ডিব্ৰুগড় গ্ৰন্থমেলাৰ বাকৰিত গীতৰ পুথি উন্মোচন আৰু গীতৰ শুভমুক্তি
চাইন অন ডেস্ক:
মিলনজ্যোতি সংঘৰ উদ্যোগত অনুষ্ঠিত হৈ থকা চতুৰ্দশ ডিব্ৰুগড় গ্ৰন্থমেলাৰ অন্তিম দিনা এখন গীতৰ পুথি আৰু এটি গীত শুভমুক্তি লাভ কৰে৷ ডিব্ৰুগড়ৰ এগৰাকী বিশিষ্ট
উদ্যোগী, সাংস্কৃতিক কৰ্মী তথা আবৃত্তিকাৰ মনোজ কুমাৰ গোহাঁইৰ ‘হেঙুলীয়া সপোন’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে ডিব্ৰুগড় আকাশবাণী আৰু দূৰদৰ্শনৰ অনুষ্ঠান মুৰব্বী তথা লেখক লোহিত ডেকাই৷ আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ব্যৱস্থাপনা বিভাগৰ সহযোগী অধ্যাপক ড° আৰাধনা দত্তই ‘দেউতা মোৰ’ শীৰ্ষক গীতটো শুভমুক্তি দিয়ে৷ অনুষ্ঠানত শাস্ত্ৰীয় সংগীতৰ সাধক তথা বিশেষজ্ঞ শাস্ত্ৰীয় সংগীতৰ প্ৰশিক্ষক ইন্দ্ৰনাথ কোঁৱৰ, অসম আদিত্য কাকতৰ সম্পাদক মনজিৎ বৰা আৰু সমাজকৰ্মী তথা মিলনজ্যোতি সংঘৰ উপসভাপতি জ্ঞানপ্ৰকাশ শৰ্মা উপস্থিত আছিল৷ অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ধৰ্মপ্ৰাণা মহিলা সুৱাগী গোহাঁয়ে৷ অনুষ্ঠানটো আঁত ধৰে প্ৰাঞ্জল
পাত্ৰই৷
Like this:
Like Loading...