বৰপেটাৰ খাটিয়ামাৰীত জৰাজীৰ্ণ কাঠৰ দলং
যাতায়তৰআহুকাল!পকীকৰণৰ দাবী
বৰপেটা:

প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত কালাইৰদিয়াৰ পৰা সুখোৱাৰঝাৰ সংযোগী আলোপতি-খাটিয়ামাৰী বজাৰৰ গাতে লাগি থকা কাঠৰ দলংখন এতিয়া সম্পূৰ্ণৰূপে জৰাজীৰ্ণ। দলংখন জৰাজীৰ্ণ হোৱাৰ ফলত যাতায়ত ব্যৱস্থাত ভয়াবহ ৰূপ লৈছে।
নদীৰ ওপৰত নিৰ্মিত কাঠৰ দলংখন যিকোনো মূহুৰ্ততে ভাঙি পৰাৰ আশংকা বৃদ্ধি পাইছে।
কোনোমতে দুচকীয়া যান-বাহন চলাচল সম্ভৱ যদিও চাৰিচকীয়া বাহন চলোৱাটো অতি বিপদজনক হৈ পৰিছে।দলংখন মেৰামতি নোহোৱাৰ ফলত কেইবাখনো গাঁৱৰ ৰাইজৰ লগতে বৃহত্তৰ চৰাঞ্চলৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীয়ে দৈনিক যাতায়তত চূড়ান্ত দুর্যোগ ভূগিব লগীয়া হৈছে।উপায়ন্তৰ হৈ স্থানীয় ৰাইজে বাঁহ লগাই কোনোমতে বিধ্বস্ত দলংখন ব্যৱহাৰ কৰি যাতায়ত অব্যাহত ৰাখিছে।স্থানীয় বিধায়ক তথা চৰকাৰৰ ওচৰত জৰাজীৰ্ণ দলংখন অতি শীঘ্ৰে মেৰামতি কৰাৰ লগতে উক্ত স্থানত এখন স্থায়ী পকী দলং নিৰ্মাণ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে অঞ্চলবাসীয়ে।
