...

ভাৰতত বন্ধ হ’ল পাকিস্তানী চেলিব্ৰিটিৰ ইনষ্টাগ্ৰাম একাউণ্ট

Spread the love

ভাৰতত বন্ধ হ’ল পাকিস্তানী চেলিব্ৰিটিৰ ইনষ্টাগ্ৰাম একাউণ্ট

চাইন অন ডেস্কঃ

ভাৰতত বন্ধ হ’ল পাকিস্তানী চেলিব্ৰিটিৰ ইনষ্টাগ্ৰাম একাউণ্ট।
ভাৰতত অভিনেত্ৰী মাহিৰা খান, হানিয়া আমিৰ আৰু আলী জাফৰকে ধৰি জনপ্ৰিয় পাকিস্তানী শিল্পীৰ ইনষ্টাগ্ৰাম একাউণ্ট ব্লক কৰে চৰকাৰে। ত পৰ্যটকক লক্ষ্য কৰি কৰা আক্ৰমণৰ কিছুদিন পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে।

মাহিৰা খান, হানিয়া আমিৰ, আলী জাফৰ, ছানম ছাইদ, বিলাল আব্বাছ, ইকৰা আজিজ, ইমৰাণ আব্বাছ, আৰু সাজল আলী আদি শিল্পীৰ ইনষ্টাগ্ৰাম প্ৰফাইল এতিয়া ভাৰতত উপলব্ধ নহয়। তেওঁলোকৰ পৃষ্ঠাসমূহ চাবলৈ চেষ্টা কৰা ব্যৱহাৰকাৰীসকলক এই বাৰ্তা জনোৱা হয়: “ভাৰতত একাউণ্ট উপলব্ধ নহয়। ইয়াৰ কাৰণ হ’ল আমি এই বিষয়বস্তু নিষিদ্ধ কৰিবলৈ আইনী অনুৰোধ মানি চলিলোঁ।”

উল্লেখযোগ্য যে, ২০১৬ চনত জম্মু-কাশ্মীৰৰ উৰিত থকা ভাৰতীয় সেনাৰ ঘাটিত সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ পিছৰে পৰা কোনো পাকিস্তানী অভিনেতাই ভাৰতীয় চলচ্চিত্ৰ জগতত কাম কৰা নাই। ইফালে, উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু প্ৰচাৰৰ বাবে ১৬টা পাকিস্তানী ইউটিউব চেনেলত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ পিছতে অভিনেতাসকলৰ একাউণ্ট ব্লক কৰাৰ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *