বিশ্ব পৰিবেশ দিৱস উপলক্ষে ডিব্ৰুগড় জিলাৰ আটাইকেইটা বিধানসভা সমষ্টিত “নদীৰ অসুখ” শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন
চাইন অন ডেস্কঃ
সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু পৰিবেশ আৰু বন বিভাগৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে আজি অসমৰ প্ৰতিটো বিধানসভা সমষ্টিতে “বিশ্বব্যাপী প্লাষ্টিক প্ৰদূষণৰ অৱসান” বিষয়বস্তুৰ ওপৰত “নদীৰ অসুখ” শীৰ্ষক বাটৰ নাট প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাৰ অন্তৰ্গত প্ৰতিটো বিধানসভা সমষ্টিতে আজি পৰিবেশ দিৱস উপলক্ষে ওপৰত উল্লেখিত বিষয়বস্তুৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন কৰা হয়।
টিংখাং বিধানসভা সমষ্টিৰ বেতনি চাৰিআলিত প্ৰদৰ্শন কৰা বাটৰ নাটৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী বিমল বড়াই। উক্ত কাৰ্যসূচীত ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, আৰক্ষী অধীক্ষক ভি ভি ৰাকেশ ৰেড্ডী , ডিব্ৰুগড় জিলা বন প্ৰাধীকাৰি বিষয়া নন্দ কুমাৰ, সাংস্কৃতিক উন্নয়ন বিষয়া সুদৰ্শন বড়া প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। বাটৰ নাটৰ পাছত মন্ত্ৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে একোজোপাকৈ গছ পুলি ৰোপন কৰাৰ লগতে উপস্থিত ৰাইজৰ মাজত গছপুলি বিতৰণ কৰে।
আনহাতে, বিশ্ব পৰিবেশ দিৱসত প্ৰকৃতিৰ সুৰক্ষা আৰু জীৱিকাৰ সুযোগ সৃষ্টিৰে গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে কেবিনেট মন্ত্ৰী বিমল বড়াৰ মুখ্য পৃষ্ঠপোষকতাত স্বেচ্ছাসেৱী ন্যাস Growth from Grassroots ৰ উদ্যোগত তথা অসম চৰকাৰৰ হস্ততাঁত-বস্ত্ৰশিল্প, ৰেচম, লোক নির্মাণ (পথ), পঞ্চায়ত আৰু গ্রামোন্নয়ন তথা বন বিভাগৰ সহযোগত লগতে দিহিংচাং বহুমূখী সমবায় সমিতি লিমিটেডৰ তত্ত্বাৱধানত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে টিংখাঙৰ আঘোণীবাৰী-খোৱাংঘাট মথাউৰিৰ পাৰে পাৰে ২২ কি.মি. দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োকাষে এড়ী আৰু কেছেৰু পুলি ৰোপণ কৰা হয়।