কালৰো কাল!বিপৰীত কাল!
চিলিঙেৰে ঘৰত সোমাল, অভিযানকাৰী দল!
ছাটনা,৬ মার্চ : মধ্যপ্ৰদেশৰ ছাটনা চহৰত আয়কৰ বিভাগে কালি পাঁচটা বৃহৎ ব্যৱসায়িক প্ৰতিষ্ঠানত সমান্তৰালভাৱে তালাচী অভিযান চলায়। পুৱা ৬.৫০ বজাৰ পৰাই আয়কৰ বিভাগে ৰামা গ্রুপ কোম্পানীৰ মালিক ৰাম কুমাৰ, সুদেশ কুমাৰ, নৰেশ গোৱেল, সেনানি গ্ৰুপৰ মালিক সুনীল সেনানি, ঠিকাদাৰ অতুল মালহোট্টা, এটা মিলৰ মালিক সন্তোষ গুপ্তা
আৰু ভগা লোহা-লক্কৰৰ ব্যৱসায়ী তথা ৰিজ’ৰ্টৰ মালিক সীতাৰাম আগৰৱালাৰ ঘৰত তালাচী চলায়। লক্ষণীয় যে তালাচীৰ পূর্বাভাস পোৱাৰ আগতে আয়কৰৰ দলে দৰাঘৰীয়াৰ গাড়ীত উঠি ভাগে ভাগে এই বিশেষ ব্যক্তিকেইজনৰ বাসগৃহত প্ৰৱেশ কৰে। এঠাইত আয়কৰৰ দলক প্ৰৱেশত বাধা দিয়াত দলটোৱে ঘৰৰ চিলিং ভাঙি ভিতৰত প্ৰৱেশ কৰে।অৱশ্যে কি জব্দ কৰিলে সেয়াও জানিব পৰা হোৱা নাই।