থাইলেণ্ডক হৰুৱাই ইতিহাস ভাৰতীয় মহিলা দলৰ
এছিয়া কাপলৈ যোগ্যতা অর্জন ভাৰতীয় মহিলা ফুটবল দলৰ
এজবাষ্টন:
দীর্ঘদিনীয়া আধৰুৱা সপোন পূর্ণ কৰি এছিয়া কাপ ফুটবললৈ যোগ্যতা অর্জন কৰিছে ভাৰতীয় মহিলা দলে। ৬ জুলাইত অনুষ্ঠিত এখন মেচত থাইলেণ্ডক ২-১ গ’লত পৰাজিত কৰি প্ৰতিযোগিতাখনৰ মূল পৰ্বত খেলাৰ যোগ্যতা অর্জন কৰে ভাৰতে। তিনিখন মেচ খেলি ২২ গ’ল দিয়া ভাৰতীয় দলটোৱে থাইলেণ্ডৰ বিপক্ষে মৰণপণ যুঁজত অৱতীৰ্ণ হৈছিল। গুৰুত্বপূৰ্ণ কথাটো এই যে থাইলেণ্ডৰ মহিলা দলটো ভাৰততকৈ ৰেংকিঙত যথেষ্ট উন্নত।
থাইলেণ্ড দলৰ বৰ্তমানৰ ফিফা ৰেংকিং ৪৬। ইয়াৰ বিপৰীতে ভাৰতৰ ৰেংকিং ৭০। সেইবাবে মেচখন যে ভাৰতৰ বাবে অতিশয় কঠিন আছিল সেই কথা প্রমাণিত হ’ল মেচখনৰ সময়ত। তীব্র প্রতিদ্বন্দ্বিতাপূর্ণ মেচখনৰ ২৪ মিনিটত ভাৰতে গ’ল দিয়াৰ এটি সহজ সুযোগ নষ্ট কৰে। ২৯ মিনিটত দূৰৰ পৰা লোৱা শ্বটেৰে গ’ল দিয়ে সংগীতা বাছফৰে। ৩৫ মিনিটত থাইলেণ্ডে গ’ল দিয়াৰ সুযোগ পাইছিল যদিও ভাৰতীয় গ’লকীপাৰগৰাকীয়ে সেই সুযোগ প্ৰতিহত কৰে।
বিৰতিলৈ ১-০ গ’লত আগবাঢ়ি থকা ভাৰতে দ্বিতীয়াৰ্ধৰ আৰম্ভণিতে নিজৰ ভুলৰ বাবে গ’ল খাবলগীয়া হয়। ইয়াৰ পিছত গ’ল দিয়াৰ বাবে দুয়োটা দলে আপ্রাণ চেষ্টা চলায় যদিও ৭৩ মিনিটত কৰ্মাৰৰ সৎ ব্যৱহাৰ কৰি সংগীতাই ভাৰতৰ হৈ দ্বিতীয় তথা বিজয়সূচক গ’লটো দিয়ে।
উল্লেখ্য যে ২০০৩ চনত অন্তিমবাৰ যোগ্যতাৰ ভিত্তিত ভাৰতে প্রতিযোগিতাখনৰ যোগ্যতা অর্জন কৰিছিল। ২০২২ চনত আয়োজক হিচাপেও এছিয়ান কাপ খেলিছিল ভাৰতে।
