...

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ বৰ্ণিল সংগীত যাত্ৰা

Spread the love

 

গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা পাণ্ডে বৰুৱাৰ বৰ্ণিল সংগীত যাত্ৰা

 

আজি পবিত্ৰ মৃত্যু তিথিত শ্ৰদ্ধাঞ্জলী

 

*চাইন অন ডেস্ক:*

২০০২ চনৰ আজিৰ দিনটোতে অন্য এক জগতলৈ যাত্ৰা কৰিছিল এই গৰাকী শিল্পীয়ে। ১৯৩৪ চনৰ ৩ অক্টোবৰ৷ সেই বিশেষ দিনটোতেই  কলকাতাত জন্ম হৈছিল তেখেতৰ। ৰাজপৰিয়ালৰ অন্যতম এক সদস্য হৈও জীৱনশৈলী আছিল অত্যন্ত সাধাৰণ।
প্ৰথমে কলিকতাৰে ‘গোখলে মেম’ৰিয়েল স্কুল’ত আৰু পিছলৈ ‘গৌৰীপুৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়’ত তেখেতে শিক্ষা লাভ কৰিছিল।বিদ্যালয়ত ৰবীন্দ্ৰ সংগীত শিকাৰ বাহিৰে তেখেতৰ সঙ্গীতত নাছিল কোনো আনুষ্ঠানিক শিক্ষা।

পিছে কোন আছিল সেই শিল্পীগৰাকী? এটা বিশেষ কালজয়ী গীতৰ দুশাৰিয়ে নিশ্চিত ভাৱে মনত পেলাই দিব সেই গৰাকী শিল্পীক৷
”দিনে দিনে খসিয়া পৰিবেৰংগিলা দালানেৰ মাটি,গোসাইজী কোন ৰংগে।’
-বহুল প্ৰচলিত এই গোৱালপৰীয়া গীতটো প্ৰাণ পাই উঠিছিল প্ৰখ্যাত গণশিল্পী,প্ৰয়াত প্ৰতিমা পাণ্ডে বৰুৱাৰ কণ্ঠত। গোৱালপৰীয়া লোকগীতৰ অৱিসম্বাদী সাম্ৰাজ্ঞীগৰাকীৰ উক্ত গীতটোৱে উল্লেখ কৰিছে যে কালৰ গতিত সকলো জাহ যায় এদিন। ধ্ৰুৱ সত্য এয়া।

সংগীত নাটক একাডেমী বঁটা বিজয়ী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱাৰ সংগীত সাধনাৰ পীঠস্থান আছিল ধুবুৰী জিলাৰ গৌৰীপুৰৰ মাটিয়াবোগস্থিত ”হাৱা মহল”। মাটিয়াবোগৰ এটা টিলাৰ ওপৰৰ নান্দনিক দৃশ্যাৱলীৰ এই হাওৱা মহলতে ১৯৫৫ চনৰ এক সন্ধিয়া  অসমৰ সংগীত জগতৰ ধ্ৰুৱতৰা গণশিল্পী প্ৰয়াত ভূপেন হাজৰিকাই পোন প্ৰথম বাৰৰ বাবে শুনিছিল গোৱালপৰীয়া গীত। ভূপেন দাৰ আগমন উপলেক্ষে পিতৃ প্ৰয়াত কুমাৰ বাহাদুৰ,প্ৰকৃতীশ চন্দ্ৰ বৰুৱা (হাতী বিশেষজ্ঞ লালজী নামে তেওঁ প্ৰখ্যাত) আয়োজন কৰিছিল এক জলচাৰ। সেই জলচাত ভূপেন হাজৰিকাই গাইছিল তেখেতৰ কেইবাটাও কালজয়ী গীত।

ভূপেন দাই গাইছিল –
”পৰহি পুৱাতে টুলুঙা নাওতেৰংমন মাছলৈ গ’ল।”
”এটি কলি দুটি পাতৰতনপুৰ বাগিছাত।”

“সাগৰ সংগমত কতনা সাতুৰিলোঁ
তথাপিতো হোৱা নাই ক্লান্ত।”

ভূপেন দাৰ গীতৰ পিছত পিতৃ লালজীয়ে বুচু ( প্ৰতিমা পাণ্ডে বৰুৱাৰ পিতৃ আৰু পৰিয়ালৰ লোকে বুচু বুলি মাতিছিল তেখেতক)ক তেখেতৰ “দেশী গান” (ৰাজবংশী ভাষাৰ সেই গীতেই পিছলৈ প্ৰখ্যাত হৈছিল গোৱালপৰীয়া গীত নামেৰে) গাবলৈ অনুৰোধ কৰাত প্ৰতিমাদি প্ৰথমে গাইছিল –

“হস্তীৰ কন্যা হস্তীৰ কন্যা, বামোণেৰে নাৰী, মাতায় নিয়া তাম কলঁসীও, সখী হাতে সোণাৰ ঝাৰী সখীহে, ও মোৰ হায় হস্তীৰ কন্যাৰে, খানিকো দয়া নাই মাহুতেৰে লাগিয়া” সেই প্ৰখ্যাত গোৱালপৰীয়া গীতটো।

প্ৰয়াত প্ৰতিমাদিৰ কণ্ঠত “দেশী গান” শুনি মুগ্ধ হৈছিল প্ৰয়াত গণশিল্পী গৰাকী। আৰম্ভ হৈছিল দুয়ো গৰাকী শিল্পীৰ সংগীতময় যাত্ৰাৰ আৰু  কালজয়ী এই দুই শিল্পীৰ প্ৰচেষ্টাতে ৰাজবংশী সম্প্ৰদায়ৰ দেশী গানে জগত সভাত আত্মপ্ৰকাশ কৰিছিল গোৱালপৰীয়া গীত বুলি।

১৯৫৭ চনত ভাৰতীয় গণনাট্য সংঘৰ অধিবেশনত গুৱাহাটীৰ জজ খেলপথাৰত পোনপ্ৰথমবাৰৰ বাবে প্ৰতিমা পাণ্ড বৰুৱা ভূপেন হাজৰিকা, হেমাংগ বিশ্বাস, দিলীপ শৰ্মা আদিৰ সৈতে একেলগে গীত পৰিবেশন কৰি ৰাজহুৱা সংগীত জীৱন আৰম্ভ কৰিছিল। ১৯৬২ চনত তেখেতে পোনপ্ৰথমবাৰৰ বাবে অল ইণ্ডিয়া ৰেডিঅ’ত “হস্তীৰ কন্যা”, “কেনেহে ৰাধিব তোৰ বিৰহ মন” আৰু “একেবাৰ হৰি বোল মন ৰচনা” গীত পৰিবেশন কৰি শ্ৰোতাৰ সমাদৰ লাভ কৰে। ১৯৭৫ চনত ভূপেন হাজৰিকাৰ উদ্যোগত কলিকতাত প্ৰথমবাৰৰ বাবে গীত বাণীবদ্ধ কৰি প্ৰতিমা পাণ্ডে বৰুৱা এগৰাকী লোকশিল্পীৰূপে প্ৰতিষ্ঠা হোৱাৰ বাট সুগম হৈছিল। ১৯৭৬ চনত তেখেতে আকাশবাণীৰ শিল্পী হিচাবে স্বীকৃতি লাভ কৰিছিল।

২০০২  চনৰ ২৭ ডিচেম্বৰৰ আজিৰ দিনটোতে কালজয়ী এই শিল্পী গৰাকী যাত্ৰা কৰিছিল অইন এখন জগতলৈ।

ইয়াতে, উল্লেখনীয় যে,প্ৰতিমা পাণ্ডে বকুৱাৰ মৃত্যুৰ পিছত গৌৰীপুৰৰ মাটিয়াবোগৰ হাৱা মহলক এক সংগ্ৰহালয়ৰূপে স্থাপন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল তদনান্তীন অসম চৰকাৰখনে। লগতে গোৱালপৰীয়া লোকসংস্কৃতিৰ প্ৰৱাহ বিশুদ্ধতাৰে প্ৰৱাহমান ৰখাৰ স্বাৰ্থত এটি “ইনষ্টিটিউচন” (Institution) গঢ়ি তোলাৰ কথাও কোৱা হৈছিল। কিন্তু কালৰ গতিত সকলো প্ৰতিশ্ৰুতি ফুটুকাৰ ফেণত পৰিণত হৈছিল। কিন্তু, অৱশেষত, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপত আৰম্ভ হৈছিল হাৱা মহলৰ সংৰক্ষণৰ কাম। উল্লেখ্য যে, ২০২২ বৰ্ষৰ ৭ অক্টোবৰৰ দিনা ৰাজ্যিক কেবিনেটে শিল্পী গৰাকীৰ সংগীত সাধনাৰ পীঠস্থান ‘হাৱা মহল’’’কে ধৰি শিল্পীগৰাকীৰ সাংস্কৃতিক অবদান সমূহক ঐতিহ্য কেন্দ্ৰ হিচাপে সংৰক্ষণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা  কেবিনেট বৈঠকত প্ৰয়াত শিল্পীগৰাকীৰ  জীৱন আৰু কীৰ্তি যুগমীয়া কৰাৰ উদ্দেশ্যে ১৫ কোটি টকা ব্যয়সাপেক্ষে এটা সংগ্রহালয় গঢ়ি তোলাৰ বাবে মাটিয়াবাগত ১২ বিঘা ৩ কঠা আৰু ১৮ লেচা মাটি অধিগ্রহণত অনুমোদন জনোৱা হৈছিল। উল্লেখনীয় এয়াও যে,  গৌৰীপুৰ ৰাজপৰিয়ালৰ প্ৰভাত চন্দ্ৰ বৰুৱাই ১৯১৪ চনত গদাধৰ নৈৰ পাৰৰ  মাটিয়াবহ নামৰ সৰু টিলাৰ ওপৰত নিৰ্মাণ কৰিছিল এই ৰাজ-অট্টালিকা সদৃশ মহলটো। পুৰণি গোৱালপাৰা জিলাৰ বহু ইতিহাসৰ সাক্ষী “হাৱা মহল”ক ইতিমধ্যেই অসম চৰকাৰ সাংস্কৃতিক সঞ্চালকালয়ক গতাই দিয়া হৈছে আৰু বৰ্তমানে পূৰ্ণ গতিত চলিছে গোৱালপৰীয়া লোক সংগীতৰ সাম্ৰাজ্ঞী, পদ্মশ্ৰী প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ সংগীত-সাধনাৰ পীঠস্থান, মাটিৱাবোগৰ ‘‘হাৱা মহল’’’ৰ সংৰক্ষণৰ কাম। ধুবুৰীকে ধৰি পশ্চিম অসমৰ ৰাইজৰ লগতে দেশ-বিদেশত তেখেতৰ অনেক অনুৰাগীৰ আশা হাৱা মহলে চিৰযুগীয়া কৰাৰ, প্ৰতিমা পাণ্ডে বৰুৱাৰ স্মৃতি, সৃষ্টিৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *