অৱসৰ বিনোদনৰ বাবে যোৱা পৰ্যটকৰ দলক আক্ৰমণ
ইজৰাইলী মহিলা আৰু হোমষ্টেৰ মালিকক ধৰ্ষণ
পানীত উদ্ধাৰ আন এজন পৰ্যটকৰ মৃতদেহ
চাইন অন ডেক্স,৯ মাৰ্চঃ কৰ্ণাটকৰ কপ্পাল জিলাত সংঘটিত এক জঘন্য ঘটনাই কঁপাই গৈছে সমগ্ৰ দেশ। ইজৰাইলী পৰ্যটক আৰু হোমষ্টেৰ গৰাকীক ধৰ্ষণ কৰে দুৰ্বৃত্তই।দুৰ্বৃত্তৰ আক্ৰমণত ওড়িশাৰ এজন পৰ্যটকো নিহত হয়।ঘটনাটো গংগাৱতী তালুকৰ বুলি জানিব পৰা গৈছে।আৰক্ষীয়ে জনোৱা মতে নিশা হোমষ্টেৰ স্বত্বাধিকাৰীৰ সৈতে পৰ্যটকৰ এটা দলে ছানাপুৰ হ্ৰদৰ সমীপৰ খালৰ ওচৰলৈ ফুৰিবলৈ গৈছিল । দলটোত হোমষ্টেৰ স্বত্বাধিকাৰীৰ সৈতে এজন আমেৰিকান পৰ্যটক, এগৰাকী ইজৰাইলী পৰ্যটক আৰু দুজন ঘৰুৱা পৰ্যটক আছিল। তেওঁলোকে নিশা গীটাৰ বজাই অৱসৰ বিনোদন উপভোগ কৰি আছিল।সেই সময়তে তিনি অচিনাক্ত দুৰ্বৃত্তই পেট্ৰ’লৰ বাবে টকা বিচাৰি তেওঁলোকৰ ওচৰলৈ আহিছিল ।
সেই সময়ত দুয়োটা দলৰ মাজত তৰ্কযুদ্ধ আৰম্ভ হৈছিল।সেই সময়ত পৰ্যটকৰ দলটোত থকা তিনিজন পুৰুষক ঠেলি খালত পেলাই দিয়া হৈছিল।অভিযোগ অনুসৰি তাৰ পিছতে ইজৰাইলী মহিলা পৰ্যটক আৰু হোমষ্টেৰ গৰাকীক দুৰ্বৃত্তৰ দলটোৱে ধৰ্ষণ কৰে।খালত পৰি যোৱা তিনিজনৰ ভিতৰত আমেৰিকান পৰ্যটক ডেনিয়েল আৰু মহাৰাষ্ট্ৰৰ পংকজ পেটেলে সাঁতুৰি পলায়ন কৰিবলৈ সক্ষম হয়।ঘটনাটোৱে জিলাখনৰ লগতে দেশত কঁপাই তুলিছে।