কোহলিয়ে এতিয়ালৈকে ৩৩৬টা কেচ ধৰিবলৈ সক্ষম
চাইন অ’ন ডেক্স, ৫মার্চ: বর্ণিল কেৰিয়াৰত আন এক অনন্য কৃতিত্ব অর্জন কৰিলে টীম ইণ্ডিয়াৰ তাৰকা ক্রিকেটাৰ বিৰাট কোহলিয়ে। চলিত চেম্পিয়নছ ট্রফীৰ কালি অনুষ্ঠিত ছেমিফাইনেল মেচখনৰ ৪৯ অভাৰত অষ্ট্ৰেলিয়াৰ নাথান ইলিছিৰ কট আয়ত্ত কৰি কোহলিয়ে এদিনীয়া ক্রিকেটত ফিল্ডাৰ হিচাপে সর্বাধিক কেচ আয়ত্ত কৰা খেলুৱৈৰ তালিকাত দ্বিতীয় স্থান অধিকাৰ কৰে। ৩০১খন এদিনীয়াত ১৬১টা কেচ ধৰি কোহলিয়ে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন অধিনায়ক ৰিকি পন্টিঙৰ অভিলেখটো ভংগ কৰে। পণ্টিঙে ১৬০টা কেচ আয়ত্ত কৰিছিল। ইফালে, এই তালিকাৰ শীর্ষস্থানত আছে শ্রীলংকাৰ প্ৰাক্তন মহান খেলুৱৈ মাহেলা জয়াবর্ধনে। বর্ণিল এদিনীয়া কেৰিয়াৰত জয়াৱৰ্ধনেই ২১৮টা কেচ আয়ত্ত কৰিছিল। ইফালে, ১৫৬টা কেচ আয়ত্ত কৰি টীম ইণ্ডিয়াৰ প্রাক্তন অধিনায়ক মহম্মদ আজহাৰউদ্দিনে চতুৰ্থ আৰু নিউজিলেণ্ডৰ প্ৰাক্তন খেলুৱৈ ৰ’ছ টেইলৰে ১৪২টা কট ধৰি পঞ্চম স্থানটো অধিকাৰ কৰি আছে। আনহাতে, আন্তর্জাতিক ক্রিকেটত ফিল্ডাৰ হিচাপে সর্বাধিক কেচ আয়ত্ত কৰা তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয় বিৰাট কোহলি। কোহলিয়ে এতিয়ালৈকে ৩৩৬টা কেচ ধৰিবলৈ সক্ষম হৈছে। কোহলিয়ে ৩৩৪টা কেচ আয়ত্ত কৰা ৰাহুল দ্রাবিড়ৰক অতিক্ৰম কৰে। এই তালিকাত ৪৪০টা কেচ ধৰি জয়াবর্ধনেই শীর্ষস্থান অধিকাৰ কৰি আছে।