...

২২ডিচেম্বৰ (সোমবাৰ)ৰ পৰা অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটৰ উৎপাদন প্ৰক্ৰিয়া পুনৰ আৰম্ভ

Spread the love

 

২২ডিচেম্বৰ (সোমবাৰ)ৰ পৰা অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটৰ উৎপাদন প্ৰক্ৰিয়া পুনৰ আৰম্ভ

 

উৎফুল্লিত কৰ্মচাৰী,শ্ৰমিক আৰু মৰাপাট ব্যৱসায়ীসকল

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা,২০ ডিচেম্বৰ:-

অসম সমবায় মৰাপাট কলে “চুনু এণ্টাৰপ্ৰাইজ”ক ঠিকাভিত্তিক উৎপাদন মৰাপাট কলৰ দ্বিতীয়টো গোটৰ দায়িত্ব দিছিল । শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ মৰাপাট বিক্ৰেতাক সময় মতে ধন দিব নোৱাৰাত “চুনু এণ্টাৰপ্ৰাইজ”ৰ শশী পুৰোহিতে দায়িত্ব এৰি কিছুদিনৰ বাবে আঁতৰি থকাত মৰাপাট কলৰ দ্বিতীয়টো গোট কিছুদিনৰ বাবে বন্ধ হৈ পৰিছিল । ফলত মৰাপাট কলৰ দ্বিতীয়টো ইউনিটৰ প্ৰায় ৩০০ শ্ৰমিকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছিল। কলিয়াবৰৰ বিধায়ক তথা অসম সমবায় মৰাপাট কলৰ পৰিচালক মণ্ডলীৰ সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তৰ হস্তক্ষেপত অসম সমবায় মৰাপাট কল কৰ্তৃপক্ষই কেইবাখনো সভাৰ অন্তত এই সিদ্ধান্ত গ্ৰহণ কৰে । সেই সিদ্ধান্ত মৰ্মে শুক্ৰবাৰে কলিয়াবৰ সম জিলা আয়ুক্তৰ কাৰ্যালয়ত শশী পুৰোহিত উপস্থিত হৈ শ্ৰমিকসকৱৰ মাজত ২২ডিচেম্বৰ (সোমবাৰ)ৰ পৰা অসম সমবায় মৰাপাট কলৰ দ্বিতীয়টো গোটৰ উৎপাদন প্ৰক্ৰিয়া পুনৰ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰে । তাৰ পিছতেই উৎফুল্লিত হৈ পৰে শ্ৰমিকসকল। উৎফুল্লিত কৰ্মচাৰী,শ্ৰমিক আৰু মৰাপাট ব্যৱসায়ীসকলে বন্ধ হৈ থকা গোটটো পুনৰ মুকলি কৰাৰ সিদ্ধান্তক আদৰণি জনায় । কলটোৰ শ্ৰমিক-কৰ্মচাৰীসকলৰ একমাত্ৰ উপাৰ্জনৰ পথ এই কলটোৰ দ্বিতীয়টো গোটৰ উৎপাদন অহা ২২ ডিচেম্বৰৰ পৰা পুনৰ আৰম্ভ কৰাৰ সিদ্ধান্তৰ বাবে কল কৰ্তৃপক্ষক ধন্যবাদ জনায় । আনহাতে ব্যৱসায়ীসকলেও মৰাপাটৰ বকেয়া অনতিপলমে লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য যে,কলটোৰ নতুন গোটটোৰ প্ৰায় তিনিশ মহিলা কৰ্মৰত হৈ আছে । এই প্ৰসংগত এগৰাকী মহিলা শ্ৰমিকে কয়,”সোমবাৰৰ পৰা কলটো পুনৰ খোলা হ’ব । আমাৰ বহুত চিন্তা হৈ আছিল । এতিয়া সেই চিন্তা আঁতৰিল ।”

Leave a Reply

Your email address will not be published. Required fields are marked *