দুই জানুৱাৰীত মুখ্যমন্ত্ৰীৰে প্ৰতিবাদকাৰীৰ বৈঠক ধার্য
খেৰণি থানাত অনাকাৰ্বিৰ সৈতেও আলোচনা: ডংকামোকামত ঐক্য-শান্তি সভা
*চাইন অন ডেস্ক:*
পশ্চিম কাৰ্বি আংলঙৰ খেৰণি
অঞ্চলত উত্তেজনা অব্যাহত আছে। অসম চৰকাৰৰ উদ্যোগত কার্বিভূমিৰ পিজিআৰ-ভিজিআৰৰ পৰা অনা কার্বিক উচ্ছেদৰ দাবীৰে ফেংলাপিত আমৰণ অনশনত বহি থকা প্রতিবাদকাৰীসকলে কালি দুপৰীয়াৰ ভাগলৈ অনশন ভংগ কৰে। মুখ্যমন্ত্রীৰ নির্দেশত খেৰণিত গৈ কালিয়ে উপস্থিত হোৱা জনজাতি পবিক্রমা মন্ত্রী ডাঃ ৰণোজ পেগুৱে লিটছন ৰংফাৰৰ নেতৃত্বত আমৰণ অনশনত বহা
প্রতিবাদকাৰীসকলৰ লগত এক বৈঠকত মিলিত হয়। দুই পক্ষৰ মাজত হোৱা বৈঠকৰ অন্তত প্রতিবাদকাৰীসকলে আমৰণ অনশন প্রত্যাহাৰ কৰে। মন্ত্রী পেণ্ডৰ সৈতে এই বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী। আনহাতে, সোমবাৰৰ নিশায়েই ঘটনাস্থলীত উপস্থিত হৈছিল আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিং। প্রতিবাদকাৰীসকলৰ সৈতে আলোচনাত প্রতিবাদকাৰীৰ সৈতে মুখ্যমন্ত্রী পর্যায়ত ত্রিপাক্ষিক আলোচনাৰ প্রস্তাৱ দিয়ে মন্ত্রী ৰনোজ পেণ্ডৱে। সেই অনুসৰি শীঘ্ৰেই ৰাজ্য চৰকাৰ, কার্বি স্বায়ত্তশাসিত পৰিষদ আৰু প্রতিবাদী কার্বি ৰাইজৰ প্রতিনিধিৰ সৈতে কার্বি আংলঙৰ অস্থায়ী বাসিন্দা বা অনাকার্বিসকলক কার্বি ভূমিৰ পৰা উচ্ছেদ চলোৱাৰ প্ৰসংগত ত্রিপাক্ষিক বৈঠকত মিলিত হ’ব বুলি প্রতিশ্রুতি দিয়ে ডাঃ ৰণোজ পেণ্ডৱে। বৈঠকৰ পিছত ডাঃ ৰণোজ পেণ্ডৱে কয় আজি মই কার্বি আংলং জিলাত আহি
উপস্থিত হৈছোঁ। কার্বি ৰাইজে যোৱা ৬ ডিচেম্বৰৰ পৰা অনশন কৰিছে। অনশনত তেওঁলোকৰ কেইবাটাও দাবী আছে। সেই অনশনৰ ফলস্বৰূপে কালি পুৱতি নিশা চিকিৎসাৰ কাৰণে অনশনকাৰীসকলক গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয়। তাৰ পিছতেই এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হয়। সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত মন্ত্রী ডাঃ ৰণোজ পেণ্ডৱে আৰু কয় যে সমগ্র ঘটনা সন্দর্ভত অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীক লগত লৈ কার্নি ৰাইজৰ লগত আলোচনাত মিলিত হৈছোঁ আৰু অসম
চৰকাৰৰ তৰফৰ পৰা মই তেওঁলোকক অনুৰোধ জনাওঁ যে অসম চৰকাৰ জনজাতিসকলৰ সমস্যা, তেওঁলোকৰ ভূমিৰ অধিকাৰক লৈ খুবেই সংবেদনশীল আৰু সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰে ধাৰাবাহিকভাবে পদক্ষেপ লৈ আহিছে। কার্বি আংলঙৰ ভূমিৰ সমস্যাটো কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে চোৱাচিতা কৰে। কাৰণ, সাংবিধানিকভাৱে লেণ্ড ৰেভিনিউ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদক দিয়া হৈছে। ৰাজ্য চৰকাৰৰ ইয়াত ভূমিকা নাথাকে। সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্রতিনিধি পেগুৱে চৰকাৰৰ ইচ্ছা সন্দৰ্ভত কয়- এই সমস্যাটো কেবল পিজিআৰ-ভিজিআৰৰ সমস্যা নহয়। তাৰ লগত কার্বিসকলৰ অস্তিত্ব সন্দর্ভত বহুত বিষয় জড়িত আছে। এই কথাটো আমাক প্রতিবাদকাৰীসকলে জনাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত মই তেওঁলোকক জনাও যে অসম চৰকাৰে এই সন্দর্ভত ত্রিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব। ইয়াত ৰাজ্য চৰকাৰ, স্বায়ত্তশাসিত পৰিষদ আৰু আন্দোলনকাৰী বাইজৰ প্রতিনিধি থাকিব। বৈঠক অনুষ্ঠিত হোৱালৈকে তেওঁলোকৰ আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিবলৈ মই আহ্বান জনাইছোঁ। মোৰ আহ্বানৰ প্রতি সঁহাৰি জনাই তেওঁলোকে আন্দোলনৰ কাৰ্যসূচী স্থগিত বাগিছে। এই বছৰতে, মাহটোৰ ভিতৰতে আমি ত্রিপাক্ষিক বৈঠকখন অনুষ্ঠিত কৰিম। উল্লেখ্য যে মন্ত্ৰীগৰাকীৰ আহ্বানৰ পিছত প্রতিবাদকাৰীসকলে আমৰণ অনশন কার্যসূচী প্রত্যাহাৰ কৰে যদিও খেৰণিত পৰিস্থিতি উত্তপ্ত হৈ থাকে। কার্বি প্রতিবাদকাৰীসকলৰ লগতে অনাকাৰ্বিসকলৰ শিলগুটি নিক্ষেপ, বাসগৃহ, দোকান-পোহাৰ, বজাৰ
আদিত ব্যাপক মাত্রাত অগ্নিসংযোগ, আৰক্ষীৰ গুলীচালনা, কন্দুৱা গেছ নিক্ষেপ, লাঠীচালনা আদিব মাজত খেৰণিৰ সমগ্ৰ পৰিৱেশ উত্তপ্ত হৈ থাকে। সন্ধিয়াৰ ভাগলৈ পৰিস্থিতি অধিক অবনতি ঘটে যাৰ ফলত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয়। ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত বক্তব্য ৰাখি আৰক্ষীৰ সঞ্চালকপ্রধান হৰমিত সিঙে কয় যে খেৰণিৰ সন্ত্রাসজৰ্জৰ পৰিৱেশ নিয়ন্ত্রণ তথা শান্তিপূর্ণ পৰিৱেশ ঘুৰাই অনাৰ বাবে মুখ্যমন্ত্রী ড° হিমস্ত বিশ্ব শর্মাই নিজেই গুৰুত্ব দিছে আৰু ইয়াৰ বাবে যথোপযুক্ত কার্য ব্যৱস্থা গ্রহণ কৰিছে। কিন্তু অদ্যাপি অঞ্চলটোত একাংশ লোকে পৰিস্থিতি উত্তপ্ত কৰিছে। আইন-কানুন ভংগ কৰিছে। আৰক্ষীক আক্রমণ কৰিছে। প্রতিবাদকাৰীৰ শিলগুটি মোৰ গাতো লাগিছে। দোকানঘৰ জ্বলাই দিছে, তীৰ মাৰিছে। এনেকৈ সমস্যা সমাধান নহয়। শান্তিপূর্ণভারে আলোচনাৰ মাধ্যমেৰেহে সমস্যাৰ সমাধান হ’ব বুলিও আৰক্ষী সঞ্চালকপ্রধানগৰাকীয়ে উল্লেখ কৰি সকলো লোককে শান্তিপূর্ণ পৰিৱেশ ঘূৰাই আনিবলৈ আহ্বান জনায়।