অষ্ট্ৰেলিয়াক হৰুৱাই চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত ভাৰত
চাইন অ’ন ডেক্স, ৫মার্চ: অৱশেষত আইচিচিব নকআউট মেচত অস্ট্রেলিয়াৰ বিৰুদ্ধে থকা ব্যর্থতাৰ ধাৰা ভংগ কৰিলে টীম ইন্ডিয়াই। চলিত চেম্পিয়নছ ট্রফীৰ কালি ডুবাইত অনুষ্ঠিত প্রথমখন ছেমিফাইনেলত টীম ইন্ডিয়াই অস্ট্রেলিয়াক ৪ উইকেটত পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰে। মেচখনত টীম ইণ্ডিয়াৰ জয়ৰ মূলতে হ’ল তাৰকা বেটাৰ বিৰাট কোহলিৰ দুর্দান্ত বেটিঙৰ লগতে হার্দিক পাণ্ডিয়াৰ বিস্ফোৰক ৰূপ। মেচখনত কেংগাৰু বাহিনীয়ে জয়ৰ বাবে বান্ধি দিয়া ২৬৫ বানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি প্ৰাৰম্ভিক বিপর্যয় সত্ত্বেও কোহলিৰ অনবদ্য ৮৪ বানৰ লগতে শ্রেয়াছ আয়াৰৰ ৪৫ আৰু লোকেশ ৰাহুলৰ অপৰাজিত ৪২ ৰানৰ সহায়ত টীম ইণ্ডিয়া ৪৮.১ অভাৰত ৬টা উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়। হার্দিক পাণ্ডিয়াই ২৪টা বলত এটা চাৰি আৰু তিনিটা ছয়ৰে ২৮ ৰান কৰি দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। অক্ষব পেটেলে ২৭ ৰানৰ অৰিহণা আগবঢ়ায়। ইনিংছৰ আৰম্ভণি সুখকৰ নাছিল ভাৰতীয় দলটোৰ। দলীয় স্ক’ৰ ৪৩ ৰানত অ’পেনাৰদ্বয় শুভমন গিল আৰু ৰোহিত শর্মাই বিদায় লয়। গিলে ৮ বান আৰু অধিনায়ক ৰোহিতে ২৯টা বলত ৩টা চাৰি আৰু এটা ছয়ৰে ২৮ ৰান কৰে। অবশ্যে কোহলিয়ে আয়াৰৰ সৈতে লগ লাগি তৃতীয় উইকেটত ৯১ ৰান সংগ্ৰহ কৰি দলৰ বিপৰ্যয় ৰোধ কৰে। মেচখনত শ্রেষ্ঠ খেলুৱৈৰ বঁটা লাভ কৰা কোহলিয়ে ৯৮টা বলত ৫টা চাৰিৰে ৮৪ ৰান সংগ্ৰহ কৰে। আউট হোৱাৰ পূর্বে কোহলিয়ে অক্ষৰ পেটেলৰ সৈতে চতুর্থ উইকেটত ৪৪ আৰু ৰাহুলৰ সৈতে পঞ্চম উইকেটত ৪৭ ৰান সংগ্ৰহ কৰি দলৰ জয়ৰ পথ প্রশস্ত কৰি তুলিছিল। ৰাহুলে ৩৪টা বলত ২টা চাৰি আৰু সমসংখ্যক ছয়ৰে ৪২ বান কৰি অপৰাজিত হৈ থাকে।অস্ট্রেলিয়াৰ হৈ নাথান ইলিছ আৰু আদাম জাম্প উভয়ে সর্বাধিক দুটাকৈ উইকেট লাভ কৰে। ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি অধিনায়ক স্টিভেন স্মিথৰ ৭৩, এলেক্স কেৰীৰ ৬১, ট্রেভিছ হেডৰ ৩৯ আৰু মার্নাছ লাবুচানেৰ ২৯ ৰানৰ সহায়ত অস্ট্রেলিয়াই ৪৯.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৬৪ ৰান কৰে। কুপাৰ ক’ন’লীয়ে ০, জ’ছ ইংলিছে ১১ আৰু মেক্সবেলে মাত্র ৭ ৰান কৰে। টীম ইণ্ডিয়াৰ হৈ মহম্মদ ছামিয়ে সর্বাধিক ৩টা, বৰণ চক্রবর্তী আৰু ৰবীন্দ্র জাদেজা উভয়ে ২টা, হার্দিক পাণ্ডিয়া আৰু অক্ষৰ পেটেল উভয়ে এটাকৈ উইকেট লাভ কৰে। উল্লেখ্য যে টীম ইণ্ডিয়াই ২০১১ চনৰ এদিনীয়া বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ পিছৰ পৰা আইচিচিব নকআউট মেচত অস্ট্রেলিয়াৰ বিৰুদ্ধে জয়ৰ মুখ দেখা নাছিল। অবশেষত আজি দীর্ঘদিনীয়া ব্যৰ্থতাৰ অন্ত পেলাই টীম ইণ্ডিয়াই।