নগাঁৱত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহৰ শুভাৰম্ভ
১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈ হ’ব ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ
নগাঁওঃ বিভিন্ন সময়ত বিশেষকৈ শীত কালত ঘন কুঁৱলীৰ তথা অনান্য বিভিন্ন কাৰণত পথ দুৰ্ঘটনাৰ পৰা ৰাইজক সুৰক্ষা দিয়াৰ স্বাৰ্থত ১ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে পালন কৰা হ’ব ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ। সেই উপলক্ষে নগাঁও চহৰৰ বিভিন্ন পথত ৰাইজৰ মাজত পথ সুৰক্ষা সম্পৰ্কে সজাগতা অভিযান আৰম্ভ কৰে নগাঁও জিলা পৰিবহণ বিষয়া কাৰ্যালয়ে ৷ সজাগতা অভিযানত অংশগ্ৰহণ কৰি নগাঁৱৰ পৰিবহণ বিষয়া সীমান্ত বৰাই সুৰা সেৱন কৰি গাড়ী চলোৱাৰ পৰা বিৰত থাকিবলৈ ৰাইজক আহ্বান জনোৱাৰ লগতে হেলমেট পৰিধান কৰি আৰু গাড়ী চলোৱাৰ সময়ত মʼবাইল ফোন ব্যৱহাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়৷
উল্লেখ্য যে পথ সুৰক্ষা সম্পৰ্কে বহু ব্যক্তিয়ে অকালতে পৰিয়ালৰ আত্মীয় স্বজনক হেৰুৱাবলগীয়া হয়। বহুতৰে জীৱন, ঘূণীয়া হৈছে চিৰ জীৱনৰ বাবে ৷ এই অভিযানৰ প্ৰধান উদ্দেশ্যই হৈছে যে পথ সুৰক্ষা আৰু সজাগতা সৃষ্টিৰ জৰিয়তে নগাঁৱত পথ দুৰ্ঘটনা ৰোধ কৰা৷ আজিৰ এই অভিযানৰ সময়ত নগাঁও পৰিবহন প্ৰবৰ্তক বিষয়াসকলৰ লগতে পৰিহবন কাৰ্যালয়ৰ কৰ্মচাৰীসকলো উপস্থিত থাকে ৷ উল্লেখ্য যে মাহজোৰাকৈ চলিব লগীয়া এই ৰাষ্ট্ৰীয় সজাগতা পথ সুৰক্ষা প্ৰতিটো দিনেই বেলেগ বেলেগ স্থানত আয়োজিত হ’ব আৰু এই সজাগতাৰ জৰিয়তে ৰাইজ তথা যুৱক-যুৱতীসকল উপকৃত হ’ব বুলি পৰিবহণ বিষয়া সীমান্ত বৰাই আশা প্ৰকাশ কৰিছে ৷