দুৰ্বৃত্বই ৰে’লপথত ৰাখিছিল কাঠৰ টুকুৰা !
লক্ষ্ণৌঃ
উত্তৰ প্ৰদেশৰ হৰদৈ জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা ৷ উজনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ লগতে আন এখন ৰে’ল ৰে’লপথৰ পৰা বগৰোৱাৰ চেষ্টা দুৰ্বৃত্তৰ ৷ অৱশ্যে লোকো পাইলটৰ তৎপৰতাত ৰক্ষা পৰে ৰে’ল দুখন ৷
এই কথা মঙলবাৰে সদৰী কৰিছে উত্তৰ প্ৰদেশ আৰক্ষীয়ে ৷ সোমবাৰে সন্ধিয়া অচিনাক্ত দুষ্কৃতিকাৰীয়ে কিলোমিটাৰ মাৰ্কাৰ ১১২৯/১৪ ত দলেলনগৰ আৰু উমৰতলী ষ্টেচনৰ মাজৰ ৰে’লপথত কাঠেৰে সংযুক্ত কিছুমান তাঁৰ ব্যৱহাৰ কৰি মাটিত সংলগ্ন কৰিছিল বুলি আৰক্ষীয়ে জনায় ।
ৰাজধানী চহৰ দিল্লীৰ পৰা অসমৰ ডিব্ৰুগড়লৈ গৈ থকা ৰাজধানী এক্সপ্ৰেছ (২০৫০৪) ৰ লোকো পাইলটে সন্মুখত এই বাধা দেখি জৰুৰীকালীন ব্ৰেক ব্যৱহাৰ কৰি ৰেলখন ৰখাবলৈ সক্ষম হয় । ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত পাইলটে ৰে’ল বিভাগৰ বিষয়াসকলক অৱগত কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
আনহাতে, ৰাজধানী এক্সপ্ৰেছৰ পিছতে কাঠগোদাম এক্সপ্ৰেছ (১৫০৪৪) নামৰ ৰে’লখনৰ ক্ষেত্ৰতো একে ঘটনা ঘটা দেখা যায় ৷ আৰক্ষীয়ে জনোৱা মতে, লোকো পাইলটৰ সজাগতাৰ বাবেই সম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে দুয়োখন ৰে’ল ৷
সোমবাৰে সন্ধিয়া অধীক্ষক নীৰজ কুমাৰ জাদাউনে ঘটনাস্থলী পৰিদৰ্শন কৰি প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰে । সম্প্ৰতি ৰে’ল আৰক্ষী, ৰে’ল সুৰক্ষা বাহিনী আৰু স্থানীয় আৰক্ষীৰ দলসমূহে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
উল্লেখ্য যে, বিগত এপ্ৰিল মাহত ৰহিমাবাদ-দিলাবৰ্ণগৰৰ মাজত ৰে’ল ট্ৰেকত কাঠৰ টুকুৰা ৰখাৰ ফলত ঘটিছিল অনুৰূপ ঘটনা ৷ চালকৰ বিচক্ষণতাৰ বাবে দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিছিল ছাহৰছা-আনন্দ বিহাৰ গৰীৱ ৰথ (০৫৫৭৭) নামৰ ৰে’লখন ৷ পুনৰায় একেধৰণৰ ঘটনা সংঘটিত হোৱাত ৰে’লযাত্ৰীসকলৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি প্ৰশ্ন উত্থাপন হৈছে ৷