...

বৰপেটাৰ চেঙাত ভয়াবহ পথ দুৰ্ঘটনা

Spread the love

 

বৰপেটাৰ চেঙাত ভয়াবহ পথ দুৰ্ঘটনা

থিতাতে নিহত বাইকচালক

 

বৰপেটা:

বৰপেটা জিলাৰ চেঙাত সংঘটিত হৈছে এক ভয়াবহ পথ দুৰ্ঘটনা।
আজি পুৱা চেঙাৰ কিষাণ পেট্ৰল পাম্পৰ সন্মুখত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয়।
নিহত হোৱা লোকজন বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত বৰমাৰা গাঁৱৰ নুৰ মহম্মদ আলী বুলি জানিব পৰা গৈছে।

নুৰ মহম্মদ আলী নামৰ লোকজনে খংৰা দিশৰ পৰা বৰপেটা অভিমুখে বাইকেৰে গৈ থকা অৱস্থাত পেট্ৰ’ল পাম্পটোৰ সন্মুখত ৰখাই থোৱা এখন ট্ৰাকত প্ৰচণ্ড জোৰে খুন্দা মাৰে। ফলত থিতাতে নিহত হয় বাইক চালক নুৰ মহম্মদ আলী।

কিষাণ পেট্ৰল পাম্পৰ সন্মুখত ৰখাই থোৱা মালবাহী ট্ৰাকখনৰ নম্বৰ হৈছে এএচ -০১ডিডি-৯৭৬৩।

দুৰ্ঘটনাত পতিত হোৱা বাইকখনৰ নম্বৰ হৈছে এএচ-০১বি.এইচ-৭২৭৩।

ঘটনাস্থলীত তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জয় কুমাৰ ৰয়ৰ নেতৃত্বত এটি আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।
আৰক্ষীয়ে দুৰ্ঘটনাত পতিত বাইকখন আৰু ট্ৰাকখন উদ্ধাৰ কৰি তাৰাবাৰী থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে ইতিমধ্যেই দুৰ্ঘটনাটোৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *