...

উজনিত ২৬ৰ নিৰ্বাচনী ৰণশিঙা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

Spread the love

উজনিত ২৬ৰ নিৰ্বাচনী ৰণশিঙা বজালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

অবৈধ বাংলাদেশী প্ৰৱজনকাৰীক ৰক্ষণাবেক্ষণ দিছে কংগ্ৰেছে

নামৰূপৰ পৰা জ্যোতিষ পাতিৰ

‘অবৈধ বাংলাদেশী প্ৰৱজনকাৰীক কংগ্ৰেছে ৰক্ষণাবেক্ষণ দিছে। এটা সময়ত কংগ্ৰেছক ৰক্ষণাবেক্ষণ দিয়া অবৈধ বাংলাদেশী প্ৰৱজনকাৰীক কংগ্ৰেছে শেহতীয়াকৈ ৰক্ষণাবেক্ষণ দিছে। অবৈধ বাংলাদেশী প্ৰৱজনকাৰীসকল হৈছে কংগ্ৰেছৰ ভোটবেংক।’ আজি নামৰূপত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত অংশগ্ৰহণ কৰি এই বিস্ফোৰক মন্তব্য কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ২৬ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজিৰ জনসভাৰ জৰিয়তে বজালে নিৰ্বাচনী ৰণশিঙা। উজনি অসমৰ প্ৰায় ১ লক্ষাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা বিশাল জনসভা সম্বোধন কৰি কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰু কয় যে, কংগ্ৰেছে অসমৰ অবৈধভাৱৈ থিতাপি লোৱা বাংলাদেশী প্ৰৱজনকাৰীক ৰক্ষণাবেক্ষণ দিব বিচাৰিছে। কংগ্ৰেছে ভোট বেংক শক্তিশালী কৰাৰ স্বাৰ্থত বাংলাদেশী প্ৰৱজনকাৰীক ৰক্ষণাবেক্ষণ দিছে।

আপোনাৰ অপকাৰ হোৱাটো কোনো গুৰুত্ব নাই কংগ্ৰেছৰ। অসমৰ স্বাভিমান সুৰক্ষিত কৰাৰ ক্ষেত্ৰত কোনো গুৰুত্ব নাই কংগ্ৰেছৰ। তেওঁলোকক কেৱল ক্ষমতা লাগে। ক্ষমতাত থাকি জনতাক লুটি-পুতি কেনেকৈ খাব পাৰি তাৰ চিন্তাত মচগুল হৈ থাকে কংগ্ৰেছে। তেওঁলোকৰ বাবে অতি প্ৰিয় হৈ পৰিছে অবৈধ বাংলাদেশী প্ৰৱজনকাৰীসকল। সেইবাবে ভোটাৰ সংশোধনীত বিৰোধিতা কৰি আহিছে কংগ্ৰেছে। অসমৰ স্বাভিমান আৰু সন্মানৰ ৰক্ষাৰ স্বাৰ্থত বিজেপি চৰকাৰ ঢাল হৈ থিয় দিব বুলি উল্লেখ কৰে।

আনহাতে অসমৰ উন্নয়ন কংগ্ৰেছে নিবিচাৰে বুলি সমালোচনা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে পুনৰ কয়, ভূপেন দাক ভাৰত ৰত্ন দিয়াৰ সময়ত একমাত্ৰ কংগ্ৰেছে বিৰোধিতা কৰিছিল। মোডীয়ে নাচ-গান কৰি থকা মানুহক ভাৰত ৰত্ন দিয়া বুলি উপহাস কৰিছিল কংগ্ৰেছে। এয়া অসমৰ মানুহৰ প্ৰতি কংগ্ৰেছৰ চৰম অপমান নহয় নে? শেহতীয়াকৈ অসমত ছেমিকণ্ডাক্টৰ বনাব লোৱাৰ সময়তো কংগ্ৰেছে বিৰোধিতা কৰিছে। ইফালে চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ বাবে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে যথেষ্ট কাম কৰি থকাৰ কথা উল্লেখ কৰি মোডীয়ে আৰু কয়, চাহ বাগিচাৰ শ্ৰমিকসকলক ৭.৫০ লাখ জন ধন বেংক একাউন্ট খোলাৰ ব্যৱস্থা কৰা হৈছে। বেংকৰ জৰিয়তে লেনদেন কৰিব পৰাকৈ ব্যৱস্থা কৰা হৈছে। চাহ বাগিতা অঞ্চলত বিদ্যুৎ, বিশুদ্ধ খোৱাপানী, স্বাস্থ্য,।যাতায়ত, শিক্ষা আদিৰ সুবিধা প্ৰদান কৰা হৈছে। সৱকা সাথ, সৱকা বিকাশৰ নীতিৰে আগবাঢ়িছে চৰকাৰ। আনহাতে দেশৰ ২৫ কোটি জনতা দৰিদ্ৰতাৰ পৰা মুক্ত হোৱা বুলি উল্লেখ কৰি মোডীয়ে আৰু কয়, বিগত বৰ্ষত দৰিদ্ৰ পৰিয়ালৰ মানুহৰ জীৱনলৈ আমূল পৰিৱৰ্তন আহিছে। প্ৰতি ঘৰে ঘৰে মোবাইল ফোন, টিভি, গাড়ী হৈছে। এই পৰিৱৰ্তন নিজে হোৱা নাই, সশক্তিকৰণৰ জৰিয়তে হৈছে এই বিকাশ। বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰ দৰিদ্ৰ, আদিবাসী আৰু নতুন প্ৰজন্মৰ চৰকাৰ। আমাৰ চৰকাৰে অসমৰ পৰিচয়, স্বাভিমানী সত্ত্বাক বিশ্বৰ বুকুত উজ্বলাই তোলাত গুৰুত্ব আৰোপ কৰি আহিছে। মহাবীৰ লাচিত বৰফুকনৰ ১২৫ ফুট প্ৰতিমা নিৰ্মাণৰ লগতে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰা হৈছে। অসমীয়া গামোচাক বিশ্বৰ দৰবাৰত পৰিচয় কৰোৱাত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা হৈছে। সৌ সিদিনা ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুতিন অহাৰ সময়ত উপহাৰ হিচাপে অসমৰ চাহ উপহাৰ দিয়া হৈছিল। অসমৰ মান-মৰ্যাদাক সকলো ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰা হৈছে। আনহাতে চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ দিব নোৱাৰা কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰি কয়, ইমান বছৰ শাসনত থকা কংগ্ৰেছে ভূমিৰ অধিকাৰ নিদিলে চাহ শ্ৰমিকক। আমাৰ চৰকাৰ অহাৰ পাছত শ্ৰমিকসকলক গৰিমাপূৰ্ণ জীৱন দিলে। আনকি মই নিজেই চাহৱালা হয়। মই যদি চাহ শ্ৰমিকৰ বাবে নকৰোঁ, তেনেহ’লে কোনে কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *