...

কাৰ্বিভূমিত প্ৰতিবাদীৰ ক্ষোভৰ বহিৰ্প্ৰকাশ

Spread the love

 

কাৰ্বিভূমিত প্ৰতিবাদীৰ ক্ষোভৰ বহিৰ্প্ৰকাশ

 

পিজিআৰ-ভিজিআৰ ভূমিৰ পৰা অনা-কাৰ্বিক উচ্ছেদৰ দাবী
আমৰণ অনশনক লৈ ভয়ংকৰ পৰিস্থিতিৰ সূচনা
ডংকামোকামত জ্বলিল চিইএম তুলিৰামৰ ঘৰ
পাৰিষদ পৱন কুমাৰৰ ঘৰলৈও শিলগুটি নিক্ষেপ

 

*বৈঠালাংছ’:*

পশ্চিম কাৰ্বি আংলঙৰ খেৰণি তথা পূব কাবি আংলঙৰ হাওৰাঘাট থানাৰ অন্তৰ্গত উত্তৰ বৰবিলকে ধৰি সমগ্র কাৰ্বি আংলঙৰ পিজিআৰ-ভিজিআৰ ভূমিৰ পৰা অনা-কার্বি লোকক উচ্ছেদ কৰাৰ দাবীবে দীর্ঘদিন ধৰি চলি থকা আন্দোলন-প্রতিবাদী কার্যসূচীয়ে ভয়ংকৰ ৰূপ গ্রহণ কৰে। পশ্চিম কাৰ্বি আংলঙৰ ঘেৰণিৰ কাষৰীয়া ডংকামোকামত কালি আন্দোলন কাৰীয়ে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহত অগ্নিসংযোগ কৰাৰ লগতে সমগ্ৰ খেৰণি অঞ্চলৰ অনা-কাৰ্বি লোকসকলৰ বাসগৃহ ধ্বংস কৰে। ঘটনাৰ বিৱৰণী অনুসৰি, পশ্চিম কাৰ্বি আংলঙকে ধৰি সমগ্র কাবি পাহাৰৰ পৰা অনা-কাৰ্বি লোকক জিলাখনৰ পিজিআৰ-ভিজিআৰ ভূমিৰ পৰা উচ্ছেদ কৰিবলৈ দাবী জনাই আহিছিল কাৰ্বি জনসাধাৰণে। এই সন্দৰ্ভত কার্বি জনগোষ্ঠীৰ এএছডিচি, এপিএ, এপিএইচএলচি দলৰ লগতে অন্যান্য কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল তথা সংগঠনৰ লোকে স্থানীয় নেতা লিটছন ৰংফাৰৰ নেতৃত্বত দল-মত নির্বিশেষে যোৱা ৮ ডিচেম্বৰৰ পৰা ১৬ দিন ধৰি খেৰণিৰ ফেংলাপিত অব্যাহত ৰাখিছিল আমৰণ অনশন কার্যসূচীকে ধৰি অন্যান্য কেতবোৰ প্ৰতিবাদী কাৰ্যসূচী। এই কাৰ্যসূচীৰ মাজতেই কাবি স্বায়ত্তশাসিত পৰিষদৰ তৰফৰ পৰা মুখ্য সচিব মুকুল শইকীয়াই প্রতিবাদী লোকসকলক আলোচনাৰ বাবে এক পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্রত মুখ্য সচিব শইকীয়াই সমগ্র বিষয়টো লৈ আলোচনাৰ বাবে মুখ্য কার্যবাহী তুলিৰাম ৰংহাং আগ্রহী বুলি উল্লেখ কৰিছিল। কিন্তু এই পত্ৰত আলোচনাৰ বাবে কোনো তাৰিখ বা সময়ৰ উল্লেখ নাছিল। এই কথাক লৈ আমৰণ অনশনত অংশগ্ৰহণ কৰা কাৰ্বি লোকসকলে বিশ্বাসত ল’ব পৰা নাছিল স্বায়ত্তশাসিত পৰিষদ কর্তৃপক্ষক। ইয়াৰ মাজতে কালি পুৱতি নিশা প্রায় ৩ বজাত জিলা আৰক্ষীয়ে আমৰণ অনশনত অংশগ্ৰহণ কৰা ৭গৰাকী লোকক থানালৈ লৈ আহে আৰু পৰৱৰ্তী সময়ত তেওঁলোকক চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰে। উক্ত বিষয়ক কেন্দ্র কৰি, বিশেষকৈ গুৱাহাটীলৈ প্ৰেৰণ কৰা লোককেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি এক উৰা বাতৰি বিয়পি পৰে আৰু এনে পৰিস্থিতিত আজি পুৱা খেৰণিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। প্রতিবাদকাৰীসকলে গুৱাহাটীলৈ প্রেৰণ কৰা প্ৰতিবাদী ব্যক্তিকেইজনক অতিশীঘ্রে মুকলি কৰি দিবলৈ দাবী জনাই খেৰণিৰ কপিলী নদীৰ ওপৰত থকা মূল দলংখন অৱৰোধ কৰাৰ লগতে যোগাযোগ ব্যাহত কৰি প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদৰ মাজতে খেৰণিৰ পৰা একাংশ প্রতিবাদকাৰীয়ে ২৫-৩০খন টাটা ম’বাইলত আহি কার্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ ডংকামোকামস্থিত বাসগৃহ অভিমুখে যাত্রা কৰে। প্ৰতিবাদকাৰীসকলে তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহৰ দিশে যাত্ৰা কৰাৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে যদিও প্রতিবাদকাৰী দলটোত জনসমাগম অত্যধিক হোৱা বাবে আৰক্ষীৰ বেৰিকেড ভাঙি তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীসকলে তুলিৰামৰ পৈতৃক বাসগৃহৰ ওপৰত গছ কাটি জাপি দিয়াৰ লগতে ৰংহাঙৰ বাসগৃহত থকা নিৰাপত্তাৰক্ষীৰ বাসগৃহসমূহো জুলাই দিয়ে। কেৱল ইমানেই নহয়, প্রতিবাদকাৰীসকলে নিৰাপত্তাৰক্ষীৰ লগতে জিলা আৰক্ষীৰ ওপৰতো উগ্রমূর্তি ধৰি জঁপিয়াই পৰে। উপায়ান্তৰ হৈ জিলা আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্রণ কৰিবৰ বাবে গুলীচালনা কৰিবলৈ বাধ্য

হয়। যাৰ ফলত তিনিজন প্রতিবাদকাৰী ক্রমে নিউটন টিমুং, বিদ্যাছিং টিছ’ আৰু জাপান গুৰুতৰভাৱে আহত হয়। সমান্তৰালকৈ প্ৰতিবাদকাৰীৰ আক্ৰমণত এগৰাকী আৰক্ষী কনিষ্টবলৰ লগতে জিলা আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বলীন দেউৰীও আহত হয়। প্ৰতিবাদকাৰীসকলৰ এই আক্ৰমণত তুলিৰাম ৰংহাঙৰ পৈতৃক বাসগৃহৰ প্ৰায় ১০ কোটি টকাৰো অধিক সা-সম্পত্তিৰ লোকচান হোৱাৰ লগতে বাসগৃহটো ধ্বংসস্তূপত পৰিণত হয়। প্ৰতিবাদকাৰীসকলে নিৰাপত্তাৰক্ষীসকলৰ বন্দুক-বাৰুদ কেইবাটাও জুইত জাপি দিয়ে। তদুপৰি তুলিৰাম ৰংহাঙৰ বাসগৃহত থকা কেইবাখনো চাৰিচকীয়া বাহন অগ্নিকুণ্ডত জাহ যায়। প্রতিবাদকাৰীসকলে তুলিৰামৰ পৈতৃক গৃহত অগ্নিসংযোগ কৰাই নহয়, খেৰণিৰ স্থানীয় ইএম পৱন কুমাৰৰ বাসগৃহতো আক্রমণ কৰে। তদুপৰি প্ৰতিবাদকাৰীসকলে অঞ্চলটোৰ বহু অনা-কাবি লোকৰ বাসগৃহত আক্রমণ কৰাৰ বাতৰি আহিছে। সম্প্রতি অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত বর্তমানেও হতাহতি চলি থকাৰ বাতৰি আহিছে। ইফালে, কার্বি আংলঙৰ খেৰণি তথা ডংকামোকামকে ধৰি অঞ্চলসমূহত হৈ থকা ঘটনা নিয়ন্ত্ৰণ কৰিবৰ কাৰণে পশ্চিম কাৰ্বি আংলং জিলা প্রশাসনে বিএনএছএছৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰিছে। সেই অনুসৰি অঞ্চলটোত পাঁচজনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব। তাৰ উপৰি কোনোধৰণৰ ৰেলী, অৱস্থান ধর্মঘট আদি হ’ব নোৱাৰিব। কোনোধৰণৰ উত্তেজনামূলক বক্তব্য কোনো লোকে দিব নোৱাৰিব। বৈদ্যুতিন মাধ্যম বা সামাজিক মাধ্যমতো কোনোধৰণৰ প্রবোচনামূলক বক্তব্য কোনো লোকে আগবঢ়াব নোৱাৰিব। আনহাতে ঘটনাৰ গুৰুত্ব বুজি খেৰণিত উপস্থিত হৈছেগৈ আৰক্ষী সঞ্চালকপ্রধান হৰমিত সিং। তাৰ উপৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত পৰিস্থিতিৰ বুজ লোৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হৈছেগৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড। উল্লেখ কৰা প্রয়োজন যে সোমবাৰে পুৱাৰ ভাগতে প্রতিবাদকাৰীৰ আন্দোলনৰ বিষয় লৈ প্রতিক্রিয়া প্রকাশ কৰিছিল স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী তুলিৰাম ৰংহাঙে। সংবাদ মাধ্যমযোগে তেওঁ উল্লেখ কৰিছিল যে প্রতিবাদকাৰীসকলক আটক কৰা হোৱা নাই। উন্নত চিকিৎসাৰ বাবেহে গুৱাহাটীলৈ লৈ যোৱা হৈছে। আনহাতে তুলিৰাম ৰংহাঙৰ বিৰুদ্ধেও প্ৰতিবাদৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। প্রতিবাদকাৰীসকলে বিগত ১৬ দিন ধৰি পিজিআৰ-ভিজিআৰত অনা-কাৰ্বিৰ আগ্রাসনৰ বিষয়টোক লৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ লগতে মুখ্যমন্ত্রী পর্যায়ত এক আলোচনা বিচাৰিছিল যদিও তুলিৰাম ৰংহাঙে এইক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব প্রদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *