চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ড
অথলে গ’ল মিলাৰৰ বিস্ফোৰক অপৰাজিত শতক
দেওবাৰে ডুবাইৰ ফাইনেলত নিউজিলেণ্ডে টীম ইণ্ডিয়াৰে মুখামুখি হ’ব
লাহোৰ,৬মার্চঃ নিউজিলেণ্ডে দ্বিতীয়টো দল হিচাপে চলিত চেম্পিয়নছ ট্রফীৰ ফাইনেলত স্থান নিশ্চিত কৰিছে।কালি লাহোৰত অনুষ্ঠিত দ্বিতীয়খন ৰোমাঞ্চকৰ ছেমিফাইনেলত নিউজিলেণ্ডে দক্ষিণ আফ্রিকাক ৫০ বানত পৰাস্ত কৰে। হাইস্ক’ৰিং মেচখনত নিউজিলেণ্ডে জয়ৰ বাবে বান্ধি দিয়া ৩৬৩ ৰানৰ লক্ষ্যক প্ৰত্যাহ্বান জনাবলৈ আহি ডেভিদ মিলাৰৰ বিস্ফোৰক অপৰাজিত শতকৰ সত্ত্বেও দক্ষিণ আফ্রিকাই নিৰ্ধাৰিত ৫০ অভাৰত ১টা উইকেট হেৰুৱাই ৩১২ ৰান সংগ্ৰহ কৰে। মিলাৰে ৬৭টা বলত ১০টা চাৰি আৰু চাৰিটা ছয়েৰে ১০০ ৰান কৰি অপৰাজিত হৈ থাকে। মিলাৰৰ উপৰি ৰাছি ভান ডাৰ ডুছেনে ৬৯, অধিনায়ক টেম্বা ৰাভুমাই ৫৬ আৰু এইডেন মাৰ্কৰামে ৩১ ৰানৰ অৱদান আগবঢ়ায়। অপেনাৰ বিয়ান বিকেলটনে ১৭, হেনৰিচ ক্লাছেনে ৩ আৰু মুডলাৰে মাত্র ৮ ৰানৰ অৱদানহে আগবঢ়ায়। নিউজিলেণ্ডৰ হৈ মিচেল ছাণ্টনাৰে সৰ্বাধিক তিনিটা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে প্রথমে বেটিং কৰিবলৈ আহি ৰাচিন ৰবীন্দ্ৰ আৰু কেন উইলিয়ামছনৰ দুৰ্দান্ত শতকৰ সহায়ত নিউজিলেণ্ডে নির্ধাৰিত ৫০ অভাৰত ৬টা উইকেট হেৰুৱাই ৩৬২ ৰান সংগ্ৰহ কৰে। ৰবীন্দ্রই ১০৮ আৰু উইলিয়ামছনে ১০২ ৰানৰ অৰিহণা আগবঢ়ায়। দলীয় স্ক’ৰ ৪৮ বানত উইল ইয়ঙৰ (২১) ৰূপত নিউজিলেণ্ডে প্রথমটো উইকেট হেৰুৱাই যদিও ৰবীন্দ্ৰ আৰু উইলিয়ামছনে দ্বিতীয় উইকেটত ১৬৪ ৰান সংগ্ৰহ কৰি দলটোক শক্তিশালী স্থিতিত উপনীত কৰায়। ইপিনে ডাৰিল মিচেলে ৩৭টা বলত ৪৯ আৰু গ্রেন ফিলিপছে ২৭টা বলত অপৰাজিত ৪৯ ৰান কৰে। দক্ষিণ আফ্রিকাৰ হৈ লুংগি এনগিৰিয়ে সর্বাধিক তিনিটা উইকেট লাভকৰে। দেওবাৰে ডুবাইত হ’বলগীয়া ফাইনেল মেচখনত নিউজিলেণ্ডে টীম ইণ্ডিয়াৰে মুখামুখি হ’ব।