...

৭৩ প্ৰবক্তাৰ চাকৰি চাটাই কৰাক লৈ তীব্র প্রতিক্রিয়া

Spread the love
  • অংশকালীন প্রবক্তাই নিযুক্তি পৰীক্ষাত বহিব লাগিবঃ ডাঃ পেগু
  • পলিটেকনিকৰ শিক্ষকক অব্যাহতি দিয়াক লৈ উত্তাল সদনঃবিৰোধীৰ সভাস্থগিত প্রস্তাব

গুৱাহাটী,১৩মার্চঃ অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকৰ ৭৩গৰাকী প্ৰবক্তাক চাটাই কৰাক লৈ সৃষ্টি হোৱা তুমুল বিতৰ্কৰ মাজতে আজি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৰ মন্তব্য- প্রবক্তাসকলে নিয়মীয়া নিযুক্তিৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হওক। তেওঁলোকৰ চাকৰি স্থায়ী নহয়।ইয়াৰ মাজতে আজি সমগ্র বিষয়টো, সন্দর্ভত স্পষ্টীকৰণ দাঙি ধৰি শিক্ষামন্ত্রী ডাঃ পেগুৱে কয় যে প্রবক্তাৰ বাবে নিয়মীয়া নিযুক্তি প্রক্রিয়া আৰম্ভ হৈছে।অংশকালীন প্রবক্তাসকলে নিয়মীয়া নিযুক্তিৰ বাবে আবেদন
কৰক, পৰীক্ষাত অৱতীৰ্ণ হওক আৰু নিযুক্তি লাভ কৰক।শেহতীয়াকৈ উচ্চ শিক্ষা (কাৰিকৰী) বিভাগৰ
অধীনত স্থাপন হোৱা ১১খন পলিটেকনিক আৰু এখন অভিযান্ত্রিক মহাবিদ্যালয়ৰ ৭৩গৰাকী অংশকালীন প্রবক্তাক চাকৰিৰ পৰা চাটাই কৰে। শিক্ষামন্ত্রী ডাঃ পেগুৱে সমগ্র বিষয়টো সন্দর্ভত স্পষ্টীকৰণ দাঙি ধৰি উল্লেখ কৰে যে ২০১৬ চনত অংশকালীন অধ্যাপক আৰু প্রবক্তা হিচাপে এইসকল প্রার্থীক অস্থায়ীভাবে নিয়োগ কৰা হৈছিল।অসম কাৰিকৰী শিক্ষা সেৱা বিধি অনুসৰি পলিটেকনিক আৰু অভিযান্ত্রিক বিদ্যালয়সমূহত
স্থায়ী প্রবক্তা আৰু সহকাৰী অধ্যাপকৰ পদসমূহত অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ জৰিয়তে স্থায়ী ভিত্তিত নিয়োগ কৰিব লাগে।সেইমর্মে এপিএছচিয়ে বিভাগীয় অনুৰোধ সাপেক্ষে অসম অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকসমূহত স্থায়ী ভিত্তিত নিয়োগৰ বাবে ২০১৭ চনৰ ২৫ মাৰ্চতেই ৬৬টা সহকাৰী অধ্যাপক
(কাৰিকৰী), ১৫টা সহকাৰী অধ্যাপক (অকাৰিকৰী), এটা লাইব্রেৰিয়ান, ১১৩টা প্রবক্তা (কাৰিকৰী), ৮৬টা প্রবক্তা (অকাৰিকৰী), ১১টা লাইব্রেৰিয়ান আৰু ৬১টা জ্যেষ্ঠ নির্দেশক পদৰ বাবে বিজ্ঞাপন জাৰি কৰে।পৰৱৰ্তী পৰ্যায়ত অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাবে নিৰ্ধাৰিত পদসমূহ এপিএছচিৰ বাছনিযোগে স্থায়ী ভিত্তিত পূৰণ কৰা হয়।কিন্তু পলিটেকনিকসমূহৰ বাবে অংশকালীন প্রবক্তাসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল
কৰা এক গোচৰৰ বাবে এই নিযুক্তি স্থবিৰ হৈ পৰে। ন্যায়ালয়ে অন্তর্বর্তীকালীন আদেশযোগে অংশকালীন প্রবক্তাসকলৰ চাকৰিৰ ক্ষেত্ৰত আদালতৰ প্ৰয়োজনীয় অনুমতি নোলোৱাকৈ চাকৰিৰ পৰা প্ৰাৰ্থীসকলক আঁতৰাই পঠোৱাত বাধা প্রদান কৰে।আনকি এইক্ষেত্ৰত পৰৱৰ্তী সময়ত কেইবাখনো লেখ আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল হোৱাত ন্যায়ালয়ে ডু নট ডিস্টার্ব নির্দেশেৰে অংশকালীন প্রবক্তাসকলৰ চাকৰি বাহাল ৰাখে।ন্যায়ালয়ে এপিএছচিৰ দ্বাৰা প্ৰকাশিত পলিটেকনিকৰ বাবে নিৰ্ধাৰিত বিজ্ঞাপন খাৰিজ
কৰি উক্ত পদসমূহ পূৰণৰ ক্ষেত্ৰত যথাবিহিত ব্যৱস্থা গ্রহণ কৰিবৰ বাবে নির্দেশ দিয়ে। সেই অনুসৰি ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অসম অভিযান্ত্রিক মহাবিদ্যালয় আৰু পলিটেকনিকত খালী থকা ১০৭ টা সহকাৰী অধ্যাপক আৰু ১৩৭টা প্রবক্তা পদৰ বাবে বিজ্ঞাপন প্রকাশ কৰে শিক্ষা বিভাগে। উক্ত পদসমূহৰ বাবে লিখিত পৰীক্ষা সম্পন্ন হয় যদিও অংশকালীন ভিত্তিত কাম কৰি থকা প্ৰবক্তাসকলে পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰাত নিযুক্তি প্রক্রিয়া স্থবিৰ হৈ পৰে। অৱশ্যে এই আবেদনৰ পিছত আন এক ৰায়যোগে ন্যায়ালয়ে পূৰ্বৰ গোচৰসমূহ খাৰিজ কৰে। ন্যায়ালয়ৰ এই নির্দেশৰ পিছত আছাম ইঞ্জিনীয়াৰিং
ছাৰ্ভিচ ৰিকুইটমেন্ট ব’র্ডে প্রয়োজনীয় প্রক্রিয়া সম্পূর্ণ কৰি বিভাগীয় কর্তৃপক্ষৰ ওচৰত নিৰ্বাচিত প্ৰাৰ্থীৰ তালিকা দাখিল কৰে।সেইমৰ্মে বিভাগে পলিটেকনিকসমূহত খালী থকা পদসমূহত স্থায়ী ভিত্তিত প্রবক্তা নিয়োগ কৰে।কিন্তু যিসকল প্ৰাৰ্থীৰ বিপৰীতে ন্যায়ালয়ে ডু নট ডিষ্টাৰ্ব জাৰি কৰি থৈছিল, সেই পদসমূহ স্থায়ী নোহোৱাকৈ ৰৈ যায়। আনহাতে আছাম ইঞ্জিনীয়াৰিং ছাভিচ ৰিক্রুইটমেন্ট ব’র্ডে অভিযান্ত্রিক মহাবিদ্যালয়ৰ বাবে দাখিল কৰা ১০৫ গৰাকী সহকাৰী অধ্যাপকৰ বিপৰীতে চৰকাৰে যোৱা ১০ ফেব্ৰুৱাৰীত ৯৩ টা পদত নিয়োগ প্রদান কৰিবলৈ সক্ষম হয় যদিও আন ১২ টা পদত ন্যায়ালয়ৰ নিৰ্দেশৰ বাবে নিযুক্তি প্রদান কৰিব
পৰা নাছিল।শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে পূর্বে দি থোৱা ডু নট ডিস্টার্ব আদেশ খাৰিজ কৰে।
যাৰ বাবে যোৱা ৯ মাৰ্চত চৰকাৰে অভিযান্ত্রিক মহাবিদ্যালয়সমূহৰ বাবে ৰৈ যোৱা ১২টা সহকাৰী অধ্যাপকক নিযুক্তি দিবলৈ সক্ষম হয়। ইয়াৰ বিপৰীতে কিন্তু পলিটেকনিকৰ প্ৰবক্তাসকলৰ পদৰ বিপৰীতে ন্যায়ালয়ে জাৰি কৰা ডু নট ডিষ্টাৰ্ব আদেশ খাৰিজ নোহোৱাত এই পদত থকা অংশকালীন প্রবক্তাসকলক তেনেদৰে ৰাখি থোৱা
হৈছে। শিক্ষামন্ত্রীয়ে সমগ্র বিষয়টো সন্দর্ভত ইয়াকো স্পষ্ট কৰে যে আছাম ইঞ্জিনীয়াৰিং ছার্ভিচ ৰিক্রুইটমেন্ট ব’র্ডে ইতিমধ্যে অংশকালীন প্রবক্তাৰ পদসমূহত স্থায়ী নিয়োগৰ বাবে বিজ্ঞাপন প্রকাশ কৰিছে আৰু লিখিত পৰীক্ষাও সম্পন্ন কৰিছে।এই অনুসৰি এই পৰীক্ষাত উত্তীর্ণসকলক স্থায়ী প্রবক্তা হিচাপে নিযুক্তি দিয়া হ’ব। শিক্ষামন্ত্রী ডাঃ পেগুৱে চাটাই হোৱা অংশকালীন প্রবক্তাসকলক আহ্বান জনাই কয় যে তেওঁলোকে যাতে নিয়মীয়া নিযুক্তিৰ বাবে আবেদন কৰে আৰু পৰীক্ষাত অৱতীৰ্ণ হয়। পৰীক্ষাত উত্তীর্ণ হ’লে নিযুক্তিৰ যি প্রক্রিয়া আছে সেই প্রক্রিয়াৰে তেওঁলোককো নিয়মীয়াভাৱে নিযুক্তি প্রদান কৰা হ’ব। মন কৰিবলগীয়া যে ঠিকাভিত্তিক পদসমূহ সর্বোচ্চ ন্যায়ালয়ে দিয়া এক নির্দেশ অনুসৰি ৰাজ্য চৰকাৰে পোনছাটে নিয়মীয়া কৰিব নোৱাৰে।ইয়াৰ বিপৰীতে উক্ত পদসমূহৰ বিপৰীতে বিজ্ঞাপন প্রকাশ কৰিব লাগিব আৰু আবেদন কৰা প্ৰাৰ্থীৰ বাবে লিখিত পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। তাৰ জৰিয়তেহে পদসমূহ নিয়মীয়া কৰিব পৰা যায়।এই বিষয়টোও ইতিমধ্যে মুখ্যমন্ত্রী
ড° হিমন্ত বিশ্ব শর্মাই অসম বিধানসভাত স্পষ্টকৈ উল্লেখ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *