চেক বিতৰণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্য অতিথি হিচাপে অনুষ্ঠানটোত উপস্থিত থাকি ১৫নং দুধনৈ(জনজাতি) বিধানসভা সমষ্টিৰ অন্তৰ্গত মহিলা আত্ম সহায়ক গোটৰ যোগ্য মহিলা হিতাধিকাৰীসকলক নিজহাতে চেক বিতৰণ কৰে ৷ এই আঁচনিৰ জৰিয়তে যোগ্য প্ৰতিজন মহিলা সদস্যাক ১০,০০০ টকাৰ বীজ পুঁজি সহায় হিচাবে প্ৰদান কৰি সৰু-সুৰা ব্যৱসায়, কৃষি, পশুপালন, হস্তশিল্প আৰু অন্যান্য উপার্জনমূলক উদ্যোগ আৰম্ভ কৰিবলৈ উৎসাহিত কৰা হয়। এই আঁচনিখনে মহিলা সকলৰ আর্থিক বিকাশৰ জৰিয়তে আত্মনিৰ্ভৰ অসম গঢ়াৰ পৰিকল্পনা বাস্তবত ৰূপায়ণ হব৷ আজিৰ অনুষ্ঠানত গোৱালপাৰা জিলাত জিলা পৰ্যায়ৰ মনিটৰিং কমিটিৰ অনুমোদনৰ অধীনত ২৮,০৯৩ গৰাকী হিতাধিকাৰী অন্তৰ্ভুক্ত কৰা হ’ব, যাৰ ভিতৰত ২৭,৯৪৭ জন সক্রিয় আত্মসহায়ক গোটৰ সদস্যাক ২৭,৯৪,৭০,০০০

(সাতাইশ কোটি চৌৰানব্বই লাখ সত্তৰ হাজাৰ টকা) প্ৰদান কৰা হ’ব আৰু ১৪৬গৰাকী সক্ৰিয় কেডাৰক ২১,৯০,০০০ (একৈশ লাখ নব্বৈ হাজাৰ টকা) প্ৰদান কৰা হ’ব৷ মুঠ বিতৰণৰ পৰিমাণ ২৮,১৬,৬০,০০০ (আঠাইশ কোটি ষোল্ল লাখ ষাঠি হাজাৰ টকা মাত্র)। এই সহায়ৰ দ্বাৰা অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনস্থ ১৫নং দুধনৈ বিধানসভা সমষ্টিৰ ২,৬৯৫টা আত্ম সহায়ক গোট আৰু ১৭৭টা গ্ৰাম্য সংগঠন উপকৃত হ’ব, যাৰ ফলত দুধনৈ আৰু ৰংজুলি ব্লকসমূহত জীৱিকাৰ ক্ষেত্ৰত উল্লেখযোগ্য উন্নতি সাধিত হ’ব৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী গৰাকেয়ে মুখ্য অতিথিৰ ভাষণত ৰাইজক উদ্দেশ্যি কয় যে- নিৰ্বাচন সমাগত শাসনাধিষ্ঠ চৰকাৰখনে সকলো শ্ৰেণীৰ সহায় হোৱাকৈ বিভিন্ন জনকল্যাণ আঁচনি গ্ৰহণ কৰিছে৷ যাৰ সহায়ত ৰাজ্যৰ সাধাৰণ শ্ৰেণী উপকৃত হৈছে ৷ সেয়েহে আগন্তুক নিৰ্বাচনত বিজেপিৰ সপক্ষে ভোট প্ৰদান কৰিলে চেনি, নিমখ, দাইল বিনা পইচাত উপলব্ধ হব৷ মুখ্যমন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে কংগ্ৰেছে লুঙি, ধূতি, সূতা কম্বল বিতৰণ কৰিছিল তাৰ বিপৰীতে আমি মহিলা সকলক লাখপতি বনাইছো, অৰুণোদয় দিছোঁ৷ ছাত্ৰ-ছাত্ৰী সকলক সহায়ৰ হাত আগবঢ়াইছো ৷ কথা দিয়া মতে যোগ্য জনক চাকৰি দিছো৷ আনহাতে ফেব্ৰুৱাৰী মাহৰ পৰা অৰুণোদয় হিতাধিকাৰীয়ে ৮ হেজাৰকৈ টকা লাভ কৰিব ।

অৰুণোদয় নোপোৱা সকলোকো অৰুণোদয় পোৱাৰ ব্যবস্থা কৰা হব । মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰী সকলে পাব আৰু দুটা কিস্তি। মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে তিনিটাতকৈ অধিক সন্তান জন্ম দিয়াৰ পিছত একাংশই ইয়াক আল্লাৰ দান বুলি কয়। কিন্তু সন্তান জন্ম দিয়াটো কেবল স্বামী-স্ত্ৰীৰ আলোচনাৰ মাজেৰেহে হয়,ইয়াত আল্লাক মিছাতে দোষ দিয়ে৷ আজিৰ অনুষ্ঠানত প্ৰায় ৩৫হেজাৰৰো অধিক লোক উপস্থিত থাকে৷ আজি অনুষ্ঠিত উক্ত অনুষ্ঠানত গোৱালপাৰা জিলাৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল, ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধী, ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, গোৱালপাৰা জিলা পৰিষদৰ সভাপতি মহন্ত ৰাভা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ পৰিচালন সঞ্চালক কুন্টলমণি শৰ্মা বৰদলৈ, গোৱালপাৰাৰ জিলা আয়ুক্ত প্ৰদীপ টিমুং,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মৃগাংক চৌধুৰী, অসম চৰকাৰী বেচা কিনা

নিগমৰ অধ্যক্ষ আব্দুৰ ৰহিম জিব্ৰান, অসম শক্তি বিতৰণ নিগম লিমিটেডৰ সঞ্চালক ড° প্ৰকাশ কাশ্যপ, গোৱালপাৰা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি দীপক কুমাৰ নাথ, গোৱালপাৰা জিলা বিজেপিৰ সভাপতি দীপাংক নাথ, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামী আদিয়ে অংশগ্ৰহণ কৰে। গোৱালপাৰা জিলাৰ দুধনৈ সম-জিলাৰ সমজিলা আয়ুক্ত অৰুণ কুমাৰ ব্ৰহ্ম, গোৱালপাৰা পশ্চিম সমজিলাৰ সম-জিলা আয়ুক্ত নৱজিৎ পাঠক, অতিৰিক্ত জিলা আয়ুক্ত জগদীশ ব্ৰহ্মকে আদি কৰি গোৱালপাৰা জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলে অনুষ্ঠানটোত সক্ৰিয়ভাৱে উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *