আজিৰ পৰা বক্সিং ডে’ টেষ্ট
স্পীনাৰ অবিহনে নামিব ঘৰুৱা দল অস্ট্রেলিয়া
মেলব’র্ন:
বক্সিং ডে’ টেষ্টত স্পীনাৰ অবিহনে নামিব অস্ট্রেলিয়া। চলিত এছেজ শৃংখলাৰ চতুৰ্থখন টেষ্ট আজিৰ পৰা মেলব’ৰ্নত অনুষ্ঠিত হ’ব। ইতিমধ্যে ৩-০ৰ অগ্রগতিৰে শৃংখলাটো দখল কৰা ঘৰুৱা দল অস্ট্রেলিয়াই আজিৰ পৰা আৰম্ভহ’বলগীয়া বক্সিং ডে’ টেষ্টত চাৰিজন পেচ বলাৰৰে খেলপথাৰত নামিব। স্থায়ী অধিনায়ক পেট কামিনছৰ অনুপস্থিতিত শৃংখলাৰ অন্তিম দুখন টেষ্টত তাৰকা বেটাৰ স্টিভেন স্মিথে ঘৰুৱা দলটোক নেতৃত্ব দিব।
বক্সিং ডে’ টেষ্টৰ সন্দৰ্ভত অধিনায়ক স্টিভেন স্মিথে কয় যে এডিলেইডত অনুষ্ঠিত তৃতীয়খন টেষ্টত আঘাত পাইছিল নাথান লিয়নে। তেওঁৰ স্থানত টড মাৰফিক দলত অন্তর্ভুক্ত কৰা হৈছিল। কিন্তু মেলব’ৰ্নৰ উইকেটত ঘাঁহ থকাৰ বাবে দলটোত কোনো এজন স্পীনাৰক ৰখাৰ সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই। চাৰিজন পেচ বলাৰৰে টেষ্টখনত কেংগাৰু বাহিনী অৱতীৰ্ণ হ’ব বুলি স্মিথে মন্তব্য কৰে।
Like this:
Like Loading...