লাহৰীঘাটত অবৈধ মাদ্ৰাছা উৎখাত আৰক্ষীৰ
১৬ টি শিশু-কিশোৰ উদ্ধাৰ কৰি চমজাই দিয়ে চাইল্ড নাইনক
*মৰিগাঁও:*
মৰিগাঁও জিলাৰ লাহৰীঘাটত আৰক্ষীয়ে উৎখাত কৰিলে এখন অবৈধ মাদ্ৰাছা।অবৈধ মাদ্ৰাছা উৎখাত কৰাত স্হানীয় অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে উৎখাত কৰা অবৈধ মাদ্ৰাছাখন টেঙাগুৰি (জুগুনী বিল)ত স্হানীয় ৰাইজৰ অজ্ঞাতে দুই এজনে জহুৰ
উদ্দিনৰ মাটিত চলাই আছিল। গোপন সুত্ৰৰ পম খেদি যোৱা নিশা লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক ড০ দিগন্ত বৰুৱাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দল জুগুনী বিলত থকা অবৈধ মাদ্ৰাছাত উপস্থিত হয়। আৰক্ষীৰ উমান পাই মাদ্ৰাছাত থকা ১৬ টা শিশু কিশোৰ দৌৰি পলায়ন কৰিব বিচাৰিছিল যদিও স্হানীয় ৰাইজৰ সহযোগত শিশু কিশোৰ কেইটাক আৰক্ষীয়ে উদ্ধাৰ কৰে। মাদ্ৰাছাৰ বৈধতাৰ প্ৰমাণ পত্ৰ দেখুওৱা নোৱাৰাত শিক্ষক ছাইফুল ইছলামক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।আৰক্ষীয়ে মাদ্ৰাছাত থকা কিশোৰ আৰু শিক্ষকৰ মবাইল পৰীক্ষা কৰাত পূৰ্ণগ্ৰাফী ভিডিঅ উদ্ধাৰ কৰে। মাদ্ৰাছাত থকা কিশোৰ শিশু সকল কেবাখনো জিলাৰ আছিল বুলি জানিব পৰা গৈছে।মাদ্ৰাছাখনত স্বাস্থ্য সন্মতভাৱে শিশু সকলক থকাৰ ব্যৱস্থা নাছিল। ইতিমধ্যে মাদ্ৰাছাত উদ্ধাৰ কৰা শিশু কিশোৰ কেইটাক চাইল্ড লাইনত চমজাই দিয়ে আৰক্ষীয়ে।উল্লেখ্য যে যোৱা দুমাহ ধৰি স্হানীয় ৰাইজৰ অজ্ঞাতে মাটিৰ মালিক জহুৰ উদ্দিনে দুই এজন লোকক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিশু কিশোৰ সংগ্ৰহ মাদ্ৰাছাখন আৰম্ভ কৰিছিল। স্হানীয় ৰাইজে মাদ্ৰাছা স্হাপনত প্ৰথমৰ পৰাই বাধা প্ৰদান কৰি আহিছে যদিও ৰাইজৰ বাধা আওকাণ কৰি মাদ্ৰাছাখন চলাই আছিল।মাদ্ৰাছাখন ধৰ্মৰ পৰিপন্হী বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰি আহিছিল। অবৈধ মাদ্ৰাছা উৎখাত কৰাত আৰক্ষীৰ এনেধৰণৰ পদক্ষেপক স্হানীয় ৰাইজে প্ৰশংসা কৰে ।ইফালে লাহৰীঘাট সমজিলাৰ আৰক্ষী অধীক্ষক জনোৱা মতে অবৈধ মাদ্ৰাছাখন কোনে কেনেকৈ আৰু কি উদ্দেশ্যত স্হাপন কৰিছে ওপৰত তদন্ত অব্যাহত আছে।