...

লাখ-লাখ পৰিভ্ৰমী চৰাইৰ জলকেলি

Spread the love

লাখ-লাখ পৰিভ্ৰমী চৰাইৰ জলকেলি

সৌন্দর্য উপভোগ পথচাৰীৰ

ৰূপহীহাটৰ নগাঁও- নলতলি ৰাজ্যিক ঘাইপথৰ ঔঅনাত

*ৰূপহীহাট:*

বছৰৰ আৰম্ভনিতে প্ৰকৃতিপ্ৰেমী ৰাইজৰ বাবে আছে এটা ভাল খবৰ। আপুনি পৰিভ্ৰমী চৰাই চাই ভাল পায় নেকি। তেতিয়া হলে আৰু এতিয়া যাব নালাগে বেলেগ ঠাইত। এতিয়াৰ পৰা আপুনি ৰূপহীহাটৰ নগাঁও-নলতলি ৰাজ্যিক ঘাইপথৰ ঔঅনাস্থিত জলাশয় সমূহত চাব পাৰিব বিভিন্ন পৰিভ্ৰমী চৰাই। লাখ-লাখ চৰাইৰ জলকেলিত আপোনাৰ মন উৎফুল্লিত হৈ পৰিব। বহু দূৰ দূৰণিৰ পৰা শীতৰ আগমনৰ লগে লগে বিভিন্ন প্ৰজাতিৰ চৰাই ঔঅনাৰ জলাশয় সমূহত জলকেলিৰে সাতুৰি -নাদুৰি চৌপাশ মুখৰিত কৰি তুলিছে। নগাঁও-নলতলি ৰাজ্যিক ঘাইপথত পথচাৰী সকলে পৰিভ্ৰমী চৰাইৰ জলকেলিৰ মনোমোহা সৌন্দর্য পথৰ কাষৰ পৰা উপভোগ কৰিছে। পথচাৰী সকলে নিজৰ মবাইলত বন্ধী কৰিছে পৰিভ্ৰমী চৰাইৰ জলকেলিৰ মনোমোহা দৃশ্য। প্ৰকৃতিপ্ৰেমী ৰাইজে বন বিভাগক এই ঠাইখিনিৰ ওপৰত চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *